Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জেকিণ্টো নিউছীৰ মাজত টেলিফোনিক বাৰ্তালাপ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোজাম্বিকৰ ৰাষ্ট্ৰপতি ফিলিপ জেকিণ্টো নিউছীৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে।

 

কোভিড-১৯ মহামাৰীয়ে উভয় দেশতে সৃষ্টি কৰা প্ৰত্যাহ্বান সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে এই স্বাস্থ্য সংকটৰ সময়ত মোজাম্বিকলৈ অত্যাৱশ্যকীয় দৰৱ আৰু সা-সজুলি যোগানকে ধৰি অন্যান্য সহযোগিতাৰ আশ্বাস দিয়ে। ৰাষ্ট্ৰপতি নিউছিয়ে দুয়োখন দেশৰ মাজত স্বাস্থ্যসেৱা আৰু ফাৰ্মাচিউটিকেল যোগানৰ ক্ষেত্ৰত থকা ঘনিষ্ঠ সহযোগিতাৰ শলাগ লয়।

 

দুয়োগৰাকী নেতাই অন্যান্য গুৰুত্বপূৰ্ণ বিষয়, যেনে মোজাম্বিকত ভাৰতীয় বিনিয়োগ আৰু উন্নয়ন প্ৰকল্প আদিৰ বিযয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে মোজাম্বিকক আফ্ৰিকাৰ সৈতে ভাৰতৰ সামগ্ৰিক অংশীদাৰিত্বৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আখ্যা দিয়ে। তেওঁ কয় যে মোজাম্বিকৰ কয়লা আৰু প্ৰাকৃতিক গেছ খণ্ডৰ প্ৰতি ভাৰতীয় কোম্পানীৰ বৃহৎ দায়বদ্ধতা আছে।

 

প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ দিশত দেশ দুখনৰদ্বিপাক্ষিক সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। মোজাম্বিকত ভাৰতীয় আৰু ভাৰতীয় মূলৰ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মোজাম্বিক প্ৰশাসনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

 

 

****

VRRK/KP/MS