Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰিলে অটল বিহাৰী বাজপেয়ী চিকিৎসা বিশ্ববিদ্যালয়ৰ আধাৰশিলা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত অটল বিহাৰী বাজপেয়ী চিকিৎসা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী আৰু অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে এই পৰিঘটনাটো সুশাসন দিৱসৰ দিনা কাকতলীয় সংযোগ হোৱা বুলি পৰিহিত কৰে৷ লোক ভৱনত অটলজীৰ মুৰ্তি অনাৱৰণ কৰি ইয়াৰ জৰিয়তে সুশাসন তথা জনসেৱাৰ উদগনি লাভ কৰিব পৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্ণৌৰ সংসদীয় আসনত অটলজী অধিষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই স্থানতে চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যিদৰে অটলজীয়ে কৈছিল, জীৱন টুকুৰা টুকুৰাকৈ চাব নোৱাৰি, ইয়াক সম্পূৰ্ণৰূপে চোৱাটো প্ৰয়োজন৷ ঠিক তেনেকৈ ই চৰকাৰ, সুশাসন আদিৰ ক্ষেত্ৰতো প্ৰযোজ্য৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰৰ সফলতাৰ বিভিন্ন পদক্ষেপ সম্পৰ্কে অনুষ্ঠানটোৰ ভাষণত আলোকপাত কৰে৷ এই সন্দৰ্ভত তেওঁ প্ৰতিৰক্ষাত্মক স্বাস্থ্য সেৱা, ব্যয়সাধ্য স্বাস্থ্য সেৱা, স্বচ্ছ ভাৰত অভিযান, উজ্বলা যোজনা, ফিট ইণ্ডিয়া অভিযান, আয়ুষ্মান ভাৰত আদি আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ চৰকাৰে গাঁৱৰ পৰা গাঁৱলৈ অনাময় আৰু স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰিছে৷ প্ৰতিজন ভাৰতীয়ই স্বাস্থ্য সেৱা, নিৰাপত্তা লাভ কৰিবলৈ সক্ষম হোৱাটোৱেই সুশাসনৰ লক্ষণ বুলি তেওঁ উল্লেখ কৰে৷ ভাষণৰ সামৰণিত তেওঁ সুশাসন দিৱসৰ দিনা তেওঁলোকৰ দায়িত্ব তথা লক্ষ্যসমূহত উপনীত হোৱাটো আৱশ্যক বুলি উল্লেখ কৰে৷

******

VRRK/AK/MANN