Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ নামত অৰ্পণ কৰিলে ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ দেশবাসীৰ নামত অৰ্পণ কৰিলে। তেওঁ ২০১৫ চনৰ এপ্ৰিলত এই কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই কেন্দ্ৰই ড০ আম্বেদকাৰৰ শিক্ষাক কৰ্ষণ কৰিবলৈ সুবিধা দিব।

ড০ আম্বেদকাৰ আৰ্থ-সামাজিক পৰিৱৰ্তনৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰক এই প্ৰকল্পৰে অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই আৰ্থ-সামাজিক বিষয়ৰ ওপৰত গৱেষণা তথা মৌলিক চিন্তাৰ বাবে উৎকৃষ্ট কেন্দ্ৰ হৈ উঠিব। এই কেন্দ্ৰই আৰ্থ-সামাজিক বিষয়ৰ সংহত প্ৰগতিৰ বাবে চিন্তাবিদৰ কাম কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন সময়ত বহু দূৰদৰ্শী নেতাই ভাৰতৰ প্ৰগতিৰ দিশ নিৰ্ণয় কৰি থৈ গৈছে।দেশ গঢ়াৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে ভাৰতবাসী সদায়ে ড০ আম্বেদকাৰৰ ওচৰত ঋণী হৈ থাকিব।কেন্দ্ৰীয় চৰকাৰে যিমান পাৰি বেছি সংখ্যক মানুহে, বিশেষকৈ যুৱ প্ৰজন্মই তেওঁৰ আদৰ্শৰ বিষয়ে জনাটো কামনা কৰে। সেয়ে ড০ আম্বেদকাৰৰ  লগত জড়িত ঠাইসমূহক তীৰ্থস্থানৰ দৰে উন্নয়ন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰসঙ্গতে তেওঁ দিল্লীৰ আলিপুৰ, মধ্য প্ৰদেশৰ মাহাও, মুম্বাইৰ ইন্দু মিল, নাগপুৰৰ দীক্ষাভূমি আৰু লণ্ডনৰ ঘৰটোৰ কথা উল্লেখ কৰে। আজিৰ প্ৰজন্মই ড০ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে পঞ্চতীৰ্থ তৈয়াৰ কৰা হৈছে। ডিজিটেল লেন-দেনৰ বাবে ব্যৱহাৰ কৰিব পৰা ভীম এপ টো কেন্দ্ৰীয় চৰকাৰে ড০ আম্বেদকাৰৰ অৰ্থনৈতিক দূৰদৃষ্টিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে মুকলি কৰিছে।   

১৯৪৬ চনত ড০ আম্বেদকাৰে সংবিধান সভাত দিয়া ভাষণৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বহু প্ৰত্যাহ্বান নেওচি ড০ আম্বেদকাৰে নিজৰ দূৰদৰ্শী লক্ষ্যৰে সকলোকে প্ৰেৰণা যোগাইছিল।আমি তেওঁৰ লক্ষ্য পূৰণ কৰিব পৰা নাই। আজিৰ প্ৰজন্মৰ হাতত সামাজিক সমস্যাসমূহ সমাধান কৰাৰ ক্ষমতা আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ড০ আম্বেদকাৰক স্মৰণ কৰি কয় যে আমি ৰাজনৈতিক গণতন্ত্ৰৰ লগতে সামাজিক গণতন্ত্ৰও গঢ়িব লাগিব। যোৱা চাৰে তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সেই সামাজিক গণতন্ত্ৰৰ লক্ষ্য পূৰণৰ দিশে ধাৱমান হৈছে।এই প্ৰসঙ্গতে তেওঁ জনধন যোজনা, উজ্জ্বলা যোজনা, স্বচ্ছ ভাৰত যোজনা, বীমা আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, সৌভাগ্য যোজনা আদিৰ কথা উল্লেখ কৰে।তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্দ্ধাৰিত সময়তে সকলো প্ৰকল্প সম্পাদন কৰাৰ লক্ষ্যৰে কাম কৰি আছে আৰু ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই তাকে সূচায়।তেওঁ ভূমি স্বাস্থ্য কাৰ্ড, মিশ্যন ইন্দ্ৰধনুশ আৰু গ্ৰাম্য বৈদ্যুতিকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ কথাও উল্লেখ কৰে।স্বনিয়োজনৰ সুবিধা সৃষ্টি কৰা ‘ষ্টে’ণ্ড আপ ইণ্ডিয়া’ আঁচনিৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ড০ আম্বেদকাৰৰ  সপোনকে সৰোগত কৰি আমি নতুন ভাৰত গঢ়িবলৈ গৈ আছো, য’ত সকলোৱে সামন অধিকাৰ পাব, প্ৰযুক্তিৰ শক্তিৰে বলীয়ান হৈ আগুৱাই যাব। তেওঁ সকলোকে বাবাচাহেৱ আম্বেদকাৰৰ সপোনক বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে ২০২২ চনৰ ভিতৰত এই সপোন বাস্তৱত পৰিণত হ’ব বুলি আশা ব্যক্ত কৰে।

*****

AKT/AK/PRK