Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বানাসকাণ্ঠাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত শোক প্ৰকাশ কৰে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বানাসকাণ্ঠাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেওঁ পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ টকা আৰু আহতসকলক ৫০,০০০ টকাকৈ অনুগ্ৰহ ৰাশি দিয়াৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্সত নিজৰ পোষ্টত কয়:

“গুজৰাটৰ বানাসকাণ্ঠাস্থিত এটা ফটকা ফেক্টৰীত সংঘটিত বিস্ফোৰণৰ ফলত হোৱা প্ৰাণ হানিৰ ঘটনাত অতিশয় দুখিত। নিজৰ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। স্থানীয় প্ৰশাসনে প্ৰভাৱিত লোকসকলক সহায় কৰি আছে।

পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ টকাৰ অনুগ্ৰহ ৰাশি দিয়া হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”

**********

MJPS/SR