Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্রীৰ চেন্নাই ভ্ৰমণ


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে মাদ্রাজ আইআইটিৰ ৫৬সংখ্যক সমাৱর্তন অনুষ্ঠানত অংশগ্ৰহণৰ বাবে চেন্নাইত উপস্থিত হয়৷ তেওঁ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সাংবাদিকক উদ্দেশ্যি ভাষণ আগবঢ়াব৷

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে ২০১৯ৰ সাধাৰণ নির্বাচনৰ পাছত এয়া মোৰ প্ৰথম চেন্নাই ভ্ৰমণ৷ মই আইআইটি মাদ্রাজৰ হীৰক জয়ন্তী বর্ষ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইয়ালৈ আহিছো৷ মই আপোনালোক সকলোৰে প্ৰতি অতি কৃতজ্ঞ যে আপোনালোকে বিপুল হাৰত মোক আদৰণী জনাবলৈ আহিছে৷

 

সদ্যসমাপ্ত আমেৰিকা ভ্ৰমণৰ সময়ত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে তামিল ভাষাত কথা কোৱাৰ সময়ত মোক জনাইছিল যে তামিল বিশ্বৰ আটাইতকৈ পুৰণি ভাষা আৰু এই তথ্য মার্কিন যুক্তৰাষ্ট্রৰ অধিকাংশ সংবাদ মাধ্যমত ব্যাপক হাৰত প্ৰচাৰিত হৈছে৷

 

তেওঁ কয় যে মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত মই উপলব্ধি কৰি যে ভাৰতৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ বহু প্ৰত্যাশা আছে আৰু এই প্ৰত্যাশা দিনে দিনে বৃদ্ধি পাই আহিছে৷ ভাৰতক এখন শ্রেষ্ঠ দেশত পৰিণত কৰাই নহয়, বিশ্ববাসীৰ প্ৰত্যাশা পূৰণ কৰাটোও আমাৰ কর্তব্য৷

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে অকল কেন্দ্রীয় চৰকাৰেই নহয়, ১৩০ কোটি ভাৰতীয়ই শ্রেষ্ঠ দেশ নিৰ্মাণৰ কামত জড়িত হ’বলৈ আগুৱাই আহিব লাগিব৷ দেশৰ প্ৰতিটো প্রান্ত তথা স্থানৰ মানুহৰ সন্মিলিত প্ৰয়াসৰ জৰিয়তেহে এয়া সম্ভৱ৷ এই কামত ধনী বা দুখীয়া, চহৰ বা গাঁও, নবীন-প্ৰবীনৰ মাজত একো পাৰ্থক্য নাই৷

 

জনসাধাৰণৰ অংশগ্ৰহণৰ মাধ্যমেৰে আমি যথেষ্ট সাফল্য অৰ্জন কৰিছো৷ একেদৰে, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জনৰ ক্ষেত্ৰত সকলো আগুৱাই আহিব লাগিব৷ একাংশ লোকে ভুলবশতঃ এই কথা কৈছে যে ভাৰতৰ পৰা প্লাষ্টিক নিৰ্মূল কৰাৰ যি প্ৰচেষ্টা লোৱা হৈছে, সেয়া সঠিক নহয়। মই এনেকৈ একো কোৱা নাই৷ মই এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰা দেশক মুক্ত কৰাৰ কথাহে কৈছো৷ এবাৰ ব্যবহাৰযোগ্য প্লাষ্টিকে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে।

 

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে অহা ২ অক্টোবৰত আমি এক পদযাত্রাত অংশগ্ৰহণ কৰিম আৰু গান্ধীজীৰ আদর্শসমূহ প্ৰচাৰ কৰিম৷

 

তেওঁ কয়, ‘মই পুনৰবাৰ বিপুল হাৰত মোক আদৰণী জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো৷’

প্ৰধানমন্ত্রীয়ে আইআইটি মাদ্রাজৰ ৰিছাৰ্চ পাৰ্কত ছিংগাপুৰ–ইণ্ডিয়া হেকাথন-২০১৯ত ভাষণ আগবঢ়োৱাৰ লগতে এই উপলক্ষে ষ্টার্টআপৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিব৷ তেওঁ প্ৰতিষ্ঠানটোৰ আয়োজিত সমাৱৰ্তন অনুষ্ঠানতো ভাষণ আগবঢ়াব৷

***

VRRK/AK/DB