Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিবিদ তথা অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ ডঃ বিবেক দেবৰয়ৰ বিয়োগত শোক প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় অৰ্থনীতিবিদ তথা প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড° বিবেক দেবৰয়ৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ

“ডঃ বিবেক দেবৰয় ডাঙৰীয়া এগৰাকী পণ্ডিত আছিল। তেওঁ একেধাৰে অৰ্থনীতি, ইতিহাস, সংস্কৃতি, ৰাজনীতি, আধ্যাত্মিকতা আদি ভিন্ন ক্ষেত্ৰৰ এজন সুপৰিচিত লোক আছিল। স্বকীয় কৰ্মৰাজিৰ জৰিয়তে তেখেতে ভাৰতৰ বৌদ্ধিক বাতাবৰণত এক বিশিষ্ট পদাংক এৰি থৈ গ’ল। ৰাজহুৱা নীতিত তেওঁ বৰঙণি আগবঢ়োৱাৰ সমান্তৰালকৈ আমাৰ প্ৰাচীন গ্ৰন্থসমূহৰ সন্দৰ্ভত কাম কৰি ভাল পাইছিল, এইসমূহক যুৱক-যুৱতীসকলৰ বাবে সুলভ কৰি তুলিছিল।”

***

MJPS/TS/SB