Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ’ লাইন ৩ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জনাইছে

প্ৰধানমন্ত্ৰীয়ে মুম্বাই মেট্ৰ’ লাইন ৩ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে মুম্বাইৰ মেট্ৰ’ নেটৱৰ্ক সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিব।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“মুম্বাইৰ মেট্ৰ’ নেটৱৰ্কৰ সম্প্ৰসাৰণে মানুহৰ ‘জীৱন সহজ’ কৰি তুলিছে! মুম্বাই মেট্ৰ’ লাইন ৩, ফেজ-১ৰ আৰে জেভিএলআৰৰ পৰা বিকেচি ছেক্সনৰ উদ্বোধন উপলক্ষে মুম্বাইবাসীক অভিনন্দন।”

শ্ৰী মোদীয়ে মেট্ৰ’ত উঠেও আৰু ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰে।

তেওঁ এক্সত এটা পোষ্টত লিখিছে:

“ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, মুখ্যমন্ত্ৰী মাঝি লড়কী বহিন যোজনাৰ হিতাধিকাৰী আৰু মেট্ৰ’ নিৰ্মাণ কৰা শ্ৰমিকসকলৰ সৈতে মত বিনিময় কৰি আনন্দিত হ’লোঁ।”

**********

MJPS/SR