Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-এছৰ সফল প্ৰক্ষেপণৰ বাবে ইছৰো আৰু ইন-স্পেচক অভিনন্দন জনায


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ভাৰতৰ প্ৰথম বেচৰকাৰী ৰকেট, বিক্ৰম-ছাবঅৰ্বিটেলৰ সফল প্ৰক্ষেপণৰ বাবে ভাৰতীয় অন্তৰিক্ষ গৱষণা সংস্থা (ইছৰো) আৰু ইন-স্পেচক অভিনন্দন জনাইছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

“ভাৰতৰ বাবে এক ঐতিহাসিক ক্ষণ, স্কাইৰুট এৰোস্পেচৰ দ্বাৰা বিকশিত ৰকেট বিক্ৰম-এছে আজি শ্ৰীহৰিকোটাৰ পৰা উড়ন সম্পন্ন কৰে! এয়া ভাৰতৰ বেচৰকাৰী অন্তৰিক্ষ উদ্যোগৰ যাত্ৰাত এটা মহত্বপূৰ্ণ মাইলৰ খুঁটা। এই প্ৰাপ্তি আহৰণ কৰা বাবে @isro আৰু @INSPACeINDক অভিনন্দন।

“এই প্ৰাপ্তিয়ে আমাৰ যুৱক-যুৱতীৰ অপাৰ প্ৰতিভাৰ প্ৰমাণ দিয়ে, যিসকলে জুন ২০২০ৰ ঐতিহাসিক অন্তৰিক্ষ ক্ষেত্ৰৰ সংশোধনৰ সম্পূৰ্ণ সুবিধা আদায় কৰিলে।”

***

DS/SH