Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ বৈদেশিক মন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ বৈদেশিক মন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ বৈদেশিক মন্ত্ৰীৰ


জাপানৰ বৈদেশিক মন্ত্ৰী শ্ৰীমান টাৰো ক’নোই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ শ্ৰীমান ক’নোৱে প্ৰধানমন্ত্ৰী মোদীৰ অক্টোবৰ,২০১৮ৰ জাপান ভ্ৰমণৰ পিছত তেওঁলোকৰ চৰকাৰে হাতত লোৱা ব্যৱস্থা সন্দৰ্ভত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক বিশদভাৱে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সফল জাপান ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি কয় যে ভাৰত আৰু জাপানৰ মাজত কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব গভীৰ কৰিবলৈ তেওঁলোক সংকল্পবদ্ধ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ শেষৰফালে জাপানৰ সৈতে হ’বলগীয়া বাৰ্ষিক সন্মিলনৰ পৰৱৰ্তী পৰ্যায়লৈ ভাৰতে আগ্ৰহেৰে অপেক্ষা কৰিছে৷

***

AKT/KP/MS