প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ পৰা গুজৰাটৰ কেৱাডিয়াক সংযুক্ত কৰা ৮খন ৰেলগাড়ীৰ ফ্লেগ অফ কৰে। এই ৰেলগাড়ীসমূহে ষ্টেচু অৱ ইউনিটীলৈ সুচল যাতায়ত ব্যৱস্থা নিশ্চিত কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাটৰ ৰেলৱে খণ্ডৰ সৈতে জড়িত আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অনুষ্ঠানত উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে কয় যে হয়তো ৰেলৱেৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা একেটা গন্তব্যস্থানক সংযুক্ত কৰা ৰেলগাড়ীৰ ফ্লেগ অফৰ এয়া প্ৰথমটো পৰিঘটনা। এয়া সম্ভৱ হৈছে ষ্টেচু অৱ ইউনিটী আৰু ছৰ্দাৰ সৰোৱৰৰ গৃহস্থান হিচাপে কেৱাডিয়াৰ গুৰুত্বৰ বাবে। আজিৰ অনুষ্ঠানে ৰেলৱেৰ দূৰদৃষ্টি আৰু ছৰ্দাৰ পেটেলৰ মিছনক প্ৰতিফলিত কৰে।
কেৱাডিয়াক সংযুক্ত কৰিবলগীয়া এখন ৰেলগাড়ী পুৰুচী থালিয়াইভাৰ ড০ এমজি ৰামচন্দ্ৰন চেণ্ট্ৰেল ৰেলৱে ষ্টেচনৰ পৰা আহিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰত ৰত্ন এমজিআৰক তেওঁৰ জন্ম বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই নতুন ৰেল সংযোগে কেৱাডিয়া উন্নয়ন ক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন কঢ়িয়াই আনিব। ই পৰ্যটকৰ লগতে স্থানীয় আদিৱাসীসকলক উপকৃত কৰিব আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল কৰি তুলিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে কেৱাডিয়া এতিয়া এটা ভিতৰুৱা অঞ্চলৰ সৰু গাঁও নহয়, ই বিশ্বৰ সৰ্ববৃহৎ পৰ্যটনস্থলী হৈ উঠিছে। ষ্টেচু অৱ ইউনিটীয়ে ষ্টেচু অৱ লিবাৰ্টীতকৈও অধিক পৰ্যটকক আকৰ্ষিত কৰিছে। দেশবাসীৰ বাবে মুকলি কৰি দিয়াৰ পিছৰে পৰা গুজৰাটৰ ষ্টেচু অৱ ইউনিটী দৰ্শন কৰিবলৈ ৫০লাখৰো অধিক পৰ্যটক আহিছে। যোগাযোগ ব্যৱস্থা উন্নত হৈ উঠাৰ ফলত ইয়ালৈ দৈনিক এক লাখ দৰ্শনাৰ্থী আহিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ ফলত আদিৱাসী যুৱ-যুৱতীসকলে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে আৰু স্থানীয় লোকসকলে আধুনিক সা-সুবিধা লাভ কৰিছ। একতা মেলাত স্থানীয় হস্তশিল্প সামগ্ৰীৰ বাবে নতুন সুযোগ সৃষ্টি কৰা হৈছে। আদিৱাসী গাঁৱত পৰ্যটকৰ থকাৰ সুব্যৱস্থাৰে ২০০ কোঠা নিৰ্মাণ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কেৱাডিয়া ষ্টেচনটো বৰ্ধিত পৰ্যটনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছে। ইয়াত জনজাতীয় আৰ্ট গেলেৰী আৰু ভিউয়িং গেলেৰী ৰখা হৈছে, য’ৰ পৰা ষ্টেচু অৱ ইউনিটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে ব্যাখ্যা কৰে যে দেশৰ অসংযুক্ত অংশসমূহক ৰেল যাতায়তেৰে সংযুক্ত কৰাৰ কাম অব্যাহত আছে। ব্ৰড গজ আৰু ৰেলৱে লাইনৰ বৈদ্যুতিকৰণৰ কামে নতুন গতি লাভ কৰিছে। এই ৰেল লাইনসমূহক হাই-স্পীড ৰেলগাড়ী চলাব পৰাকৈ সক্ষম কৰি তোলা হ’ব।
***
DS/MS
Watch Live! https://t.co/adcXkQ7aKE
— PMO India (@PMOIndia) January 17, 2021
A historic day! Inaugurating various projects relating to Railways in Gujarat. #StatueOfUnityByRail https://t.co/IxiVdLfFdQ
— Narendra Modi (@narendramodi) January 17, 2021
स्टैच्यू ऑफ यूनिटी तक डायरेक्ट रेल कनेक्टिविटी तैयार करने के लिए भारतीय रेल ने जिस बुलंद हौसले का परिचय दिया है, वह प्रशंसनीय है। भारी वर्षा और कोरोना जैसी महामारी भी विकास की इस तेज रफ्तार के आड़े नहीं आ पाई। pic.twitter.com/MZW5ZebEQi
— Narendra Modi (@narendramodi) January 17, 2021
आज जब रेल के इस कार्यक्रम से जुड़ा हूं तो कुछ पुरानी स्मृतियां भी ताजा हो रही हैं।
— Narendra Modi (@narendramodi) January 17, 2021
केवड़िया का देश की हर दिशा से सीधी रेल कनेक्टिविटी से जुड़ना पूरे देश के लिए अद्भुत क्षण है, गर्व से भरने वाला पल है। pic.twitter.com/kkJsv9juZz
खूबसूरत केवड़िया इस बात का बेहतरीन उदाहरण है कि कैसे Planned तरीके से पर्यावरण की रक्षा करते हुए Economy और Ecology, दोनों का तेजी से विकास किया जा सकता है। pic.twitter.com/VR6DThmJDk
— Narendra Modi (@narendramodi) January 17, 2021
बीते वर्षों में देश के रेल इंफ्रास्ट्रक्चर को आधुनिक बनाने के लिए जितना काम हुआ है, वह अभूतपूर्व है। pic.twitter.com/EXSjxlESQk
— Narendra Modi (@narendramodi) January 17, 2021