Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ ‘গৰ্বা’ গীতটো পৰিবেশন কৰাৰ বাবে শিল্পীসকলক ধন্যবাদ


প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিল্পী ধ্বনি ভানুশালী, টনিষ্ক বাগ্চী আৰু Jjust Music ৰ দলটোক তেওঁ কেবাবছৰ পূৰ্বে লিখা এটা ‘গৰ্বা’ৰ সংগীত প্ৰস্তুত আৰু পৰিবেশনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক নৱৰাত্ৰিৰ সময়ত তেওঁ নতুন গৰ্বা শ্বেয়াৰ কৰিব বুলিও অৱগত কৰে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে X ত পোষ্ট কৰিছে :

“ধন্যবাদ! @dhvanivinod, Tanishk Bagchi আৰু @Jjust_Music ৰ দলটোক মই বহু বছৰ আগতে লিখা এটা গৰ্বাৰ এই সুন্দৰ পৰিবেশনৰ বাবে ধন্যবাদ জনাইছো! ই বহু স্মৃতি ঘূৰাই আনিলে। মই বহু বছৰ ধৰি লিখা নাই যদিও নতুনকৈ কিবা এটা লিখিবলৈ সক্ষম হ’লো। নৱৰাত্ৰিৰ সময়ত সেই গৰ্বাটো শ্বেয়াৰ কৰিম। #SoulfulGarba”

 

*****

DS/SK