ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ নৱনিৰ্বাচিত সভাপতি মাৰিয়া ফাৰ্ণাণ্ডা ইস্পিন’ছা গাৰ্চেছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
ৰাষ্ট্ৰসংঘৰ ৭৩সংখ্যক সাধাৰণ পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে ইস্পিন’ছাক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে৷ সাধাৰণ পৰিষদৰ সমাগত সত্ৰৰ বাবে অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মত-বিনিময় কৰে৷ নতুন দায়িত্ব পালনৰ ক্ষেত্ৰত ইস্পিন’ছাই ভাৰতৰ সম্পূৰ্ণ গঠনমূলক সহায়-সহযোগিতা লাভ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে নিশ্চয়তা দিয়ে৷
সন্ত্ৰাসবাদ, ৰাষ্ট্ৰসংঘৰ সংস্কাৰ আৰু জলবায়ু পৰিৱৰ্তন আদিকে গুৰুত্বপূৰ্ণ গোলকীয় প্ৰত্যাহ্বান সন্দৰ্ভত ৰাষ্ট্ৰসংঘই শক্তিশালী পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাক লৈও তেওঁলোকে আলোচনা কৰে৷
*****
AKT/SH/MS
President-elect of the United Nations General Assembly calls on Prime Minister @narendramodi. https://t.co/J7WHQ0Whoh
— PMO India (@PMOIndia) August 10, 2018
via NaMo App pic.twitter.com/tixYebBNCc