Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৰাইজিং হিমাচলঃ ধৰমশালাত অনুষ্ঠিত হৈছে বিশ্বজনীন বিনিয়োগকাৰীৰ সন্মিলন ২০১৯


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ ধৰমশালাত ৰাইজিং হিমাচল শীৰ্ষক বিশ্বজনীন বিনিয়োগকাৰীৰ সন্মিলন, ২০১৯ মুকলি কৰে৷ প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীক এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে অভিনন্দন জনায়৷ উপস্থিত জনতাক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে সকলো সম্পত্তি সৃষ্টিকাৰীক একত্ৰিতভাৱে স্বাগতম জনাবলৈ পাই সুখী অনুভৱ কৰা বুলি জনায়৷ তেওঁ কয় যে ৰাজ্যসমূহে বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ বিভিন্ন সুবিধা আগবঢ়োৱাৰ লগতে বিনিয়োগকাৰীসকলেও ৰাজ্যসমূহে কেনে ধৰণৰ সুবিধা আগবঢ়াব পাৰে তাৰ বাবে প্ৰতীক্ষা কৰি আছে৷ তেওঁ কয় যে ৰাজ্যসমূহে বিনিয়োগকাৰীসকলৰ বাবে পৰিবেশতন্ত্ৰ গঢ়াৰ বাবে প্ৰয়াস কৰা উচিত য’ত ইন্সপেক্টৰৰাজ নাথাকে আৰু প্ৰতিটো পদক্ষেপতে পাৰ্মিটৰ প্ৰয়োজন নহয়৷ বিগত কেইটামান বৰ্ষত ইজ অব্ ডুয়িং বিজনেছ, নিষ্ক্ৰিয় আইন বিলোপৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহত প্ৰতিযোগিতাৰ সুস্থ বাতাৱৰণ সৃষ্টিৰ জৰিয়তেহে আমাৰ উদ্যোগসমূহে বিশ্বজনীন পৰ্যায়ৰ প্লেটফ’ৰ্ম লাভ কৰিব বুলি মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে ৰাজ্য, স্থানীয় বাসিন্দা আৰু দেশ যথেষ্ট উপকৃত হ’ব৷ তেওঁ কয় যে উদ্যোগসমূহেও নিকা আৰু স্বচ্ছ প্ৰশাসন বিচাৰে৷ কামত নহা আইন আৰু চৰকাৰৰ হস্তক্ষেপে উদ্যোগসমূহৰ উত্তৰণত বাধা দিয়ে৷
এই পৰিস্থিতিসমূহ পৰিৱৰ্তন কৰা বাবে ভাৰতে আজি ব্যৱসায়িক অনুকূল লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

তেওঁ কয়, আজি ভাৰতত বিকাশৰ বাহনে এক নতুন চিন্তা তথা পদক্ষেপৰ সৈতে সন্মুখলৈ অগ্ৰসৰ হৈছে৷ ইয়াৰ চাৰিটা চকা হ’ল- ‘‘সমাজ, চৰকাৰ, উদ্যোগ আৰু জ্ঞান’’৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতে ইজ অব্ ডুয়িং বিজনেছ সূচাংকত ৭৯টা স্থানত অগ্ৰগতি লাভ কৰিছে৷ তেওঁ কয়, ‘‘প্ৰতি বছৰেই আমি একোটা নতুন পেৰামিটাৰত অগ্ৰগতি লাভ কৰিছো৷ এই সূচাংকসমূহত অগ্ৰগতিৰ অৰ্থ হ’ল আমাৰ চৰকাৰে উদ্যোগসমূহৰ তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকৰ প্ৰয়োজনৰ ভিত্তিত সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে৷’’

‘‘এয়া কেৱল সূচাংকৰ উত্থানেই নহয়, বৰঞ্চ ইজ অব্ ডুয়িং বিজনেছত এক বৃহৎ নৱজাগৰণো৷ আজিৰ বিশ্ব দৰবাৰত ভাৰতে এনে এক শক্তিশালী স্থিতিত উপনীত হৈছে যে আমি আমাৰ অৰ্থনীতিৰ ভেঁটি কেতিয়াও দুৰ্বল হ’বলৈ নিদিও’’, তেওঁ এইদৰে কয়৷

তেওঁ কয় যে উদ্যোগসমূহক এতিয়া ইনছলভেন্সী আৰু বেংক্ৰাপচী আইনৰ অধীনত উপযুক্তধৰণে প্ৰস্থানৰ পথ দেখুওৱা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্তসকল উপকৃত হোৱাকৈ বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ জৰিয়তে সমগ্ৰ দেশতে ৪.৫৮ লাখ পৰিয়ালে তেওঁলোকে বিনিয়োগ কৰা স্থানৰ পৰা গৃহ লাভ কৰিব পাৰিব৷

তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে নতুন ঘৰুৱা উদ্যোগৰ বাবে ঔদ্যোগিক কৰ ১৫%লৈ হ্ৰাস কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে উদ্যোগখণ্ড আৰু বিশ্বৰ প্ৰতিনিধিসকলল ভাৰতক বিনিয়োগৰ শ্ৰেষ্ঠতম স্থান হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়৷

উল্লেখ্য, ইউএই হ’ল বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সহযোগী সদস্য৷ এই অনুষ্ঠানটোত ২০০ গৰাকী আন্তৰ্জাতিক প্ৰতিনিধিৰ সৈতে ১৭০০ত কৈও অধিক ঘৰুৱা ব্যৱসায়িক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

***********

VRRK/KP/MANN