Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি শ্ৰীযুত আব্দেল ফাটাহ এল-ছিছিয়ে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে বিশ্বত সৃষ্টি কৰা পৰিস্থিতিৰ লগতে দুয়োখন দেশৰ চৰকাৰে দেশ দুখনৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত মত বিনিময় কৰে৷ দুয়োগৰাকী নেতাই এই মহামাৰী ৰোধৰ বেলিকা লাভ কৰা অভিজ্ঞতা আৰু উন্নত অনুশীলনৰ বিনিময়ৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে এই জটিল সন্ধিক্ষণত ভাৰতে অত্যাৱশ্যকীয় ঔষধ-পাতি যোগন সুনিশ্চিত কৰাকে ধৰি ইজিপ্তক সম্ভাব্য সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে৷ তেওঁ ইজিপ্তত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি দেশখনৰ চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবে ৰাষ্ট্ৰপতি ছিছিক ধন্যবাদ জনায়৷

দুয়োগৰাকী নেতাই দেশ দুখনৰ বিষয়াসকলে ক’ভিড-০১৯ সন্দৰ্ভত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ ক্ষেত্ৰত সদায় সম্পৰ্ক ৰক্ষা কৰি যাব বুলি সহমত প্ৰকাশ কৰে৷

***

VRRK/AK/DB