প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰে আৰু বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্তসকলৰ মাজত ৫১,০০০ তকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। সমগ্ৰ দেশৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপ্তসকলে ৰে’ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৩৭ খন ঠাই মেলাৰ সৈতে সংযুক্ত আছিল।
ৰোজগাৰ মেলা উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা বছৰ অক্টোবৰত ৰোজগাৰ মেলা আৰম্ভ হোৱা ৰোজগৰ মেলাৰ যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে আৰু কেন্দ্ৰ আৰু এনডিএ শাসিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিভিন্ন ৰোজগাৰ মেলাত লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিছে। আজিও ৫০,০০০ তকৈও অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপ্তসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আয়োজিত ৰোজগাৰ মেলাসমূহ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ লক্ষণ, য’ত মিছন মোডত কাম চলি আছে। “আমি কেৱল নিযুক্তি প্ৰদান কৰাই নহয়, লগতে এক স্বচ্ছ ব্যৱস্থা বজাই ৰাখিছোঁ”, শ্ৰী মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত যুৱক-যুৱতীসকলৰ বৰ্ধিত বিশ্বাসৰ কথা উল্লেখ কৰি গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে চৰকাৰে কেৱল প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰাই নহয়, পৰীক্ষা প্ৰক্ৰিয়াটো পুনৰ্গঠন কৰাৰ প্ৰয়াস কৰি আছে।তেওঁ উল্লেখ কৰে যে কৰ্মচাৰী বাছনি চক্ৰৰ অধীনত নিযুক্তিৰ বাবে লোৱা সময়ো আধালৈ হ্ৰাস কৰা হৈছে। “চাকৰিৰ অধিসূচনাৰ পৰা নিযুক্তি পত্ৰৰ মাজৰ সামগ্ৰিক সময় যথেষ্ট হ্ৰাস পাইছে”, শ্ৰী মোদীয়ে কয়। এছএছচিৰ অধীনত কিছুমান পৰীক্ষাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে এতিয়া হিন্দী আৰু ইংৰাজীৰ বাহিৰে ১৩ টা বিভিন্ন আঞ্চলিক ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে যাৰ ফলত সেই প্ৰাৰ্থীসকলৰ বাবে ভাষাৰ বাধা নেওচা সহজ হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া উন্নয়নৰ গতিৰ সেই গতি যিয়ে প্ৰতিটো খণ্ডত নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিছে। তেওঁ ধোৰ্ডো গাঁৱৰ কথা উল্লেখ কৰে, যিখন গাঁৱে ৰাষ্ট্ৰসংঘৰ দ্বাৰা শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ সন্মান লাভ কৰে আৰু বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা হোয়চলা মন্দিৰ চৌহদ আৰু শান্তি নিকেতনৰ কথা উল্লেখ কৰে। এই উন্নয়ন আৰু বৰ্ধিত পৰ্যটনে যুৱক-যুৱতীসকলসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। একেদৰে, ক্ৰীড়াক্ষেত্ৰতো গ্ৰহণ কৰা পদক্ষেপে নতুন সুযোগ সৃষ্টি কৰিছে, তেওঁ কয়।
“নিযুক্তিৰ সুযোগ প্ৰদান কৰা…নৱীকৰণযোগ্য শক্তি, মহাকাশ, অটোমেশ্যন আৰু প্ৰতিৰক্ষা ৰপ্তানিৰ দৰে নতুন খণ্ডক চৰকাৰে প্ৰোৎসাহিত কৰি থকাৰ লগতে পৰম্পৰাগত খণ্ডসমূহক শক্তিশালী কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ড্ৰোন প্ৰযুক্তি খণ্ডত নতুন পথ মুকলি কৰাৰ কথাও উল্লেখ কৰে আৰু ইয়াৰ সহায়ত শস্য মূল্যায়ন আৰু পুষ্টি স্প্ৰে কৰাৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বামীত্ব আঁচনিৰ অধীনত ভূমি মেপিঙৰ বাবে ড্ৰোন ব্যৱহাৰ কৰা হৈছে। তেওঁ লগতে হিমাচল প্ৰদেশৰ লাহৌল স্পিতি অঞ্চলত ড্ৰোন ব্যৱহাৰ কৰি ঔষধ প্ৰদানৰ কথা উল্লেখ কৰে, যাৰ ফলত আনুমানিক সময় ২ ঘণ্টাৰ পৰা ২০-৩০ মিনিটতলৈকৈ হ্ৰাস হৈছে। ষ্টাৰ্টআপবোৰেও ড্ৰোনৰ পৰা বহুত লাভান্বিত হৈছে আৰু নতুন ডিজাইন আৰু প্ৰযুক্তি সৃষ্টি কৰাত সহায় কৰিছে।
