Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক লাভ কৰাৰ বাবে লাভলী চৌবে, পিংকি সিং, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীক প্ৰশংসা কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ লন বলত সোণৰ পদক লাভ কৰাৰ বাবে লাভলী চৌবে, পিংকি সিং, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীক প্ৰশংসা কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“বাৰ্মিংহামত ঐতিহাসিক জয়! লন বলত সন্মানীয় স্বৰ্ণ পদক ঘৰলৈ অনাৰ বাবে লাভলী চৌবে, পিংকি সিং, নয়নমনি শইকীয়া আৰু ৰূপা ৰাণী তিৰ্কীৰ বাবে ভাৰতবৰ্ষ আজি গৌৰৱান্বিত। দলটোৱে অতি নিপুণতা প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ সফলতাই বহু ভাৰতীয়ক লন বলৰ প্ৰতি আকৰ্ষিত কৰিছে।”

***

DS/SH/MS