প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰতিবন্ধী লোকসকলৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি সন্দৰ্ভত অৱগত কৰে৷ ২০১৮ৰ ২২ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছিল৷
লাভালাভঃ
এই বুজাবুজি চুক্তিখনে যুটীয়া প্ৰচেষ্টাৱলীৰ জৰিয়তে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিবন্ধী লোকসকলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিত উদ্গনি যোগাব৷ ই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্কও সুদৃঢ় কৰিব৷ তদুপৰি, বুজাবুজি চুক্তিখনে প্ৰতিবন্ধী লোক, বিশেষকৈ দুয়োখন দেশৰ বৌদ্ধিক অক্ষমতা তথা মানসিকভাৱে অসুস্থ লোকসকলৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা উন্নত কৰাক ক্ষেত্ৰত সুবিধা আগবঢ়াব৷ দুয়োখন দেশে পাৰস্পৰিক বুজাপৰাৰ মাজেৰে প্ৰতিবন্ধী ক্ষেত্ৰত বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰি সেইবোৰ কাৰ্যকৰী কৰিব৷
****
AKT/SH/DB