‘‘বিশ্বাস আৰু মিত্ৰতাৰ জৰিয়তে সহযোগিতাৰ নতুন পৰ্যায়ত অৱৰোহণ’’
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণমৰ্মে ৪–৫ ছেপ্টেম্বৰ ২০১৯ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণৰ উদ্দেশ্যে উপস্থিত হয়৷ ভ্লাডিভষ্টকত বিংশতম ভাৰত–ৰাছিয়া বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয়৷ তাৰোপৰি পঞ্চম ইষ্টাৰ্ণ ইক’ন’মিক ফ’ৰামত মুখ্য অতিথি হিচাপেও শ্ৰী নৰেন্দ্ৰ মোদী উপস্থিত আছিল৷
বিংশতম সন্মিলনৰ বৰ্ষপূৰ্তিত দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ উত্থান হোৱা কৌশলগত সহযোগিতাৰ বিষয়ে আলোকপাত কৰে৷ এই সম্পৰ্ক অনন্য, বিশ্বস্ত আৰু প্ৰকৃতিগতভাৱে দুয়োপক্ষৰ বাবে লাভদায়ক আৰু সহযোগিতাৰ সকলো সাম্ভাৱ্য দিশ সামৰি লোৱা হৈছে৷ এই সম্পৰ্ক সদৃশ সভ্যতা, সময়ানুযায়ী বন্ধুত্ব, পাৰস্পৰিক বুজা–পৰা, বিশ্বাস, সদৃশ আগ্ৰহ আৰু বিকাশৰ মৌলিক সমস্যাসমূহৰ ওপৰত নিৱদ্ধ৷ ৰাজ্যসমূহৰ বিভিন্ন নেতাৰ মাজত হোৱা নিয়মীয়া বৈঠক, বিভিন্ন আন্তৰ্জাতিক মঞ্চৰ পাৰ্শ্বৱতী অংশ তথা উত্থান হোৱা দ্বিপাক্ষিক যোগাযোগসমূহেই হ’ল এই মিত্ৰতাৰ প্ৰমাণ৷
ভাৰত–ৰাছিয়াই সফলতাৰে সমসাময়িক বিশ্বৰ বাস্তৱিকতাৰ সৈতে নিজকে খাপ খুৱাবলৈ সমৰ্থ হৈছে৷ তেওঁলোকে কেতিয়াও বাহিৰৰ কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হোৱা নাই৷ দুয়োখন দেশৰ বাবে ভাৰত–ৰাছিয়া সম্বন্ধ বিকাশৰ অগ্ৰাধিকাৰযোগ্য বিষয়৷ দুয়োগৰাকী নেতাই বৰ্তমানৰ কঠিন আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সম্পূৰ্ণ সহযোগিতাৰে, সকলো সাম্ভাৱ্য পথেৰে কৌশলগত সহযোগিতা সম্প্ৰসাৰণৰ দিশত অগ্ৰসৰ হৈছে৷
দুয়োপক্ষই তেওঁলোকৰ সংসদৰ মাজত হোৱা দৃঢ় সহযোগিতাক আদৰণি জনায় আৰু তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এই সংসদীয় যোগাযোগ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে৷ তেওঁলোকে ডুমা ৰাজ্যৰ সচিবে ২০১৮ চনৰ ডিচেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ অহা কথাটো উল্লেখ কৰে আৰু ২০১৯ চনত লোকসভাৰ অধ্যক্ষই কৰিবলগীয়া ৰাছিয়া ভ্ৰমণৰ বিষয়েও উল্লেখ কৰে৷
দুয়োটা পক্ষই ভাৰত–ৰাছিয়াৰ সম্পৰ্ক সম্প্ৰসাৰণৰ বাবে শক্তিশালী, বহুমুখী বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাই মূল ভেঁটি বুলি অভিহিত কৰে৷
দুয়োগৰাকী নেতাই ভাৰত–ৰাছিয়াৰ বাণিজ্য, অৰ্থনীতি, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃচৰকাৰী আয়োগৰ কামৰ প্ৰশংসা কৰে যাৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ উত্তৰণ হোৱাৰ সম্ভাৱনা আছে৷
দুয়োপক্ষই বাণিজ্যৰ টাৰ্ণ অভাৰৰ স্থিৰ পাৰস্পৰিক উন্নতিত সন্তোষ প্ৰকাশ কৰে৷ ২০২৫ চনৰ ভিতৰত ৩০ বিলিয়ন আমেৰিকান ডলাৰ অৰ্থনীতিৰ দেশ হোৱাৰ বাবে তেওঁলোকে অধিক সক্ৰিয়ভাৱে বিভিন্ন ক্ষেত্ৰত সহযোগিতা প্ৰদানৰ পোষকতা কৰে৷
