Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় হিন্দী কমিটিৰ ৩১সংখ্যক বৈঠক সম্পন্ন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত অনুষ্ঠিত হয় কেন্দ্ৰীয় হিন্দী কমিটিৰ ৩১সংখ্যক বৈঠক৷

ভাষণত প্ৰধানমন্ত্ৰীয়ে কমিটিৰ সকলো সদস্যক তেওঁলোকৰ সৃষ্টিশীল আৰু ব্যৱহাৰিক পৰামৰ্শসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

হিন্দী ভাষা দৈনন্দিন বাৰ্তালাপৰ জৰিয়তে সম্প্ৰসাৰিত হ’ব লাগে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শৈক্ষিক প্ৰতিষ্ঠানসমূহে এই অভিযানৰ নেতৃত্ব দিয়াত সহায় কৰিব পাৰে৷

বিশ্ব পৰিভ্ৰণত হিন্দী ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ সকলো সদস্যক আশ্বাস দিয়ে যে হিন্দীকে ধৰি সকলো ভাৰতীয় ভাষাৰ সহায়ত আমি সমগ্ৰ বিশ্বৰ সৈতে সংযুক্ত হ’ব পাৰো৷

একেদৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে তামিলৰ দৰে বিশ্বৰ সবাতোকৈ পুৰণি ভাষাক লৈ আমি গৌৰৱান্বিত৷ দেশৰ সকলো ভাষাই হিন্দীক সমৃদ্ধিশালী কৰিব পাৰে বুলিও তেওঁ কয়৷ এই প্ৰসংগত তেওঁ ভাৰত চৰকাৰৰ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ পদক্ষেপৰ কথা উল্লেখ কৰে৷

আদৰণি ভাষণৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সচিব(ৰাজভাষা)শ্ৰী ৰাজনাথ সিঙে বিভিন্ন দিশৰ অগ্ৰগতিক লৈ এক পৰ্যালোচনা আগবঢ়ায়৷ হিন্দী ভাষাৰ প্ৰসাৰৰ সৈতে জড়িত সমস্যাকলৈ বিভিন্ন সদস্যই নিজৰ নিজৰ মত প্ৰকাশ কৰে৷

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় হিন্দী ডাইৰেক্ট’ৰেটৰদ্বাৰা প্ৰকাশিত গুজৰাটী-হিন্দী অভিধান মুকলি কৰে৷
প্ৰায় দুঘণ্টা ধৰি চলা এই বৈঠকত অৰুণাচল, হিমাচল প্ৰদেশ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীকে ধৰি কমিটিৰ আন সদস্যসকল উপস্থিত থাকে৷

***

AKT/VJ/AK/MS