Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন বিকাশ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰ

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন বিকাশ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমত বাৰাণসীত বিভিন্ন বিকাশ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীয়ে আজি ২২০ কোটি টকা ব্যয়সাপেক্ষ ১৬টা পৰিকল্পনা শুভাৰম্ভ কৰে। বাৰাণসীত ৪০০ কোটি টকা ব্যয়সাপেক্ষ ১৪টা পৰিকল্পনাত ইতিমধ্যে কাম আৰম্ভ হৈছে।

 

আজি যিসমূহ পৰিকল্পনাৰ উদ্বোধন কৰা হয়, তাৰ মাজত সাৰনাথ লাইট এণ্ড ছাউণ্ড শ্ব’, লাল বাহাদুৰ শাস্ত্ৰী হাস্পতাল, ৰামনগৰৰ উন্নয়ন, আৱৰ্জনা সম্পৰ্কীয় কাম, গাইৰ সুৰক্ষা আৰু সংৰক্ষণ, বুনিয়াদী আন্তঃগাঁথনিৰ সুবিধা, বহু-উদ্দেশ্য বীজ ভাণ্ডাৰ গৃহ, ১০০ মেট্ৰিক টনৰ কৃষি শস্যৰ ৱেৰহাউছ, আইপিডিএছ স্তৰ ২, সম্পূৰ্ণানন্দ ষ্টেডিয়ামত খেলুৱৈৰ বাবে আৱাসিক চৌহদ, বাৰাণসী চহৰত স্মাৰ্ট লাইটিং কামৰ লগতে ১০৫টা অংগনৱাৰী কেন্দ্ৰ আৰু ১০২টা গো আশ্ৰয় কেন্দ্ৰ অন্তৰ্ভুক্ত আছে।

 

এই আয়োজনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসীত পৰ্যটন চহৰৰ বিকাশ পৰিকল্পনাৰ এটা অংশ। তেওঁ কয় যে এই বিকাশ নিজেই এই কথাৰ উদাহৰণ যে বাৰাণসীয়ে কেনেদৰে গংগা নদীৰ পৰিষ্কৰণ, স্বাস্থ্য সেৱা, পথ, প্ৰাথমিক আন্তঃগাঁথনি, পৰ্যটন, বিদ্যু, যুৱক-যুৱতী, ক্ৰীড়া আৰু কৃষকৰ দৰে সকলো ক্ষেত্ৰতে বিকাশৰ গতি আহৰণ কৰিছে। তেওঁ আজি এই ঘোষণা কৰে যে গংগা কাৰ্য যোজনাৰ জৰিয়তে ছিৱেজ ট্ৰিটমেণ্ট প্লেণ্ট প্ৰজেক্টৰ নবীকৰণৰ কাম সম্পূৰ্ণ হৈছে। তেওঁ বাৰাণসীত ঘাটবিলাকৰ সৌন্দৰ্য বৰ্ধন, প্ৰদূষণ কম কৰিবলৈ চিএনজিৰ আৰম্ভণি, দশশ্বমেধ ঘাটত পৰ্যটক প্লাজাৰ দৰে প্ৰাথমিক আন্তঃগাঁথনিৰ কাম তালিকাবদ্ধ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গংগা নদীৰ বাবে কৰা এই প্ৰয়াস কাশীৰ বাবে সংকল্পযুক্ত আৰু ই নতুন সুযোগৰ পথ প্ৰশস্ত কৰিব। লাহে লাহে ইয়াত ঘাটৰ স্থিতিৰ সংশোধন হৈ আছে। তেওঁ কয় যে গংগা ঘাটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্যবৰ্ধনৰ সমান্তৰালকৈ সাৰনাথেও এক নতুন স্বৰূপ লাভ কৰিছে। তেওঁ কয় যে আজি সাৰনাথত আৰম্ভ কৰা লাইট এণ্ড ছাউণ্ড কাৰ্যক্ৰমে সাৰনাথৰ গাম্ভীৰ্য বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে আজি ঘোষণা কৰে যে কাশীৰ অধিকাংশক বিদ্যুতৰ ওলমি থকা তাঁৰৰ সমস্যাৰ পৰা মুক্ত কৰা হৈছে। বিদ্যুতৰ তাঁৰবিলাক মাটিৰ তলত স্থাপন কৰা কামৰ দ্বিতীয় স্তৰ আজি সম্পূৰ্ণ হ’ল। ইয়াৰ উপৰিও, স্মাৰ্ট এলইডি লাইটবিলাকে পথসমূহ জকমকীয়া আৰু সুন্দৰ কৰি তুলিব।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে যে বাৰাণসীৰ কানেক্টিভিটি সদায় চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে। তেওঁ কয় যে নতুন বুনিয়াদী আন্তঃগাঁথনিৰ নিৰ্মাণ কৰি থকা হৈছে যাতে কাশীৰ জনসাধাৰণ আৰু পৰ্যটকে যান-বাহনৰ জামৰ বাবে নিজৰ সময় নষ্ট কৰিবলগীয়া নহয়। তেওঁ কয় যে বাবতপুৰক চহৰৰ সৈতে সংযুক্ত কৰা পথো বাৰাণসীৰ নতুন পৰিচয় হৈ পৰিছে। তেওঁ বাৰাণসী বিমান বন্দৰত দুটা পেছেঞ্জাৰ ব’ৰ্ডিং সেঁতুৰ শুভাৰম্ভণিক অতি আৱশ্যকীয় বুলি উল্লেখ কৰি কয় যে ছবছৰৰ আগতে বাৰাণসী বিমান বন্দৰত নিতৌ ১২খন বিমান আছিল, এতিয়া বিমানৰ সংখ্যা বাঢ়ি নিতৌ ৪৮ হ’লগৈ। ইয়াত থকা আৰু ইয়ালৈ অহা দুয়োধৰণৰ জীৱন সহজ কৰি তুলিবলৈ আধুনিক বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণ কৰি থকা হৈছে। তেওঁ বাৰাণসী চহৰত কৰা পথ প্ৰাথমিক আন্তঃগাঁথনিৰ কাম তালিকাবদ্ধ কৰে।

