Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ


জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ইটছুনৰী অনোডেৰাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বৰে পৰা জাপানৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সোঁৱৰণ কৰাৰ লগতে শেহতীয়াকৈ বিগত কেইটামান বছৰত বিশেষ কৌশলগত আৰু বৈশ্বিক সহযোগিতাৰ বৃদ্ধি তথা আৰু গভীৰ হোৱা বুলি কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্কত প্ৰতিৰক্ষা সহযোগিতা এক মুল স্তম্ভ। তেওঁ দুয়োখন দেশৰ মাজত বিভিন্ন প্ৰতিৰক্ষা বাৰ্তাক সুদৃঢ় কৰা ব্যৱস্থাক আদৰণী জনায় আৰু ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত যোগসূত্ৰ বৃদ্ধি হোৱাটো কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে দুয়ো দেশৰ মাজৰ প্ৰতিৰক্ষাৰ প্ৰযুক্তি সহযোগিতাৰ অগ্ৰগতিৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বিনজো আবেৰ সফল ভ্ৰমণৰ কথা দোঁহৰাৰ লগতে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে তেওঁ জাপান ভ্ৰমণ কৰিব।

*****

AKT/KP/DB