Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ আগন্তুক চীন আৰু ম্যানমাৰ ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩-৫ছেপ্তেম্বৰলৈ চীনৰ জিয়ামেনত অনুষ্ঠিত হ’বলগীয়া নৱম ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে ৫-৭ ছেপ্তেম্বৰত ম্যানমাৰো ভ্ৰমণ কৰিব।

নিজৰ ফেচবুক একাউণ্টৰ এলানি পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“৩-৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া নৱম ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে মই চীনৰ জিয়ামেন ভ্ৰমণ কৰিম।
যোৱা বছৰৰ অক্টোবৰ মাহত গোৱাত এই সন্মিলন অনুষ্ঠিত কৰাৰ বাবে ভাৰতৰ সৌভাগ্য হৈছিল। গোৱা সন্মিলনৰ ফলাফলসমূহকে লৈ মই এই দিশত আগুৱাই যাম। চীনৰ নেতৃত্বত ব্ৰিকছৰ সহযোগী দেশসমূহৰ মাজত শক্তিশালী দিশত সমৰ্থন যোগাব পৰা বিষয় সন্দৰ্ভত ফলপ্ৰসূ আলোচনা তথা ফলাফল লাভ কৰাৰ বাবে মই চেষ্টা কৰিম।

আমি সদস্য ৰাষ্ট্ৰ পাঁচখনৰ উদ্যোগ খণ্ডৰ নায়কসকলৰ নেতৃত্বই প্ৰতিনিধিত্ব কৰা ব্ৰিকছ ব্যৱসায়িক পৰিষদৰ সৈতে মত বিনিময় কৰিম।

তদুপৰি, ৫ ছেপ্তেম্বৰত ৰাষ্ট্ৰপতি জি জিনপিঙে আয়োজন কৰা সম্ভাৱনাপূৰ্ণ বজাৰ আৰু উন্নয়নশীল দেশৰ ভাষ্য শীৰ্ষক অনুষ্ঠানত ব্ৰিকছ সহযোগী ৰাষ্ট্ৰসমূহকে ধৰি ৯খন দেশৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ম।

এই সন্মিলনৰ সমান্তৰালভাৱে মই একাংশ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সূযোগ লাভ কৰিম। প্ৰগতি আৰু শান্তি প্ৰতিষ্ঠাৰ দিশত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ বাবে ব্ৰিকছৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ দ্বিতীয় দশকতো ইয়াৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। বৈশ্বিক প্ৰত্যাহ্বানৰ মোকাবিলা আৰু বিশ্ব শান্তি তথা নিৰাপত্তাৰ দিশত ব্ৰিকছৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে।

অহা ৫-৭ ছেপ্তেম্বৰলৈ মই ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ হিটন কিয়াওৰ আমন্ত্ৰণক্ৰমে ম্যানমাৰ ভ্ৰমণ কৰিম। আছিয়ান-ভাৰত সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইয়াৰ পূৰ্বে ২০১৪ চনত মই ম্যানমাৰ ভ্ৰমণ কৰিছিলোঁ, যদিও এয়া মোৰ ম্যানমাৰৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ হ’ব।

মই ৰাষ্ট্ৰপতি ইউ হিটন কিয়াও, ষ্টেট কাউন্সেলৰ ডাও আং ছান ছ্যু কী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সৈতে বৈঠকত মিলিত হ’ম। ২০১৬ চনত মই দুয়োগৰাকী বিশিষ্ট নেতাৰ ভাৰত ভ্ৰমণ কালত আলোচনাত মিলিত হোৱাৰ সূযোগ পাইছিলোঁ।

এই ভ্ৰমণ কালত আমি আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়ন, বিশেষকৈ ভাৰতে ম্যানমাৰত চলাই থকা কাম-কাজৰ উন্নয়নমুলক সহযোগিতা আৰু আৰ্থ-সামাজিক সহযোগিতাৰ দিশত ব্যাপক কাৰ্যসূচীৰ পৰ্যালোচনা কৰিম আৰু আমি দুয়ো দেশে একেলগে কৰিব পৰা নতুন ক্ষেত্ৰৰ সন্ধান কৰিম। আমি নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ, বাণিজ্য আৰু বিনিয়োগ, দক্ষতা উন্নয়ন, আন্তঃগাঁথনি আৰু শক্তি আৰু সাংস্কৃতিক দিশত থকা সহযোগিতাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিম।

মই বিখ্যাত ঐতিহাসিক চহৰ বাগানো ভ্ৰমণ কৰিম, য’ত ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে আনন্দ মন্দিৰৰ পুনৰুদ্ধাৰৰ বাবে উল্লেখযোগ্য কাম কৰিছে। সেই স্থানতে যোৱা বছৰৰ বিধ্বংসী ভূমিকম্পত ক্ষতিসাধন হোৱা বৌদ্ধ মঠ-মন্দিৰৰো কেতবোৰ পুনৰুদ্ধাৰৰ কাম কৰা হ’ব।

য়াংগন ভ্ৰমণেৰে মোৰ এই ভ্ৰমণসূচীৰ সামৰণী মাৰিম, য’ত মই একাধিক ঐতিহাসিক স্থান ভ্ৰমণ কৰিম, যিটোৱে ভাৰত আৰু ম্যানমাৰৰ সাংস্কৃতিক ঐতিহ্যৰ বিনিময় কৰে।

মই ম্যানমাৰত বাস কৰা ভাৰতীয় বংশোদ্ভৱসকলৰ সৈতেও বাৰ্তালাপত মিলিত হ’ম, যিসকলে এক শতিকাৰো আগতে ইয়াত আহি বসবাস কৰি আহিছে।

মোৰ বিশ্বাস যে এই ভ্ৰমণে ভাৰত আৰু ম্যানমাৰৰ সম্পৰ্কত নতুন অধ্যায়ৰ সূচনা কৰিব আৰু আমাৰ চৰকাৰ, আমাৰ ব্যৱসায়িক গোষ্ঠী তথা আমাৰ লোকসকলৰ মাজৰ সহযোগিতাক অধিক সুদৃঢ় কৰি তোলাৰ ক্ষেত্ৰত ৰোডমেপ প্ৰস্তুত কৰাত সহায় কৰিব।”

*****

AKT/AK/DB