প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছাউথ ব্লকত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ অভিনন্দনো গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব শ্ৰী নৃপেন্দ্ৰ মিশ্ৰ, এনএছএ শ্ৰী অজিত ডোভাল, অতিৰিক্ত প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, সচিব শ্ৰী ভাস্কৰ খুলবেকে ধৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সদ্যসমাপ্ত সাধাৰণ নিৰ্বাচনত লাভ কৰা অনবদ্য ফলাফলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সকলোবোৰ কৰ্মচাৰীকে বিগত পাচবছৰে তেওঁলোকে দেখুওৱা কৰ্মনিষ্ঠা তথা ঐকান্তিকতাৰ বাবে প্ৰশংসা কৰে আৰু লগতে ভাৰতৰ নাগৰিকসকলৰ আশা-আকাঙ্খা পূৰণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰাৰ বাবে পূৰ্বতকৈও অধিক পৰিশ্ৰম কৰাৰ বাবেও আহ্বান জনায়।
তেওঁ কয় যে এতিয়া চৰকাৰখনৰ পৰা ৰাইজৰ আশা-আকাঙ্খা যথেষ্ট আছে আৰু এই আকাঙ্খাবোৰেই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মীগোটটোক অধিক সপ্ৰতিভতাৰে কাম কৰাৰ বাবে উদগনি যোগায়।
প্ৰধানমন্ত্ৰীৰ দলৰ প্ৰতিগৰাকী সদস্যৰ অৱদান কৃতজ্ঞতাৰে স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত পাচবছৰ আনকি তেওঁৰ বাবেও এক অভিজ্ঞতা আহৰণৰ উত্তম পাঠ আছিল।
তেওঁ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ সদস্যসকলকো অভিনন্দন জ্ঞাপন কৰে।
******
AKT/KP/RD
Had a wonderful interaction with the entire PMO staff. Thanked them for their hardwork over the last 5 years. Also thanked their family members, who have been very understanding. Emphasised on the importance of teamwork and how it ensures better efficiency and service delivery. pic.twitter.com/iT2MaotX5G
— Narendra Modi (@narendramodi) May 24, 2019