Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ১ বিলিয়ন টন কয়লা উৎপাদনৰ ঐতিহাসিক সাফল্যৰ শলাগ লয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ১ বিলিয়ন টন কয়লা উৎপাদনৰ ঐতিহাসিক সাফল্যৰ শলাগ লৈ শক্তি সুৰক্ষা, অৰ্থনৈতিক বিকাশ আৰু আত্ম-নিৰ্ভৰতাৰ প্ৰতি উল্লেখযোগ্য দায়বদ্ধতাত আলোকপাত কৰে।

শ্ৰী মোদীয়ে এই কৃতিত্বক প্ৰশংসাৰে ইয়াক “ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত” বুলিও অভিহিত কৰে আৰু এই খণ্ডৰে জড়িতসকলৰ অদম্য নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি জনায়।

কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এটা এক্স প’ষ্টত জনাইছে যে ভাৰতে উল্লেখযোগ্য ১ বিলিয়ন টন কয়লা উৎপাদনক অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ এক্স প’ষ্টটোলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এক্সত এইদৰে লিখিছে;

“ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!

উল্লেখযোগ্য ১ বিলিয়ন টন কয়লা উৎপাদনৰ বিশেষ মাইলৰ খুঁটি অতিক্ৰম কৰাটো এক বিৰল কৃতিত্ব, যিয়ে শক্তি সুৰক্ষা, অৰ্থনৈতিক বিকাশ আৰু আত্ম-নিৰ্ভৰতাৰ প্ৰতি আমাৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। এই কৃতিত্বই খণ্ডটোৰ সৈতে জড়িত সকলোৰে নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমকো প্ৰতিফলিত কৰিছে।”

****************

MJPS/ST/SB