Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রীয়ে গুৰু পূৰ্ণিমাত জনসাধাৰণক অভিনন্দন জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু পূৰ্ণিমাৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে;

“গুৰু পূৰ্ণিমাৰ অভিনন্দন। এয়া সেই সকলো আদৰ্শ গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন, যিসকলে আমাক অনুপ্ৰাণিত কৰিছে, আমাক পৰামৰ্শ দিছে আৰু আমাক জীৱনৰ বিষয়ে বহুত কথা শিকাইছে। আমাৰ সমাজে জ্ঞান প্ৰাপ্তি আৰু বুদ্ধিমত্তাক অতিশয় গুৰুত্ব দিয়ে। আশা কৰিছো যে আমাৰ গুৰুসকলৰ আশীৰ্বাদে ভাৰতক নতুন উচ্চতালৈ লৈ যাব।”