প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেহু, পুণেত জগদ্গুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ মন্দিৰ উদ্ঘাটন কৰে।
উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দেহুৰ এই পৱিত্ৰ ভূমিলৈ আহি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে শাস্ত্ৰৰ উল্লেখ কৰি কয় যে সন্তসকলৰ সৎসংগ মানৱ জীৱনৰ সবাতোকৈ দুৰ্লভ সৌভাগ্য। যদি সন্তসকলৰ কৃপা পোৱা যায় তেন্তে ঈশ্বৰৰ প্ৰাপ্তি আপোনা-আপুনি হৈ যায়। তেওঁ কয়, “আজি এই পৱিত্ৰ ধাৰ্মিক স্থললৈ আহি মই কিছু এনেকুৱা অনুভৱ কৰি আছো।” প্ৰধানমন্ত্ৰীয়ে কয়, “দেহুৰ শিলা মন্দিৰ কেৱল ভক্তিৰ শক্তিৰ কেন্দ্ৰই নহয়, বৰং ভাৰতৰ সাংস্কৃতিক ভৱিষ্যতৰ পথো প্ৰশস্ত কৰে। মই এই পৱিত্ৰ স্থানৰ পুনৰ্নিৰ্মাণৰ বাবে মন্দিৰ ট্ৰাষ্ট আৰু সকলো ভক্তৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।”
তেওঁ কেইমাহমানৰ আগতে পালকী মাৰ্গত দুটা ৰাষ্ট্ৰীয় ৰাজপথ চাৰি লেনযুক্ত কৰা কাৰ্যৰ শিলান্যাস কৰাৰ সৌভাগ্য হোৱাৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে শ্ৰী সন্ত জ্ঞানেশ্বৰ মহাৰাজ পালকী পথ পাঁচটা পৰ্যায়ত সম্পূৰ্ণ হৈ যাব আৰু সন্ত তুকাৰাম মহাৰাজ পালকী পথ তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব। এই পৰ্যায়বোৰত ৩৫০ কিঃমিঃতকৈ অধিক দীঘল ৰাজপথৰ নিৰ্মাণ ১১,০০০ কোটি টকাতকৈ অধিক ব্যয়েৰে সম্পূৰ্ণ হ’ব।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ পৃথিৱীৰ সবাতোকৈ প্ৰাচীন জীৱন্ত সভ্যতাৰ অন্যতম হোৱাটো গৌৰৱৰ কথা। তেওঁ কয়, “যদি ইয়াৰ কৃতিত্ব কাৰোবাক দিব লাগে তেন্তে এয়া ভাৰতৰ সন্ত পৰম্পৰা আৰু ইয়াৰ ঋষিসকলক দিব লাগিব।” প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত শাশ্বত, কিয়নো এয়া সন্তসকলৰ ভূমি। প্ৰতিটো যুগত, আমাৰ দেশ আৰু সমাজক কিছু মহান বিভূতিয়ে পথপ্ৰদৰ্শন কৰি আহিছে। আজি দেশে সন্ত কবীৰ দাসৰ জয়ন্তী পালন কৰিছে। তেওঁ শ্ৰী সন্ত জ্ঞানেশ্বৰ মহাৰাজ, সন্ত নিবৃত্তিনাথ, সন্ত সোপানদেৱ আৰু আদি শক্তি মুক্তা বাঈ জী আদি সন্তসকলৰ মুখ্য বৰ্ষপূৰ্তিৰো উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত তুকাৰাম জীৰ দয়া, কৰুণা আৰু সেৱা তেওঁৰ ‘অভংগ’ৰ ৰূপত আজিও আমাৰ লগত আছে। এই ‘অভংগ’ই আমাক প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি প্ৰেৰণা দি আছে। তেওঁ কয়, যি লুপ্ত নহয়, সময়ৰ সৈতে শাশ্বত আৰু প্ৰাসংগিক হৈ থাকে, সেয়াই অভংগ। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিও যেতিয়া দেশে নিজৰ সাংস্কৃতিক মূল্যবোধৰ সৈতে আগবাঢ়ি আছে, সন্ত তুকাৰামৰ অভংগই আমাক শক্তি দি আছে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠিত সন্ত পৰম্পৰাৰ ‘অভংগ’ৰ গৌৰৱশালী পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে মানুহৰ মাজত ভেদভাব নোহোৱা কৰা উপদেশসমূহ আলোকপাত কৰে। তেওঁ কয় যে এই উপদেশ দেশ আৰু সমাজৰ ভক্তিৰ সমান, কিয়নো সেয়া আধ্যাত্মিক ভক্তিৰ বাবে। তেওঁ কয় যে এই বাৰ্তা ৱাৰকৰী ভক্তসকলৰ বাৰ্ষিক পণ্ঢৰপুৰ যাত্ৰাত প্ৰতিফলিত হয়। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এনেকুৱা মহান পৰম্পৰাৰেই অনুপ্ৰাণিত। তেওঁ লৈংগিক সমতা আৰু অন্ত্যোদয়াৰ ভাবনাৰ উল্লেখ কৰি কয় যে এয়া ৱাৰকৰী পৰম্পৰাৰে অনুপ্ৰাণিত। প্ৰধানমন্ত্ৰীয়ে কয়, “দলিত, বঞ্চিত, পিছপৰা, জনজাতি, শ্ৰমিকসকলৰ কল্যাণ দেশৰ প্ৰথম প্ৰাথমিকতা।”
প্ৰধানমন্ত্ৰীয়ে তুকাৰাম মহাৰাজৰ দৰে সন্তসকলক ছত্ৰপতি শিৱাজী মহাৰাজৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলৰ জীৱনত অত্যন্ত বিশেষ ভূমিকা পালনৰ কৃতিত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে যেতিয়া বীৰ ছাৱাৰকাৰক স্বাধীনতা সংগ্ৰামত ভাগ লোৱা বাবে শাস্তি দিয়া হৈছিল তেতিয়া তেওঁ তুকাৰাম জীৰ অভংগ গাইছিল, লগতে জেলত খুটিতালৰ লেখীয়াকৈ হাতকড়ি বজাইছিল। তেওঁ কৈছে যে সন্ত তুকাৰামে এক বেলেগ স্তৰত দেশৰ ভিতৰত উৎসাহ আৰু শক্তিৰ সঞ্চাৰ কৰিছিল। তেওঁ লগতে কয় যে পণ্ঢৰপুৰ, জগন্নাথ, মথুৰাত ব্ৰজ পৰিক্ৰমা বা কাশী পঞ্চকোষী পৰিক্ৰমা, চাৰি ধাম বা অমৰনাথ যাত্ৰাৰ দৰে বহু ধাৰ্মিক তীৰ্থই আমাৰ ৰাষ্ট্ৰৰ বিবিধতাক একতাৰ দোলেৰে বান্ধিছে আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাবনাৰ নিৰ্মাণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে আমাৰ ৰাষ্ট্ৰৰ একতাক শক্তিশালী কৰি ৰাখিবলৈ আমাৰ প্ৰাচীন পৰিচয় আৰু পৰম্পৰাবিলাকক জীৱিত ৰখাৰ দায়িত্ব আমাৰ। তেওঁ কয়, “আজি যেতিয়া আধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনি ভাৰতৰ বিকাশৰ পৰ্যায় হৈ আছে, আমি সুনিশ্চিত কৰিছো যে বিকাশ আৰু ঐতিহ্য উভয়েই একেলগে অগ্ৰসৰ হওক।” তেওঁ পালকী যাত্ৰাৰ আধুনিকীকৰণ, চাৰি ধাম যাত্ৰাৰ বাবে নতুন ৰাজপথ, অযোধ্যাত ভব্য ৰাম মন্দিৰ, কাশী বিশ্বনাথ ধামৰ পুনৰ্নিৰ্মাণ আৰু সোমনাথত বিকাশৰ কামৰ উদাহৰণ দি নিজৰ কথা স্পষ্ট কৰে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰসাদ যোজনাৰ অধীনত তীৰ্থ স্থলসমূহৰ বিকাশ কৰি থকা হৈছে। তেওঁ কয় যে ৰামায়ণ ছাৰ্কিট আৰু বাবা চাহেবৰ পঞ্চতীৰ্থৰ বিকাশ কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যদি প্ৰত্যেকৰে প্ৰয়াস সঠিক দিশত হয় তেন্তে সবাতোকৈ ডাঙৰ সমস্যাৰো সমাধান কৰিব পাৰি। তেওঁ কয় যে আজি স্বাধীনতাৰ ৭৫তম বৰ্ষত দেশক কল্যাণমূলক যোজনাৰ মাধ্যমত ১০০ শতাংশ সবলীকৰণৰ দিশত অগ্ৰসৰ হৈছে। দুখীয়াসকলক এই যোজনাবিলাকৰ মাধ্যমত প্ৰাথমিক আৱশ্যকতাসমূহৰ সৈতে সংযুক্ত কৰা হৈছে। তেওঁ স্বচ্ছ ভাৰত অভিযানত প্ৰত্যেকেই অংশীদাৰ আৰু জীৱনৰ সকলো ক্ষেত্ৰত স্বচ্ছতা অব্যাহত ৰখাৰ সংকল্প ল’বলৈও আহ্বান জনায়। তেওঁ এই ৰাষ্ট্ৰীয় সংকল্পসমূহক নিজৰ আধ্যাত্মিক সংকল্পৰ অংশ কৰিবলৈও কয়। তেওঁ উপস্থিত লোকসকলক প্ৰাকৃতিক কৃষিক উদগণি দিবলৈ আৰু যোগক জনপ্ৰিয় কৰিবলৈ আৰু যোগ দিৱস পালন কৰিবলৈও কয়।
