প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহনক্ষম উন্নয়ন আৰু শক্তি পৰিবৰ্তনৰ বিষয়ে জি-২০ সন্মিলনৰ অধিৱেশনত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত এই গোটটোৱে ২০৩০ চনৰ ভিতৰত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা তিনিগুণ আৰু শক্তি দক্ষতাৰ হাৰ দুগুণ কৰাৰ সংকল্প লৈছে। তেওঁ ব্ৰাজিলৰ এই বহনক্ষম উন্নয়নৰ অগ্ৰাধিকাৰসমূহ আগবঢ়োৱাৰ সিদ্ধান্তক আদৰণি জনায়।
প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়নৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ কয় যে ভাৰতে যোৱা দহ বছৰত ৪০ নিযুত পৰিয়ালক আবাস প্ৰদান কৰিছে; যোৱা পাঁচ বছৰত ১২০ নিযুত পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লগতে ১০০ নিযুত পৰিয়ালক পৰিষ্কাৰ ৰন্ধন ইন্ধন আৰু ১১৫ নিযুত পৰিয়ালক শৌচালয়ৰ সুবিধা প্ৰদান কৰিছে ।
পেৰিছৰ প্ৰতিশ্ৰুতি পূৰণ কৰা ভাৰত প্ৰথমখন জি-২০ দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নৱীকৰণযোগ্য শক্তি উৎপাদনৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাৰ ভিতৰত ২০০ গিগাৱাট লাভ কৰা হৈছে। তেওঁ লগতে ভাৰতে গ্ৰহণ কৰা গোলকীয় পদক্ষেপ, যেনে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিছন লাইফ, ৱান ছান ৱান ৱৰ্ল্ড ৱান গ্ৰিড আৰু গ্লোবেল ইন্ধন মিত্ৰজোঁটৰ বিষয়েও উল্লেখ কৰে। ক্ষুদ্ৰ দ্বীপ উন্নয়নশীল ৰাজ্যসমূহৰ বহনক্ষম উন্নয়নৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়াৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে গ্লোবেল ছাউথ সন্মিলনৰ তৃতীয় কণ্ঠ হিচাপে ভাৰতে ঘোষণা কৰা গ্লোবেল ডেভেলপমেণ্ট কম্পেক্টক সমৰ্থন কৰিবলৈ দেশসমূহক আহ্বান জনায়।
***
MJPS/SR/MK/AT
At the G20 Summit in Rio de Janeiro today, I spoke on a topic which is very important for the future of the planet- Sustainable Development and Energy Transition. I reiterated India’s steadfast commitment to the Sustainable Development Agenda. Over the past decade, India has… pic.twitter.com/6JtfGWjiSS
— Narendra Modi (@narendramodi) November 19, 2024
We in India, guided by our cultural values, have been the first to fulfil the Paris Agreement commitments ahead of schedule. Building on this, we are accelerating towards more ambitious goals in sectors like renewable energy. Our effort of the world’s largest solar rooftop…
— Narendra Modi (@narendramodi) November 19, 2024
India is sharing its successful initiatives with the Global South, focussing on affordable climate finance and technology access. From launching the Global Biofuels Alliance and promoting ‘One Sun One World One Grid’ to planting a billion trees under ‘Ek Ped Maa Ke Naam’, we…
— Narendra Modi (@narendramodi) November 19, 2024
Partnering to leverage the power of technology for a greener world!
— Narendra Modi (@narendramodi) November 19, 2024
The Declaration on Digital Public Infrastructure, AI and Data for Governance offers a roadmap towards a more sustainable planet. I thank the distinguished world leaders for their passion and support to this… pic.twitter.com/uZtMoxJ3wG
With G20 leaders at the productive Rio de Janeiro summit.
— Narendra Modi (@narendramodi) November 19, 2024
We had engaging conversations and deepened global collaboration in areas like sustainable development, growth, fighting poverty and harnessing technology for a better future. pic.twitter.com/jbePWZ3zgv