এক চৰকাৰী ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হোৱা ইজৰাইলৰ উপ-প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) বেঞ্জামিন গাণ্টজে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
দুয়োগৰাকী নেতাই বিগত বছৰসমূহত ভাৰত আৰু ইজৰাইলৰ মাজত ক্ৰমৱৰ্ধমান প্ৰতিৰক্ষা সহযোগিতাৰ পৰ্যালোচনা কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ প্ৰতিৰক্ষা কোম্পানীসমূহক ভাৰতত সহ-উন্নয়ন আৰু সহ-উৎপাদনৰ সুযোগ লাভ কৰিবলৈ উৎসাহিত কৰে।
***
DS/BM/DB
Was pleased to meet Deputy PM & Defence Minister of Israel H.E. Benjamin Gantz @gantzbe. As we mark 30 years of full diplomatic relations between India and Israel, our defence cooperation is expanding and diversifying to include joint research, development and production. pic.twitter.com/psZzhbXCJc
— Narendra Modi (@narendramodi) June 2, 2022