সন্ত তুকাৰাম ৱাৰকৰী সন্ত আৰু কবি আছিল, যাক অভংগ ভক্তি কবিতা আৰু কীৰ্তনৰ নামেৰে চৰ্চিত আধ্যাত্মিক গীতসমূহৰ মাধ্যমত সমূহীয়া পূজাৰ বাবে জনা যায়। তেওঁ দেহুত থাকিবলৈ লৈছিল। তেওঁৰ বিয়োগৰ পাছত এটা শিলা মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু ই আনুষ্ঠানিক ৰূপত মন্দিৰ হিচাপে নিৰ্মিত নাছিল। ইয়াক ৩৬টা শৃংগৰে শিলৰ কাৰুকাৰ্যৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত সন্ত তুকাৰামৰ মূৰ্তি আছে।
***
DS/AK
Blessed to inaugurate Jagatguru Shrisant Tukaram Maharaj Temple in Dehu, Pune. His teachings inspire all of us. https://t.co/RT1PGpihCf
— Narendra Modi (@narendramodi) June 14, 2022
हमारे शास्त्रों में कहा गया है कि मनुष्य जन्म में सबसे दुर्लभ संतों का सत्संग है।
— PMO India (@PMOIndia) June 14, 2022
संतों की कृपा अनुभूति हो गई, तो ईश्वर की अनुभूति अपने आप हो जाती है।
आज देहू की इस पवित्र तीर्थ-भूमि पर आकर मुझे ऐसी ही अनुभूति हो रही है: PM @narendramodi
देहू का शिला मंदिर न केवल भक्ति की शक्ति का एक केंद्र है बल्कि भारत के सांस्कृतिक भविष्य को भी प्रशस्त करता है।
— PMO India (@PMOIndia) June 14, 2022
इस पवित्र स्थान का पुनर्निमाण करने के लिए मैं मंदिर न्यास और सभी भक्तों का आभार व्यक्त करता हूं: PM @narendramodi
हमें गर्व है कि हम दुनिया की प्राचीनतम जीवित सभ्यताओं में से एक हैं।
— PMO India (@PMOIndia) June 14, 2022
इसका श्रेय अगर किसी को जाता है तो वो भारत की संत परंपरा को है, भारत के ऋषियों मनीषियों को है: PM @narendramodi
भारत शाश्वत है, क्योंकि भारत संतों की धरती है।
— PMO India (@PMOIndia) June 14, 2022
हर युग में हमारे यहां, देश और समाज को दिशा देने के लिए कोई न कोई महान आत्मा अवतरित होती रही है।
आज देश संत कबीरदास की जयंती मना रहा है: PM @narendramodi
संत तुकाराम जी की दया, करुणा और सेवा का वो बोध उनके ‘अभंगों’ के रूप आज भी हमारे पास है।
— PMO India (@PMOIndia) June 14, 2022
इन अभंगों ने हमारी पीढ़ियों को प्रेरणा दी है।
जो भंग नहीं होता, जो समय के साथ शाश्वत और प्रासंगिक रहता है, वही तो अभंग है: PM @narendramodi
छत्रपति शिवाजी महाराज जैसे राष्ट्रनायक के जीवन में भी तुकाराम जी जैसे संतों ने बड़ी अहम भूमिका निभाई।
— PMO India (@PMOIndia) June 14, 2022
आज़ादी की लड़ाई में वीर सावरकर जी को जब सजा हुई, तब जेल में वो हथकड़ियों को चिपली जैसा बजाते हुए तुकाराम जी के अभंग गाते थे: PM @narendramodi
हमारी राष्ट्रीय एकता को मजबूत करने के लिए आज ये हमारा दायित्व है कि हम अपनी प्राचीन पहचान और परम्पराओं को चैतन्य रखें।
— PMO India (@PMOIndia) June 14, 2022
इसलिए, आज जब आधुनिक टेक्नोलॉजी और इनफ्रास्ट्रक्चर भारत के विकास का पर्याय बन रहे हैं तो हम ये सुनिश्चित कर रहे हैं कि विकास और विरासत दोनों एक साथ आगे बढ़ें: PM