Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰোহিনী গডবোলেৰ বিয়োগত শোক প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰোহিনী গডবোলেৰ মৃত্যুত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে গডবোলেক এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক হিচাপে প্ৰশংসা কৰে, যিগৰাকী বিজ্ঞানৰ জগতখনত অধিক মহিলাৰ শক্তিশালী সমৰ্থকো আছিল। তেওঁ লগতে কয় যে তেওঁৰ শৈক্ষিক প্ৰচেষ্টাই আগন্তুক প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব।

এক্সত কৰা এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে:

“ৰোহিনী গডবোলে জীৰ বিয়োগত দুখ পাইছোঁ। তেওঁ আছিল এগৰাকী অগ্ৰণী বিজ্ঞানী আৰু উদ্ভাৱক, যিগৰাকী বিজ্ঞানৰ জগতখনত অধিক মহিলাৰ শক্তিশালী সমৰ্থকো আছিল। তেওঁৰ শৈক্ষিক প্ৰচেষ্টাই আগন্তুক প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”

**********

MJPS/SR