Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ভাৰত-মাৰ্কিন কূটনৈতিক সহযোগিতা ফ’ৰামৰ ব’ৰ্ড সদস্যৰ


 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জেষ্ঠ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাৰে গঠিত ভাৰতমাৰ্কিন কূটনৈতিক সহযোগিতা ফৰামৰ বৰ্ড সদস্যই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

দিনটোৰ আৰম্ভণিতে অনুষ্ঠিত ইণ্ডিয়া লীডাৰশ্বিপ সন্মিলনৰ ফলাফলসমূহ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সন্মুখত দাঙি ধৰে৷ যোৱা চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰা বিত্তীয় সংস্কাৰসমূহক ব্যৱসায়িক নেতাসকলে প্ৰশংসা কৰে৷ দ্ৰুত বিকশিত ভাৰতীয় অৰ্থনীতিত সৃষ্টি হোৱা সুযোগ ব্যৱহাৰ কৰিবলৈ ভাৰতৰ সৈতে সম্পৰ্ক অধিক দৃঢ় কৰিব বুলি তেওঁলোকে আগ্ৰহ ব্যক্ত কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দুয়োখন ৰাষ্ট্ৰই অৰ্থনৈতিক সম্পৰ্কৰ জৰিয়তে অভূতপূৰ্বভাৱে লাভান্বিত হব৷ ষ্টাৰ্টআপ, শক্তিখণ্ড, স্বাস্থ্যসেৱা আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে নতুন ক্ষেত্ৰত সৃষ্টি হোৱা ব্যৱসায়িক সুযোগ গ্ৰহণ কৰিবলৈ তেওঁ মাৰ্কিন কোম্পানীসমূহক উৎসাহিত কৰে৷

***

AKT/SH/SK/MS