Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰগতি ময়দানত পঞ্চতাৰকা হোটেলসহ বিশাল বাণিজ্যিক কেন্দ্ৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন


প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত আজি প্ৰগতি ময়দানৰ ৩.৭ একৰ ভূমি ৬১১ কোটি টকাৰ বিনিময়ত ৯৯ বছৰৰ বাবে ভাৰতীয় বাণিজ্য প্ৰচাৰ সংস্থা (আইটিপিঅ’) লিজত দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়৷ এই প্ৰক্রিয়াত এক স্পেছিয়েল পাৰপাছ ভেহিকল (এছপিভি) গঠন কৰা হ’ব৷ ভাৰতীয় পর্যটন উন্নয়ন নিগম (আইটিডিচি) আৰু ভাৰতীয় ৰে’লৱে কেটাৰিং আৰু পৰ্যটন নিগমে (আইআৰচিটিচি) এই এছপিভি গঠন কৰিব৷ সেই ভূমিত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰা হ’ব৷ ২০২০-২১ চনৰ ভিতৰত এই প্ৰকল্পৰ অধীনত এক আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰদর্শনী আৰু সন্মিলন কেন্দ্ৰ (আইইচিচি) নিৰ্মাণ কৰা হ’ব৷

সমগ্ৰ প্ৰক্রিয়াটো শেষ কৰাৰ লক্ষ্যৰে এছিপিভি স্বচ্ছভাবে নিলামৰ জৰিয়তে নির্মাণকাৰী সংস্থা আৰু এই কেন্দ্ৰটো পৰিচালনাৰ বাবে সংস্থাক বাছনি কৰিব৷ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় মানৰ আইইচিচি নিৰ্মাণ কৰাৰ লক্ষ্যৰে চৰকাৰে আইটিপিঅক এই দায়িত্ব প্ৰদান কৰিছে। যি কোনো সন্মিলন আৰু প্ৰদর্শনীৰ বাবে এখন হোটেল সেৱাৰ বিষয়টো বিশ্ব জুৰি বিবেচিত হৈছে৷ আইইচিচিৰ এই প্ৰকল্পত হোটেলৰ সুবিধা থকাৰ বাবে ভাৰতত আন্তঃৰাষ্ট্ৰীয় মানৰ বৈঠক, সন্মিলন আৰু প্ৰদর্শনী কেন্দ্ৰ গঢ়ি উঠিব৷ ফলস্বৰূপে শিল্প আৰু বাণিজ্যৰ প্ৰসাৰৰ জৰিয়তে নতুন কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ’ব৷

প্ৰগতি ময়দানত প্ৰতি বছৰে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত লাখ লাখ দর্শক আৰু ক্ষুদ্ৰ ব্যৱসায়ী আহে৷ তেওঁলোকে এই প্ৰস্তাৱিত কেন্দ্রৰ সুফল লাভ কৰাৰ লগতে ভাৰতীয় সামগ্ৰীসমূহৰ প্ৰচাৰ বৃদ্ধি পাব৷

********

VRRK/SC/PK/SH/DB