Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ ভ্ৰমণ, আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ ভ্ৰমণ, আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ ভ্ৰমণ, আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ ভ্ৰমণ, আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন


প্ৰধানমন্ত্ৰীৰ কেদাৰনাথ ভ্ৰমণ, আন্তঃগাঁথনিমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেদাৰনাথ ভ্ৰমণ কৰে। তেওঁ কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা কৰাৰ লগতে পাঁচটা আন্তঃগাঁথনিমুলক আৰু উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এইবোৰৰ ভিতৰত মন্দাকিনী নদীৰ পাৰ আৰু ঘাটৰ উন্নয়ন; সৰস্বতী নদীৰ পাৰ আৰু ঘাটৰ উন্নয়ন; কেদাৰনাথ মন্দিৰৰ মুল প্ৰৱেশ পথৰ নিৰ্মাণ; শংকৰাচাৰ্য কুটীৰ আৰু শংকৰাচাৰ্য যাদুঘৰৰ উন্নয়ন; কেদাৰনাথৰ পুৰোহিতৰ বাসগৃহৰ উন্নয়ন উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে কেদাৰপুৰী পুনৰনিৰ্মাণ প্ৰকল্পৰ চমু আভাস প্ৰদান কৰে।

এই উপলক্ষে সমবেত ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে দীপাৱলীৰ এদিন পাছতে কেদাৰনাথত উপস্থিত হৈ তেওঁ অতি আদন্দিত। তেওঁ কয় যে গুজৰাটত আজি নতুন বছৰ উদযাপন কৰিছে আৰু তেওঁ বিশ্বৰ চুকে-কোনে থকা লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

মানৱ সেৱাই ঈশ্বৰ সেৱা বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে নিজকে ২০২২ চনত দেশৰ স্বাধীনতাৰ লগত সংগতি ৰাখি এখন উন্নত ভাৰত গঢ়াৰ নামত উচৰ্গা কৰে। ২০১৩ চনৰ প্ৰাকৃতিক দুৰ্যোগৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাৰে তেওঁ পীড়িত লোকসকলকৰ বাবে পাৰ্যমানে সহায় কৰাৰ লগতে গুজৰাট চৰকাৰৰ হৈ দুৰ্যোগৰ ক্ষতিগ্ৰস্তৰ পুনৰনিৰ্মাণৰ প্ৰচেষ্টাত সহযোগিতা কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেদাৰনাথত বর্তমান যি কর্মযজ্ঞ আৰম্ভ হৈছে, সেয়া সম্পূর্ণ হ’লে আদর্শ তীর্থস্থান বুলিলে কি বুজায় তাক প্রত্যেকে উপলব্ধি কৰিব পাৰিব। তীৰ্থ যাত্ৰীসকলৰ বাবে সকলোধৰণৰ সুযোগ-সুবিধাৰ প্রসাৰ আৰু মন্দিৰৰ পুৰোহিতসকলক কল্যাণৰ লক্ষ্যেৰে এই প্রকল্পসমূহ কাৰ্যকৰী কৰা হৈছে। প্রধানমন্ত্রীৰ মতে কেদাৰনাথত যি ধৰণৰ আন্তঃগাঁথনিৰ প্রসাৰ ঘটোৱা হৈছে, সেয়া কেৱল উন্নত মানদণ্ডৰ নহয়, অত্যাধুনিকো। কিন্তু ইয়াৰ ঐতিহ্যক কোনো কাৰণতে ম্লান হ’বলৈ দিয়া নহয়। পৰিবেশৰ যাতে কোনো ক্ষতি নহয়, সেয়া নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হ’ব।

প্রধানমন্ত্রীয়ে কয় যে প্রকৃতি প্রেমীসকলৰ ওচৰত হিমালয় কেৱল ৰোমাঞ্চক পর্যটনৰ এটি অঞ্চলেই নহয়, একেদৰে সেয়া আধ্যাত্মিকতাৰো এক পুণ্যপীঠ। সকলোৱে হিমালয়ত উপস্থিত হৈ তাক নতুনকৈ আৱিষ্কাৰ আৰু উপলব্ধি কৰাৰ আহ্বান জনায় প্রধানমন্ত্রীয়ে।

অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল ডঃ কে কে পাল আৰু মুখ্যমন্ত্রী শ্রী ত্রিবেন্দ্র সিং ৰাৱাতো উপস্থিত থাকে।

****

AKT/NT/DB