Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ দ্বাদশ ‘মন কী বাত ২.০’


দ্বাদশ মন কী বাত ২.০ ত প্ৰধানমন্ত্ৰীয়ে কয় য়ে সমূহীয়া প্ৰয়াসৰ যোগেদি দেশত কৰোনাৰ বিৰুদ্ধে যুঁজাৰ মনোবল বহুপৰিমাণে বৃদ্ধি হৈছে। যদিও এক গৰিষ্ঠসংখ্যক অৰ্থনৈতিক কাৰ্যকলাপ চলাই নিয়াৰ বাবে অনুমতি প্ৰদান কৰা হৈছে এই কভিড মহামাৰীৰ সংহাৰী পৰিস্থিতিৰ মাজত তেওঁ জনসাধাৰণক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে উপযুক্ত সুৰক্ষা ব্যৱস্থা সাপেক্ষে শ্ৰমিক বিশেষ ৰেলগাড়ী আৰু বিশেষ ৰেলগাড়ীৰ সেৱা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে বিমান সেৱাও মুকলি কৰা হৈছে আৰু বিমান উদ্যোগ আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহি আছে। জনসাধাৰণক দুগজ দূৰত থকা, মাস্ক পৰিধান কৰা আৰু যিমানদূৰ সম্ভৱ ঘৰতে থকাৰ বাবে পৰামৰ্শ দিয়ে। তেওঁ কয় যে সমগ্ৰ দেশে ইমান কষ্ট স্বীকাৰ কৰাৰ পিছত এতিয়া সেই কষ্টক অথলে যাবলৈ দিব নোৱাৰি। 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ জনতাই এই পৰিস্থিতিক যি উদ্যমেৰে মোকাবিলা কৰিলে সি তেওঁৰ বাবে আটাইতকৈ প্ৰভাৱশালী শক্তি। সেৱা পৰম ধৰ্ম বাক্যশাৰীৰ উদ্ধৃতি দি তেওঁ সমগ্ৰ দেশৰ স্বাস্থ্যকৰ্মীসকল, আৰক্ষী কৰ্মী আৰু সংবাদকৰ্মীসকলৰ শলাগ লয়। এই পৰিস্থিতিত মহিলা স্বয়ংসেৱী দলসমূহে পালনকৰা ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে।  

নিজৰ সীমাৱদ্ধতাকো নেওচি এই সংকটকালত আনৰ প্ৰতি সেৱা আগবঢ়োৱা তামিলনাডুৰ কে চি মোহন, আগৰতলাৰ গৌতম দাস, পাঠানকোটৰ দিব্যাঙ্গ ব্যক্তি ৰাজু আদি দেশৰ সাধাৰণ নাগৰিকসকলৰ দৃষ্টান্তও তেওঁ দাঙি ধৰে। দেশৰ বিভিন্ন অংশৰপৰা অহা মহিলা স্বয়ংসেৱী দলসমূহে আগবঢ়োৱা সেৱাৰ অসংখ্য কাহিনীৰ কথাও তেওঁ উল্লেখ কৰে।  

মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ব্যক্তি বিশেষৰ গুৰুত্বপূৰ্ণ তথা অতি-সক্ৰিয় ভূমিকাৰ কথাও তেওঁ উল্লেখ কৰে। নিজৰ ট্ৰেক্টৰখনৰ লগত লগাই চেনিটাইজেশ্যন যন্ত্ৰ সাজি উলিওৱা নাছিকৰ ৰাজেন্দ্ৰ যাদৱ, দুগজ দূৰত্ব বৰ্তাই ৰাখিবলৈ নিজৰ দোকানৰ আগত ডাঙৰ ডাঙৰ পাইপ লগাই লোৱা দোকানীসকলৰ কথাও তেওঁ শ্ৰদ্ধাৰে উল্লেখ কৰে।   

