Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিক উষ্ম আদৰণি জনায


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰৱ গণৰাজ্য ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিক উষ্ম আদৰণি জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি ২৪-২৬ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰত ভ্ৰমণলৈ আহিছে। ভাৰতলৈ তেওঁৰ দ্বিতীয়টো চৰকাৰী ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি চিচি ভাৰতৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হ’ব।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

“ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিক ভাৰতলৈ উষ্ম আদৰণি জনাইছো। আমাৰ গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে মুখ্য অতিথি হিচাপে আপোনাৰ ঐতিহাসিক ভাৰত ভ্ৰমণ সকলো ভাৰতীয়ৰ বাবে অপৰিসীম সুখৰ বিষয়। কাইলৈ আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰি আছো। @AlsisiOfficial”

***

DS/AK/MM