Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রীয়ে কাইলৈ উত্তৰ প্রদেশত প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)-ৰ আওতাত ৬ লক্ষৰো অধিক সুফলভোগীক আর্থিক সাহায্য প্রদান কৰি


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত দিনৰ ১২টাত উত্তৰ প্রদেশত প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ আওতাত ৬ লক্ষ ১০ হাজাৰ সুফলভোগীক ২ হাজাৰ ৬৯১ কোটি টকা আর্থিক সাহায্য প্রদান কৰিব। এই অনুষ্ঠানত ৰাজ্যৰ গ্রামোন্নয়ন মন্ত্রী আৰু মুখ্যমন্ত্রীয়ে যোগ দিব। প্রধানমন্ত্রী আৱাস যোজনাৰ ৫ লক্ষ ৩০ হাজাৰ সুফলভোগীক প্রথম পর্যায়ত তথা ৮০ হাজাৰ সুফলভোগীক দ্বিতীয় পর্যায়ত আর্থিক সুবিধা প্রদান কৰা হ’ব।

 

প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)

 

২০২২ চনৰ ভিতৰত সকলোৰে বাবে আৱাসনৰ লক্ষ্যত প্রধানমন্ত্রীয়ে ২০১৬’ৰ ২০ নবেম্বৰত প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ)ৰ সূচনা কৰিছিল। বৰ্তমান পর্যন্ত এই কর্মসূচীৰ আওতাত ১ কোটি ২৬ লক্ষ গৃহ নির্মিত হৈছে। এই কর্মসূচীৰ মাধ্যমত প্রত্যেক সুফলভোগীক গৃহ নির্মাণৰ বাবে সমতল ভূমি এলাকাত ১ লক্ষ ২০ হাজাৰ টকা তথা পার্বত্য অঞ্চলসহ উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্য, জম্মু আৰু কাশ্মীৰ, লাদাখ আৰু উগ্র বামপন্থা অধ্যুষিত জিলাসমূহৰ সুফলভোগীসকলক ১ লক্ষ ৩০ হাজাৰ টকা সাহায্য দিয়া হৈ আছে।

 

 

গৃহ নির্মাণত অর্থ সাহায্যৰ সমান্তৰালকৈ, প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ) কর্মসূচীৰ সুফলভোগীসকলক এমজিএনআৰইজিএছৰ আওতাত অদক্ষ শ্রমিক হিচাপে মজুৰিও দিয়া হৈ আছে। আনকি, স্বচ্ছ ভাৰত মিছনৰ আওতাত প্রতিটো গৃহত শৌচালয় নির্মাণৰ বাবে ১২ হাজাৰ টকা সাহায্য দিয়া হয়। প্রধানমন্ত্রী আৱাস যোজনা (গ্রামীণ) কর্মসূচীৰ সৈতে কেন্দ্রীয় চৰকাৰ তথা ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলসমূহৰ অন্যান্য কর্মসূচীৰ যোগসূত্র ঘটোৱা হৈছে। ইয়াৰ ফলত, সুফলভোগীসকলে প্রধানমন্ত্রী উজ্জ্বলা যোজনাৰ আওতাত ৰন্ধন গেছৰ সংযোগ, বিদ্যুৎ সংযোগ, জল জীৱন মিছনৰ আওতাত নিৰাপদ খোৱা পানীৰ সুবিধাৰ দৰে একাধিক পৰিসেৱা পাইছে।

 

************

DS/VJ/AK