মহামাৰীয়ে সৃষ্টি কৰা দুৰ্দশাৰ বাবে দুখ ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় য়ে কৰোনাই সমগ্ৰ মানৱ জাতিকে কষ্ট দিছে কিন্তু আটাইতকৈ বেছিকৈ ভূগিবলগা হৈছে দৰিদ্ৰ শ্ৰমিক শ্ৰেণীৰ লোকসকলে। তেওঁ কয় যে সকলোৱে এইকথা অনুমান কৰিব পাৰিছে আৰু সকলো ৰাজ্যৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰ আৰু সকলো চৰকাৰী বিভাগে, স্থানীয় সংস্থা আৰু নিকায় সকলোৱেই তেওঁলোকৰ বাবে তপৰতাৰে সাহাৰ্য আগবঢ়াইছে। লাখৰ হিচাপত শ্ৰমিকসকলক সুৰক্ষিতভাৱে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিয়া, তেওঁলোকৰ খাদ্যৰ যোগান ধৰা, তেওঁলোকৰ বাবে জিলাই জিলাই কোৱাৰেন্টাইনৰ সুবিধা কৰি দিয়া ব্যক্তিসকলৰ প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই পৰিস্থিতিৰ লগত খাপ খুৱাই সমস্যাসমূহৰ নতুন ধৰণে সমাধান উলিয়াব লগা হৈছে আৰু চৰকাৰে ইতিমধ্য বহু পদক্ষেপ হাতত লৈছে। তেওঁ কয় যে কেন্দ্ৰ চৰকাৰে অলপতে লোৱা সিদ্ধান্তই গাওঁসমূহত নিয়োগৰ বিশাল সুবিধা সৃষ্টি কৰিব, স্বনিয়োজন আৰু দক্ষতা উদ্যোগ বৃদ্ধি কৰিব। তেওঁ দৃঢ়তাৰে কয় যে আত্মনিৰ্ভৰ ভাৰত প্ৰচাৰ অভিযানে অনাগত দশকত দেশক এক নতুন শীৰ্ষত উপনীত কৰাব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰোনা মহামাৰীৰ এই সংকটকালত সমগ্ৰ বিশ্বৰ মানৱ জাতিয়ে এতিয়া যোগভ্যাস আৰু আয়ুৰ্বেদৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ উঠিছে আৰু বহুতে ইয়াক জীৱন প্ৰণালী কৰি লৈছে।জনসম্প্ৰদায়ৰ মাজত একতা আৰু প্ৰতিৰোধ ক্ষমতা বৰ্দ্ধনৰ বাবে যোগভ্যাগ উত্তম। ৰোনাই যিহেতু মানুহৰ শ্বাসতন্ত্ৰত আক্ৰমণ কৰে সেয়ে এইসময়ত যোগভ্যাগৰ বিভিন্ন প্ৰণায়ামে আমাৰ শ্বাসতন্ত্ৰ শক্তিশালী কৰি ৰাখিব পাৰে।

লগতে প্ৰধানমন্ত্ৰীয়ে সকলোকে আয়ুস মন্ত্ৰালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ ভিডিঅ ব্লগ প্ৰতিযোগিতাত মাই লাইফ মাই যোগাত নিজৰ যোগভ্যাগৰ ভিডিঅ আপলোড কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে সকলোকে এই প্ৰতিযোগিতাত অংশ লৈ অনাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিবসৰ অংশ হবলৈ অনুৰোধ কৰে।

আয়ুস্মান ভাৰত আঁচনিৰ অধীনত ১ কোটিতকৈও অধিক হিতাধিকাৰী লাভান্বিত হোৱাকৈ কৰোনা মহামাৰীৰ এই সংকটকালত চৰকাৰৰ প্ৰয়াসক প্ৰধানমন্ত্ৰীয়ে শলাগে আৰু হিতাধিকাৰী স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰে।

ৰোনা মহামাৰীৰ বিৰুদ্ধে যুদ্ধ চলি থকাৰ মাজতে আম্ফান ঘূৰ্ণীবতাহৰ দুৰ্যোগক সাহসেৰে মোকাবিলা কৰা পশ্চিমবঙ্গ আৰু উৰিষ্যাৰ জনতাক প্ৰধানমন্ত্ৰীয়ে প্ৰণিপাত জনাই কয় যে এই দুখন ৰাজ্যৰ কৃষকসকল আটাইতকৈ বেয়াকৈ দুৰ্দশাত পতিত হৈছে, কিন্তু যিধৰণৰ সাহস তেওঁলোকে এই সময়ত দেখুৱাইছে সি নিতান্তই শলাগিবলগীয়া।

শ্ৰী মোদীয়ে কয় যে ঘূৰ্ণীবতাহৰ উপৰিও দেশৰ বিভিন্ন ঠাইত কাকতি ফৰিঙৰ উপদ্ৰৱ আৰম্ভ হৈছে। তেওঁ সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগা নোহোৱাকৈ আৰু অত্যাৱশ্যাকীয় সামগ্ৰীৰ নাটনি অনুভৱ নকৰাকৈ কেনেকৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈ এই দুৰ্যোগৰ ব্যৱস্থাপনা কৰি আছে সেই কথা উল্লেখ কৰে। এই সংকটকালত কৃষকসকলৰ যাতে শস্য নষ্ট হোৱাৰ পৰিমাণ হ্ৰাস কৰিব পাৰি তাৰবাবে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি বিভাগ অথবা প্ৰশাসনে আধুনিক প্ৰযুক্তিৰ সহায়েৰে ব্যৱস্থা গ্ৰহণ কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ প্ৰজন্মই পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজি পোৱা উচিত। তেওঁ বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে সকলোৱে পানী সংৰক্ষণৰ বাবে যত্ন কৰিবই লাগিব। তেওঁ দেশবাসীক এইবাৰৰ পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে প্ৰকৃতিৰ লগত দৈনিক সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়। তেওঁ কয় যে যদিও লকডাউনে জীৱনৰ গতি লেহেমীয়া কৰিলে, ই আমাক প্ৰকৃতিক নিৰীক্ষণ কৰাৰ সুযোগ দিলে আৰু বন্যপ্ৰাণী অধিক সংখ্যাত ওলাই আহিবলৈ আৰম্ভ কৰিলে।

সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে অসতৰ্ক আৰু এলেহুৱা হোৱাৰ কোনো সুযোগ এই সময়ত আমাৰ হাতত নাই। কৰোনা মহামাৰীৰ বিৰুদ্ধে যুদ্ধ এতিয়াও সমানেই গুৰুত্বপূৰ্ণ হৈ আছে! 

***

VRRK/AK/PRK