Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আইআইএছচি বেংগালুৰুত চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ উদ্বোধন কৰে আৰু বাগচী পাৰ্থসাৰথী মাল্টিস্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰ

প্ৰধানমন্ত্ৰীয়ে আইআইএছচি বেংগালুৰুত চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ উদ্বোধন কৰে আৰু বাগচী পাৰ্থসাৰথী মাল্টিস্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ উদ্বোধন কৰাৰ লগতে আই আই এছ চি বেংগালুৰুত বাগচী পাৰ্থসাৰথী মাল্টিস্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

“আইআইএছচি বেংগালুৰুত চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ উদ্বোধন কৰি আনন্দিত হৈছো। মই অধিক আনন্দিত এই কাৰণেই হৈছো যে মই এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰাৰো সুযোগ লাভ কৰিছিলো। মস্তিষ্ক সম্পৰ্কীয় বিকাৰবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, সেই বিষয়ে গৱেষণাৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে অগ্ৰণী ভূমিকা পালন কৰিব।”

“যি সময়ত প্ৰতিখন দেশে স্বাস্থ্যসেৱাক সৰ্বোচ্চ গুৰুত্ব দিছে, তেনে সময়ত বাগচী পাৰ্থসাৰথী মাল্টিস্পেচিয়েলিটি হাস্পতালৰ দৰে পদক্ষেপ অতি গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত ই স্বাস্থ্যসেৱাৰ সামৰ্থ্য শক্তিশালী কৰিব আৰু এই খণ্ডত অগ্ৰণী গৱেষণাক উৎসাহিত কৰিব।”

চেণ্টাৰ ফৰ ব্ৰেইন ৰিচাৰ্চ হ’ল এইধৰণৰ প্ৰথমটো গৱেষণা সুবিধা। এই কেন্দ্ৰই বয়সৰ লগত জড়িত মগজুৰ বিকাৰসমূহ পৰিচালনাৰ বাবে প্ৰমাণভিত্তিক জনস্বাস্থ্যৰ হস্তক্ষেপ প্ৰদান কৰিবলৈ গুৰুত্বপূৰ্ণ গৱেষণা চলোৱাত মনোনিৱেশ কৰে। আই আই এছ চি বেংগালুৰুৰ চৌহদত ৮৩২ খন বিচনাযুক্ত বাগচী পাৰ্থসাৰথি মাল্টিস্পেচিয়েলিটি হাস্পতাল গঢ়ি তোলা হ’ব আৰু ই প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোত বিজ্ঞান, অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানক একত্ৰিত কৰাত সহায় কৰিব। ই দেশৰ ক্লিনিকেল গৱেষণাক নতুন গতি প্ৰদান কৰিব আৰু দেশৰ স্বাস্থ্যসেৱাৰ উন্নতিত সহায়ক হোৱা উদ্ভাৱনীমূলক সমাধান বিচাৰি উলিওৱাৰ দিশত কাম কৰিব।

 

***

DS/MS