Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘প্ৰতিষ্ঠা দিৱস’ত ‘চিআইএছএফ কৰ্মী’সকলক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে


 

‘প্ৰতিষ্ঠা দিৱস’ত আজি ‘চিআইএছএফ’ৰ সকলো কৰ্মচাৰীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ‘চিআইএছএফ’ বাহিনী ইয়াৰ পেছাদাৰিত্ব, নিষ্ঠা আৰু সাহসৰ বাবে প্ৰশংসিত হৈ আহিছে। “তেওঁলোকে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সুৰক্ষিত কৰি আৰু প্ৰতিদিনে অগণন লোকৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ নিৰাপত্তা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

প্ৰতিষ্ঠা দিৱসত ‘চিআইএছএফ’ৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা জনাইছোঁ! এই বাহিনী ইয়াৰ পেছাদাৰিত্ব, নিষ্ঠা আৰু সাহসৰ বাবে প্ৰশংসিত হৈ আহিছে। তেওঁলোকে অত্যাৱশ্যকীয় আন্তঃগাঁথনি সুৰক্ষিত কৰি আৰু প্ৰতিদিনে অগণন লোকৰ সুৰক্ষা নিশ্চিত কৰি আমাৰ সুৰক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কৰ্তব্যৰ প্ৰতি তেওঁলোকৰ অটল প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়।”
@CISFHQrs

 

pic.twitter.com/YZqRx5pCd7

— Narendra Modi (@narendramodi) March 10, 2025

 

***

MJPS/VJ/KB