 

প্ৰধানমন্ত্ৰীয়েকয় যে যোৱা ছবছৰত বাৰাণসীত স্বাস্থ্যৰ প্ৰাথমিক আন্তঃগাঁথনিৰ নিৰ্মাণত অভূতপূৰ্ব কাম কৰা হৈছে। আজি কেৱল উত্তৰ প্ৰদেশতে নহয়, বৰং এফালৰ পৰা সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে স্বাস্থ্য সুবিধাৰ কেন্দ্ৰ হৈ পৰিছে। তেওঁ বাৰাণসী ক্ষেত্ৰত ৰামনগৰস্থিত লাল বাহাদুৰ শাস্ত্ৰী হাস্পতালৰ আধুনিকীকৰণৰ দৰে স্বাস্থ্য বুনিয়াদী আন্তঃগাঁথনিৰ ক্ষেত্ৰত কৰা কাৰ্যাৱলী তালিকাবদ্ধ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি বাৰাণসীত চৌপাশে বিকাশ হৈ আছে আৰু পূৰ্বাঞ্চলসহ সমগ্ৰ পূব ভাৰতে ইয়াৰ মুনাফা লাভ কৰিছে। তেওঁ কয় যে এতিয়া পূৰ্বাঞ্চলৰ জনসাধাৰণে নিজৰ সৰু-সুৰা প্ৰয়োজনৰ বাবে দিল্লী আৰু মুম্বাইলৈ যাবলগীয়া নহ’ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰাণসী আৰু পূৰ্বাঞ্চলৰ কৃষকৰ বাবে আন্তঃৰাষ্ট্ৰীয় চাউল প্ৰতিষ্ঠান কেন্দ্ৰ, মিল্ক প্ৰচেছিং প্লাণ্ট, পেৰিছেবল কাৰ্গো কেন্দ্ৰৰ দৰে ব্যৱস্থাৰ পৰা পৰিবহনলৈকে বিভিন্ন সুবিধা আগবঢ়োৱা হৈছে। তেওঁ কয় যে এনেকুৱা সুবিধাৰ ফলত কৃষকসকল বহুত লাভবান হৈছে। তেওঁ এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে চলিত বৰ্ষত প্ৰথমবাৰ বাৰাণসী ক্ষেত্ৰৰ পৰা ফল-মূল, শাক-পাচলি আৰু ধান বিদেশলৈ ৰপ্তানি কৰা হৈছে। তেওঁ কয় যে আজি লঞ্চ কৰা ১০০ মেট্ৰিক টন মজুত ৰাখিব পৰা ৱেৰহাউছে কাশীত কৃষকৰ বাবে জমা ৰখা সুবিধা প্ৰসাৰিত কৰিব। তেওঁ কয় যে জান্সাত বহু উদ্দেশ্যযুক্ত বীজ গুদাম আৰু প্ৰসাৰ কেন্দ্ৰ আৰম্ভ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁৱৰ দুখীয়া আৰু খেতিয়ক আত্মনিৰ্ভৰ ভাৰত অভিযানৰ সবাতোকৈ ডাঙৰ স্তম্ভ আৰু তেওঁলোকেই সবাতোকৈ ডাঙৰ লাভাৰ্থীও। তেওঁ কয় যে শেহতীয়াকৈ কৰা কৃষি সংস্কাৰসমূহে কৃষকক পোনপটীয়াকৈ লাভবান কৰিব। তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ জৰিয়তে, ষ্ট্ৰীট ভেণ্ডৰে সহজ ঋণ পাই আছে, যাতে তেওঁলোকে মহামাৰীৰ পিছত নিজৰ কাম পুনৰ আৰম্ভ কৰিব পাৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁৱত থকা লোকসকলক তেওঁলোকৰ ভূমি আৰু গৃহৰ ওপৰত আইনী অধিকাৰ প্ৰদান কৰিবৰ বাবে, ‘স্বামীত্ব যোজনা’ আৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই যোজনাৰ জৰিয়তে সম্পত্তি কাৰ্ড জাৰি হোৱাৰ পিছত, গাঁৱত সম্পত্তিৰ বিবাদৰ সম্ভাৱনা নাথাকিব। এতিয়া গাঁৱৰ গৃহ অথবা ভূমিৰ ওপৰত বেংকৰ পৰা ঋণ লোৱাটো সহজ হৈ পৰিব।

 

প্ৰধানমন্ত্ৰীয়ে দীপাৱলি, গোবৰ্ধন পূজা আৰু ভাইয়া দুজ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনায় আৰু তেওঁলোকক অনুৰোধ কৰে যে তেওঁলোকে দীপাৱলিৰ বাবে ‘লোকেল’ সামগ্ৰীক উসাহিত কৰক আৰু ‘লোকেল’ সামগ্ৰীৰ বিষয়ে গৌৰৱেৰে প্ৰচাৰ কৰক, ইয়াৰ জৰিয়তে স্থানীয় পৰিচয় শক্তিশালী হ’ব।

 

***

DS/AK