Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ‘‘চন্দ্ৰ শেখৰ- আদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘‘চন্দ্ৰ শেখৰআদৰ্শগত ৰাজনীতিৰ অন্তিমজন আদৰ্শ’’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে৷ এই গ্ৰন্থখন ৰচনা কৰিছে ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ আৰু শ্ৰী ৰবি দত্ত বাজপায়ে৷ সংসদ ভৱনৰ বালাযোগী প্ৰেক্ষাগৃহত এই গ্ৰন্থখন উন্মোচন কৰা হয়৷

গ্ৰন্থখনৰ প্ৰথম কপিটো প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উপৰাষ্ট্ৰপতি শ্ৰী ভেংকয়া নাইডুক প্ৰদান কৰে৷

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ৰাজনৈতিক দৃশ্যাৱলীৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ মৃত্যুৰ ১২ বছৰৰ পিচতো তেওঁৰ আদৰ্শই আমাক নিৰৱচ্ছিন্নভাৱে নিৰ্দেশনা প্ৰদান কৰি আহিছে৷

গ্ৰন্থখনৰ ৰচনাৰ বাবে শ্ৰী হৰিবংশক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ সান্নিধ্যত কটোৱা কিছুমান পুৰণি স্মৃতি সোঁৱৰণ কৰে৷

তেওঁ ১৯৭৭ চনত শ্ৰী চন্দ্ৰ শেখৰক প্ৰথমবাৰলৈ লগ পোৱাৰ কথা সোঁৱৰণ কৰে৷ তেওঁ কয় যে সেই সময়ত তেওঁ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি ভৈৰৱ সিং শেখাৱটৰ সৈতে যাত্ৰা কৰি আছিল আৰু দিল্লী বিমানবন্দৰত তেওঁ শ্ৰী চন্দ্ৰ শেখৰক লগ পায়৷ তেওঁ কয় যে এই দুয়োগৰাকী নেতাই বিভিন্ন ৰাজনৈতিক মতাদৰ্শ স্বত্বেও যেন একেডাল বান্ধোনেৰে বন্ধা আছিল৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰে শ্ৰী অটল বিহাৰী বাজপেয়ীক ‘‘গুৰুজী’’ বুলি সম্বোধন কৰাৰ বিষয়েও উল্লেখ কৰে৷ তেওঁ চন্দ্ৰ শেখৰক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল বুলি উল্লেখ কৰি কয় যে তেওঁ নিজৰ সময়ত কেতিয়াও দমনকাৰী ৰাজনৈতিক দলৰ বিৰোধিতা কৰাত পিছ নোঁহোহকিছিল৷

প্ৰধানমন্ত্ৰীয়ে মোহন ধৰিয়া আৰু জৰ্জ ফাৰ্ণাণ্ডেজে চন্দ্ৰ শেখৰৰ বিষয়ে সঘনাই উল্লেখ কৰিছিল বুলি মন্তব্য কৰে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ সৈতে হোৱা অন্তিমখন বৈঠকৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে চন্দ্ৰ শেখৰে তেওঁক ফোন কৰি দিল্লীত থকা অৱস্থাত যেতিয়াই সময় পাই তেতিয়াই আহিবলৈ নিমন্ত্ৰণ জনাইছিল৷ সেই বাৰ্তালাপৰ সময়চোৱাত শ্ৰী চন্দ্ৰ শেখৰে গুজৰাটৰ বিকাশ আৰু ৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভত তেওঁৰ মতামত জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে শ্ৰী চন্দ্ৰ শেখৰৰ স্পষ্ট চিন্তা, জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি তথা গণতন্ত্ৰৰ আদৰ্শৰ প্ৰতি থকা উৎসাহী মনোভাৱৰ প্ৰশংসা কৰে৷

প্ৰধানমন্ত্ৰীয়ে দুখীয়া কৃষক আৰু বঞ্চিতসকলৰ বাবে শ্ৰী চন্দ্ৰ শেখৰৰ সৈতে কৰা ঐতিহাসিক পদযাত্ৰাৰ বিষয়েও স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তেওঁক সেই সময়ত উচিত সন্মান প্ৰদান কৰাত ব্যৰ্থ হলো৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কিছুমান লোক আছে যি ভাৰতৰ মহান নেতাসকল যেনে ডঃ আম্বেদকাৰ আৰু চৰ্দাৰ পেটেলৰ দৰে ব্যক্তিৰ প্ৰতি অশোভন মন্তব্য প্ৰকাশ কৰে৷ তেওঁ কয় যে দিল্লীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হব৷ এই সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্যক তেওঁলোকৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে দেশক পুৰণি ৰাজনৈতিক পৰম্পৰাৰ ঊৰ্ধত নতুন ৰাজনৈতিক পৰম্পৰাৰ প্ৰয়োজন৷

উল্লেখ্য, গ্ৰন্থ উন্মোচনী সভাত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা; ৰাজ্যসভাৰ উপাধ্যক্ষ শ্ৰী হৰিবংশ; আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ লেতা শ্ৰী গুলাম নবী আজাদো উপস্থিত আছিল৷  

***

VRRK/KP/SH/MANN