প্ৰধানমন্ত্ৰীয়ে খাদীৰ পুনৰুত্থানৰ কথা উল্লেখ কৰে যিয়ে ১০ বছৰ পূৰ্বে মাত্ৰ ৩০ হাজাৰ কোটিৰ তুলনাত ১.২৫ লাখ কোটিতকৈও অধিক বিক্ৰী পঞ্জীয়ন কৰিছে। ইয়াৰ ফলত খাদী আৰু গ্ৰামোদ্যোগ খণ্ডত বহুতো চাকৰি সৃষ্টি হৈছে, বিশেষকৈ মহিলাসকলক লাভান্বিত কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিকোনো দেশৰ যিকোনো প্ৰতিযোগিতামূলক সুবিধাৰ বাবে যুৱশক্তিক সম্পূৰ্ণৰূপে উপলব্ধি কৰা প্ৰয়োজন। তেওঁ দক্ষতা আৰু শিক্ষাৰ পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে যুৱক-যুৱতীসকলক নতুন সুযোগৰ সম্পূৰ্ণ সুবিধা ল’বলৈ সাজু কৰি তুলিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি, নতুন চিকিৎসা মহাবিদ্যালয়, আইআইটি, আইআইএম আৰু আইটি আৰম্ভ হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত কোটি কোটি যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হৈছে। বিশ্বকৰ্মা বন্ধুসকলৰ বাবে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা আৰম্ভ কৰা হৈছে। যিহেতু স্কিলিং আৰু আপস্কিলিং হৈছে আজিৰ সময়ৰ প্ৰয়োজনীয়তা, প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাই বিশ্বকৰ্মাসকলক আধুনিক প্ৰযুক্তি আৰু সঁজুলিৰ সৈতে সংযুক্ত কৰিছে।
যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাটো ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিযুক্তি লাভ কৰাসকলেহে চৰকাৰী আঁচনিসমূহক আগুৱাই নিব আৰু সেইবোৰ তৃণমূল পৰ্যায়ত ৰূপায়ণ কৰিব। “আজি আপোনালোক সকলোৱে আমাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ সহযোগী হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ভাৰতৰ লক্ষ্য পূৰণৰ বাবে সকলো শক্তিৰে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ নতুনকৈ নিযুক্তি লাভ কৰাসকলক তেওঁলোকৰ শিক্ষণ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ আৰু আইজিঅটি কৰ্মযোগী পৰ্টেল ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। “আপোনাসৱৰ প্ৰতিটো পদক্ষেপে দেশক উন্নয়নৰ পথত দ্ৰুতগতিত আগুৱাই নিয়াত সহায় কৰিব”, তেওঁ মন্তব্য কৰে। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে শাৰদ পূৰ্ণিমাৰ পৱিত্ৰ অনুষ্ঠানৰ কথা উল্লেখ কৰে আৰু নিযুক্তিপ্ৰাপ্ত সকলক ভোকেল ফৰ লোকেলৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ আহ্বান জনায়, যি দেশৰ ভিতৰত নিয়োগ সৃষ্টিৰ এক মাধ্যমো।
পৃষ্ঠভূমি
ৰোজগাৰ মেলা সমগ্ৰ দেশৰ ৩৭ টা স্থানত অনুষ্ঠিত হ’ব। এই পদক্ষেপৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিযুক্তি দিয়া হৈছে। সমগ্ৰ দেশৰ পৰা নতুন নিযুক্তি লাভ কৰাসকলে ৰে’ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়/বিভাগত যোগদান কৰিব।
ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ। ৰোজগাৰ মেলাই অধিক নিযুক্তি সৃষ্টিত অনুঘটক হিচাপে কাম কৰিব আৰু যুৱক-যুৱতীসকলক সৱলীকৰণ কৰা আৰু ৰাষ্ট্ৰীয় বিকাশত অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
নতুনকৈ নিযুক্তি লাভ কৰাসকলে আইজিঅটি কৰ্মযোগী পৰ্টেলৰ এক অনলাইন মডিউল কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিছে। এই পৰ্টেলত ‘যিকোনো স্থানত, যিকোনো ডিভাইচত’ প্ৰশিক্ষণৰ বাবে ৭৫০ৰো অধিক ই-লাৰ্ণিং পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।
Addressing the Rashtriya Rozgar Mela. Best wishes to the newly inducted appointees. https://t.co/IRZUeVQ5yl
— Narendra Modi (@narendramodi) October 28, 2023
**************
DS/TS/KG
Addressing the Rashtriya Rozgar Mela. Best wishes to the newly inducted appointees. https://t.co/IRZUeVQ5yl
— Narendra Modi (@narendramodi) October 28, 2023
Our government is working in mission mode keeping in mind the future of the youth. pic.twitter.com/rv1pasJOGa
— PMO India (@PMOIndia) October 28, 2023
Today, India's trajectory and the pace of its progress are generating new employment prospects across all sectors. pic.twitter.com/nCkd9hWxmq
— PMO India (@PMOIndia) October 28, 2023
Today, India is equipping its youth with skills and education to harness emerging opportunities. pic.twitter.com/HKthTqqqRp
— PMO India (@PMOIndia) October 28, 2023