প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘শ্ৰেষ্ঠ গোলকীয় সংগীত’ৰ গ্ৰেমী বঁটা লাভ কৰা বাবে সংগীতজ্ঞ ওস্তাদ জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজগোপালনক অভিনন্দন জ্ঞাপন কৰে।
তেওঁলোকৰ বেণ্ড ‘শক্তি’, এক ফিউজন সংগীত গোটে ‘দিচ মোমেন্ট’ৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছে।
তেওঁ কয় যে তেওঁলোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সংগীতৰ প্ৰতি সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে, যাৰ ফলত ভাৰত গৌৰৱান্বিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“গ্ৰেমীত অভূতপূৰ্ব সফলতাৰ বাবে জাকিৰ হুছেইন, ৰাকেশ চৌৰাছিয়া, শংকৰ মহাদেৱন, চেলভাগণেশ ভি আৰু গণেশ ৰাজাগোপালন,আপোনালোকক অভিনন্দন! সংগীতৰ প্ৰতি আপোনালোকৰ ব্যতিক্ৰমী প্ৰতিভা আৰু সমৰ্পণে বিশ্বজুৰি হৃদয় জয় কৰিছে। ভাৰত গৌৰৱান্বিত! এই সফলতা আপোনালোকে কৰি থকা কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। ই নতুন প্ৰজন্মৰ শিল্পীসকলক ডাঙৰ সপোন দেখিবলৈ আৰু সংগীতত উৎকৃষ্ট হ’বলৈ অনুপ্ৰাণিত কৰিব।”
Congratulations @ZakirHtabla, @Rakeshflute, @Shankar_Live, @kanjeeraselva, and @violinganesh on your phenomenal success at the #GRAMMYs! Your exceptional talent and dedication to music have won hearts worldwide. India is proud! These achievements are a testament to the hardwork…
— Narendra Modi (@narendramodi) February 5, 2024
***
DS/RT/MK/ID