প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আইচিটিভিত্তিত সক্ৰিয়া প্ৰশাসনৰ বাবে বহুপাক্ষীয় তথা সময়মতে ৰূপায়ণৰ মঞ্চ-প্ৰগতিৰ ৩১সংখ্যক বাৰ্তালাপত অধ্যক্ষতা কৰে৷
প্ৰগতিৰ পূৰ্বৰ বৈঠকসমূহত সৰ্বমুঠ ১২.১৫লাখ কোটি টকা ব্যয়সাপেক্ষ ২৬৫টা প্ৰকল্প, ৪৭টা কাৰ্যসূচী/আঁচনিক আৰু অভিযোগ সম্পৰ্কীয় ১৭টা খণ্ড(২২টা বিষয়)ৰ পৰ্যালোচনা কৰা হয়৷
আজিৰ ‘প্ৰগতি’ৰ বৈঠকত ৬১ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষ ৯টা প্ৰকল্পৰ অগ্ৰগতিৰ পর্যালোচনা কৰা হৈছে৷ এই প্ৰকল্পসমূহ কেন্দ্ৰীয়শাসিত জম্মু আৰু কাশ্মীৰসহ ১৬খন ৰাজ্যত ৰূপায়িত হৈ আছে৷ বৈঠকত বিদেশত কর্মৰত ভাৰতীয় নাগৰিকসকলৰ অভাৱ-অভিযোগৰ লগতে ৰাষ্ট্ৰীয় কৃষি বজাৰ আৰু উন্নয়নত আগ্ৰহী জিলাসমূহৰ বিভিন্ন কর্মসূচীক লৈ আলোচনা হয়৷
প্ৰত্যাশা পূৰণ
উন্নয়নত আগ্ৰহী জিলাসমূহ ৰূপায়িত বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পর্যালোচনা কৰি প্ৰধানমন্ত্রীক ৪৯টা ক্ষেত্রৰ অগ্ৰগতিৰ খতিয়ান সংক্রান্ত ডেশ্ববোর্ড সম্পর্কে অগগত কৰা হয়৷ পুষ্টি খণ্ডৰ দৰে মন্থৰ অগ্ৰগতিৰ বিষসমূহতো লক্ষ্যণীয় অগ্ৰগতি হৈছে বুলি ডেশ্ববোর্ডৰ পৰা জানিব পৰা গৈছে৷ লগতে এইটোও কৰা হৈছে যে উত্তৰ প্ৰদেশৰ কেইখনমান জিলাত অভূতপূৰ্ব অগ্ৰগতি হৈছে৷
বিভিন্ন ক্ষেত্রত অগ্ৰগতিৰ সূচকসমূহক ৰাষ্ট্ৰীয় সেৱা হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে আদিবাসী শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্রত আৰু অধিক গুৰুত্ব দিয়াৰ কথা কয়৷ সময়সীমা মানি পিছপৰা জিলাসমূহক অগ্ৰগতিৰ ৰাষ্ট্ৰীয় গড় হাৰত উন্নীত কৰিবলৈ তেওঁ উন্নয়নত আগ্ৰহী জিলাত নিযুক্ত যুৱ বিষয়াসকলক পৰামর্শ আগবঢ়ায়৷
কৃষি আৰু সংশ্লিষ্ট ক্ষেত্ৰ
ৰাষ্ট্ৰীয় কৃষি বিপণন মঞ্চৰ কাম-কাজৰ অগ্ৰগতি সম্পর্কেও প্ৰধানমন্ত্ৰীক অবগত কৰা হয়৷ কৃষিজাত সামগ্ৰী বিপণনৰ ক্ষেত্রত এই ধৰণৰ মঞ্চ শুভাৰম্ভ কৰাৰ ফলত বিভিন্ন সামগ্ৰীয়ে ভাল দাম পাইছে৷ এতিয়া ই-লেনদেনৰ মাধ্যমেৰে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ টকা প্ৰদান কৰা হৈছে৷ জম্মু আৰু কাশ্মীৰত নির্মীয়মান দুটি ই-মাণ্ডিৰ অগ্ৰগতিৰ সম্পৰ্কেও বৈঠকত পর্যালোচনা কৰা হয়৷
প্ৰধানমন্ত্রীয়ে চাহিদা নিৰূপণৰ ই-আৰ্হিৰ ওপৰত ভিত্তি কৰি লজিষ্টিক সহায়ৰ ক্ষেত্রত নতুন ষ্টার্ট আপ আৰ্হি আৰু এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ সহজে কৃষিজাত সামগ্ৰী যোগানৰ বাবে পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথসহ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ক একেলগে কাম কৰাৰ নির্দেশ দিছে৷ তেওঁ কয় যে কৃষিজাত সামগ্ৰীৰ সুস্থ যোগানৰ ক্ষেত্ৰত সকলো ৰাজ্যই একেলগে কাম কৰিব লাগিব আৰু এই লক্ষ্যত অভিন্ন একক মঞ্চ ব্যৱহাৰ কৰাটো প্ৰয়োজন৷
শস্যৰ অৱশিষ্ট দাহ কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে উত্তৰ প্ৰদেশ, পাঞ্জাৱ আৰু হৰিয়ানাৰ কৃষকসকলক শস্যৰ অৱশিষ্ট দাহ কৰাটো বন্ধ কৰিবলৈ উপযুক্ত সৰঞ্জাম বিতৰণৰ বাবে কৃষি মন্ত্ৰালয়ক নির্দেশ দিছে৷
আন্তঃগাঁথনিমুলক যোগাযোগ ব্যৱস্থাৰ মান উন্নয়ন
প্ৰধানমন্ত্রীয়ে কাটৰা–বানিহাল ৰে’ল লাইনকে ধৰি অন্যান্য আন্তঃগাঁথনিমুলক যোগাযোগ প্ৰকল্পৰ অগ্ৰগতিৰ পর্যালোচনা কৰে৷ তেওঁ এই ৰে’ল লাইন প্ৰকল্পৰ কাম অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নির্দেশ দিয়ে৷
