চীনৰ ৰাষ্ট্ৰীয় উপদেষ্টা তথা সীমা বিবাদৰ চীনৰ বিশেষ প্ৰতিনিধি শ্ৰীযুত য়াং জিয়েচিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
শ্ৰীযুত য়াং জিয়েচিয়ে প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি জী জিনপিং আৰু প্ৰধানমন্ত্ৰী লী কেকিয়াঙৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰীযুত য়াং জিয়েচি আৰু শ্ৰীযুত অজিত ডোভালে ভাৰত আৰু চীনৰ সীমা বিবাদ সন্দৰ্ভত আজি পুৱাৰ ভাগত দুয়োদেশৰ বিশেষ প্ৰতিনিধিৰ সৈতে হোৱা বিংশতম আলোচনাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক চমুকৈ বৰ্ণনা কৰে।
প্ৰধানমন্ত্ৰীয়ে আগ্ৰহেৰে ২০১৭ৰ ছেপ্তেম্বৰত নৱম ব্ৰিকছ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কৰা জিয়ামেন ভ্ৰমণৰ লগতে তাত ৰাষ্ট্ৰপতি জী জিনপিঙৰ সৈতে মিলিত হোৱাৰ কথা দোঁহাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-চীনৰ মাজত এক সুদৃঢ় সম্পৰ্ক স্থাপন হোৱাটো কেৱল ভাৰত আৰু চীনৰ লোকসকলৰ পাৰস্পৰিক লাভালাভৰ বাবেই নহয়, সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবেও অধিক গুৰুত্বপূৰ্ণ।
*****
AKT/HS/DB
Mr. Yang Jiechi, State Councillor of the People’s Republic of China, calls on PMhttps://t.co/T1P8jxfyrc
— PMO India (@PMOIndia) December 22, 2017
via NMApp pic.twitter.com/yobhMPGvNU