Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে জল জীৱন মিছনৰ অধীনত ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা বাবে অৰুণাচল প্ৰদেশৰ প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ জৰিয়তে ৭৫ শতাংশ কভাৰেজৰ লক্ষ্য অতিক্ৰম কৰা আৰু ১.৭৩ লাখ গ্ৰামীণ পৰিয়ালক খোৱা পানী উপলব্ধ কৰোৱাৰ প্ৰাপ্তি আহৰণ কৰা বাবে মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক অভিনন্দন জনাইছে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কৈছে;

“অৰুণাচল প্ৰদেশৰ কিছু অংশত দুৰ্গম অঞ্চলসমূহৰ কথা মনত ৰাখি অমৃত মহোৎসৱৰ সময়ত ৭৫ শতাংশ কভাৰেজ প্ৰশংসনীয়। এই কাম সম্পূৰ্ণ কৰা টীমক অভিনন্দন আৰু শেষ অংশ সম্পূৰ্ণ কৰাৰ বাবে শুভকামনা।”

**********

DS/ST