বৈঠকত আইজল–তুইপাং ঘাইপথ সম্প্ৰসাৰণ আৰু মান উন্নয়নকে ধৰি উত্তৰ-পূর্বৰ অন্যান্য প্ৰকল্পসমূহৰ অগ্ৰগতিক লৈও আলোচনা কৰে৷ দিল্লী আৰু মীৰাটৰ মাজত দ্রুত আৰু নিৰাপদ যোগাযোগ ব্যৱস্থা গঢি তোলাৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে দিল্লী-মীৰাট এক্সপ্রেছৱেৰ নির্মাণৰ কাম সংশোধিত সময়সীমা ২০২০ৰ মে’ মাহৰ ভিতৰতে সম্পূর্ণ কৰিব লাগিব৷
সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে দীর্ঘ দিন পৰি থকা বিভিন্ন প্ৰকল্পৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত উদ্যোগী হ’ব বুলিও প্ৰধানমন্ত্রীয়ে আশা প্ৰকাশ কৰে৷ প্ৰধানমন্ত্রীয়ে এই ধৰণৰ প্ৰকল্পৰ কাম-কাজৰ অগ্ৰগতি সম্পর্কীয় নিয়মীয়া প্ৰতিবেদন তেওঁৰ বিভাগলৈ পঠাবলৈও বিষয়াসকলক নির্দেশ দিয়ে৷
শক্তি চাহিদা পূৰণ
নবীকৰণযোগ্য শক্তিৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে ৮খন নবীকৰণযোগ্য শক্তি সমৃদ্ধ ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক যোগান ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে৷ নবীকৰণযোগ্য শক্তি সমৃদ্ধ এই ৰাজ্যসমূহ হ’ল-তামিলনাডু, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, কর্ণাটক, হিমাচল প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ৷ ভূমি অধিগ্ৰহণকে ধৰি নতুন প্ৰকল্প স্থাপনত সৌৰ আৰু বিদ্যুৎ উৎপাদনকাৰী সংস্থাসমূহে যিবোৰ সমস্যাৰ সন্মুখীন হৈছে, প্ৰধানমন্ত্রীয়ে সেই সম্পর্কেও জানিব বিচাৰে৷
ভেমাগিৰি প্ৰকল্পসহ বিদ্যুৎ যোগানকাৰী অন্যান্য প্ৰকল্প সময় মতে ৰূপায়ণৰ অগ্ৰগতিৰ বাবে প্ৰধানমন্ত্রীয়ে কর্ণাটক আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰক অভিনন্দন জনায়৷
.
***
VRRK/KP/AK/DB
9 mega projects.
— Narendra Modi (@narendramodi) November 6, 2019
Rs. 61,000 crore.
Many states and the UT of Jammu and Kashmir.
National Agriculture Market, wellbeing of Indians abroad, Aspirational Districts and more.
Today’s Pragati session was a fruitful one.
Read the highlights. https://t.co/pJjE7SpI0s
As far as Aspirational Districts are concerned, I saw in detail the dashboard based on 49 key indicators. The all-round progress being made is stupendous. There are marked improvements even in previously slow moving areas such as nutrition.
— Narendra Modi (@narendramodi) November 6, 2019
UP’s performance is noteworthy.
While reviewing key infra projects, I emphasised on two things:
— Narendra Modi (@narendramodi) November 6, 2019
Speedy completion of pending development works.
Upgrading infrastructure where needed.
Slow pace and outdated vision adversely impacted our growth trajectory for decades. Such attitudes will NOT be tolerated now.
During Pragati, we discussed creation of an intra-state transmission system in 8 renewable energy rich states. We also discussed ways to make business easier for solar and wind energy companies.
— Narendra Modi (@narendramodi) November 6, 2019
Kudos to Karnataka and AP for timely completion of a transmission system project.