দুয়োপক্ষই ‘‘মেক ইন ইণ্ডিয়া’’ কাৰ্যসূচীত ৰাছিয়ান ব্যৱসায়ৰ অংশগ্ৰহণ প্ৰসাৰণত সদিচ্ছা প্ৰকাশ কৰে আৰু ৰাছিয়াত ভাৰতীয় উদ্যোগৰ বিনিয়োগৰো পোষকতা কৰে৷
দুয়োপক্ষই পাৰস্পৰিক বাণিজ্যত সৃষ্টি হোৱা বাধাসমূহ চিনাক্ত কৰি আঁতৰ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে৷
তেওঁলোকে বাণিজ্যত পণ্য আৰু সেৱা, উদ্যমিতা কাৰ্যকলাপৰ বাবে পৰিবেশ আৰু বিনিয়োগ, সমন্বয় আৰু প্ৰাসংগিক ৰপ্তানি–আমদানি প্ৰক্ৰিয়াৰ আন্তঃগাঁথনি উত্তৰণ কৰাৰ বাবে সন্মতি প্ৰদান কৰে৷
ৰাষ্ট্ৰীয় কাৰেন্সীত পাৰস্পৰিক বন্দোৱস্তি পূৰ্বৰ দৰেই অব্যাহত থাকিব৷
মুম্বাইত ৰাছিয়ান ৰপ্তানি সমৰ্থন গোটৰ কাৰ্যালয় স্থাপন কৰা পদক্ষেপক আদৰণি জনোৱা হয়৷ দুয়োপক্ষই ভাৰতত ৰাছিয়াৰ বিনিয়োগ ৰাছিয়া প্লাছ ডেস্ক অব্ ইনভেষ্ট ইণ্ডিয়াৰ দ্বাৰা হোৱা বুলি মন্তব্য প্ৰদান কৰে৷
দুয়োপক্ষই চলিত বৰ্ষত বাণিজ্য, অৰ্থনীতি আৰু বিনিয়োদ সহযোগিতাৰ উত্তৰণৰ ক্ষেত্ৰত ছেণ্ট পিটাছবাৰ্গ ইণ্টাৰনেচনেল ইক’ন’মিক ফ’ৰাম আৰু ভাৰত–ৰাছিয়া বিজনেছ ডায়লগৰ অৰিহণাৰ কথা স্বীকাৰ কৰে৷
নতুন দিল্লীত ১০ জুলাই ২০১৯ তাৰিখে অনুষ্ঠিত হোৱা ভাৰত–ৰাছিয়া কৌশলগত অৰ্থনৈতিক আলোচনাৰ দ্বিতীয় সংস্কৰণক দুয়োগৰাকী নেতাই স্বাগতম জনায়৷
দুয়োগৰাকী নেতাই নতুন দিল্লী আৰু মস্কোৰ মাজত হোৱা সহযোগিতাৰ জৰিয়তে ৰাছিয়ান ফাৰ ইষ্ট অঞ্চলৰ বিকাশৰ পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰে৷ উল্লেখ্য, ৰাছিয়াৰ ফাৰ ইষ্ট অঞ্চলত বহুতো ভাৰতীয় উদ্যোগ স্থাপিত হৈছে৷
ভাৰতে ক্ৰমাগতভাৱে ৰাছিয়াৰ ফাৰ ইষ্ট অঞ্চলত সহযোগিতা বৃদ্ধিৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰথম পৰ্যায়ত ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ চাৰিজনীয়া প্ৰতিনিধিৰ দল এটাই ১২–১৩ আগষ্ট ২০১৯ তাৰিখে ভ্লাডিভষ্টক ভ্ৰমণ কৰে৷
ভাৰতে ৰাছিয়াৰ পৰা আৰ্কটিক অঞ্চলত সহযোগিতা বিচাৰিছে৷ ভাৰতে আৰ্কটিক পৰিষদত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে প্ৰস্তত হৈছে৷
ভাৰতত বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্পত অংশগ্ৰহণ কৰাৰ বাবে ৰাছিয়াই আগ্ৰহ প্ৰকাশ কৰিছে৷
দুয়োখন দেশৰ মাজত হোৱা আলোচনাত শক্তি উদ্যোগখণ্ডই গুৰুত্বপূৰ্ণ স্থান লাভ কৰে৷ এই ক্ষেত্ৰটোতেই ভাৰত আৰু ৰাছিয়াই পৰস্পৰে পৰস্পৰৰ পৰিপূৰক হিচাপে ভূমিকা পালন কৰিব পাৰে৷
দুয়োপক্ষই বাংলাদেশত ৰুপুৰ এন পি পিৰ সহযোগিতামূলক নিৰ্মাণৰ সাফল্যৰ বিষয়ে আলোকপাত কৰে আৰু তৃতীয়খন দেশত এই ধৰণৰ সহযোগিতা প্ৰদানৰ বাবে প্ৰস্তুত বুলি উল্লেখ কৰে৷
দুয়োগৰাকী নেতাই অ–নিউক্লিয়াৰ ইন্ধন আৰু শক্তি খণ্ডত সহযোগিতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷
দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াত উপকূলৰ পৰা দূৰৱৰ্তী অঞ্চলসমূহকো অন্তৰ্ভুক্ত কৰি তেল আৰু গেছৰ ভূ–অন্বেষণ আৰু যৌথ বিকাশত সহযোগিতা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
২০১৯–২৪ বৰ্ষৰ বাবে হাইড্ৰ’কাৰ্বন ক্ষেত্ৰত হোৱা সহযোগিতাৰ স্বাক্ষৰৰ পৰিপ্ৰেক্ষিতত দুয়োপক্ষই আগন্তুক পাঁচ বছৰৰ বাবে দ্বিপাক্ষিক সহযোগিতাৰ আশা ব্যক্ত কৰে৷
ভাৰত আৰু ৰাছিয়াৰ মাজত বাণিজ্য আৰু অৰ্থনীতিৰ বিকাশ অধিক উত্তৰণ কৰাৰ বাবে দুয়োপক্ষই পৰিবহণৰ আন্তঃগাথনি উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে৷
দুয়োপক্ষই ৰে’লৱে বিভাগত সহযোগিতা প্ৰকাশৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ তেওঁলোকে নাগপুৰ–ছেকেন্দ্ৰাবাদ অংশৰ ৰে’লৰ গতি বৃদ্ধি কৰাত সন্তোষ প্ৰকাশ কৰে আৰু ৰাছিয়ান চৰকাৰক সেই উন্নয়নশীল প্ৰকল্পত আগবঢ়োৱা সহযোগিতাৰ বিষয়ে উল্লেখ কৰে৷
দুয়োপক্ষই প্ৰত্যক্ষ যাত্ৰীৰ বৃদ্ধিৰ সম্ভাৱনাত সন্মতি প্ৰকাশ কৰে দুয়োখন দেশৰ বিভিন্ন স্থানলৈ কাৰ্গো বিমান উৰণতো সন্মতি প্ৰকাশ কৰে৷
তেওঁলোকে পৰিবহণ শিক্ষা, পেছাগত প্ৰশিক্ষণ আৰু পৰিবহণ প্ৰকল্পৰ আন্তঃগাঁথনিৰ বাবে বৈজ্ঞানিক সমৰ্থনত সহযোগিতা প্ৰদানৰ বাবে সন্মতি প্ৰকাশ কৰে৷
দুয়োপক্ষই বিজ্ঞান আৰু প্ৰযুক্তিখণ্ডত যুটীয়া গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে৷ তেওঁলোকে টেলিকমিউনিকেচন, ৰব’টিকছ, কৃত্ৰিম বুদ্ধিমত্তা, নেন’ প্ৰযুক্তি, ফাৰ্মাচী আৰু অন্যান্য ক্ষেত্ৰসমূহৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয়৷
ৰাছিয়ান পক্ষই ২০১৮ বৰ্ষৰ সৰ্বভাৰতীয় ব্যাঘ্ৰ সৰ্বেক্ষণৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ ৰাছিয়াই ২০২২ চনত অনুষ্ঠিত কৰিবলগীয়া দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ সন্মিলনৰ সিদ্ধান্তক ভাৰতে আদৰণি জনায়৷
বিমান পৰিবহণ তথা মহাকাশ ভ্ৰমণ ক্ষেত্ৰত সহযোগিতা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়৷
দুয়োপক্ষই ‘‘ৰ’ছক’ম’ছ’’ আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্ধিত সহযোগিতাক আদৰণি জনায়৷
দুয়োপক্ষই ‘‘গগণযান’’ সন্দৰ্ভত হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ অধীনত সম্পন্ন হোৱা সক্ৰিয় কামক আদৰণি জনায়৷
দুয়োপক্ষই ৰাষ্ট্ৰসংঘৰ সমিতিৰ অধীনত বহিঃবিশ্বৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ সহযোগিতা সৱলীকৰণত সন্মতি প্ৰদান কৰে৷
তেওঁলোকে হীৰা উদ্যোগত সহযোগিতা প্ৰকাশৰ বাবে সন্মতি প্ৰকাশ কৰে৷
দুয়োপক্ষই কৃষি ক্ষেত্ৰত বৰ্ধিত দ্বিপাক্ষিক বাণিজ্যিক সম্ভাৱনাসমূহৰ কথা উল্লেখ কৰে৷ এই সন্দৰ্ভত তেওঁলোকে কৃষিৰ বিভিন্ন ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ ইচ্ছাৰ কথা প্ৰকাশ কৰে৷
***
VRRK/SH/AK/MANN