Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্রধানমন্ত্রীয়ে ইন্দোনেছিয়াৰ বালিত ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।

তেওঁৰ ভাষণত প্রধানমন্ত্রীয়ে ভাৰতীয় আৰু ইন্দোনেছীয় সভ্যতাৰ মাজত নিবিড় যোগাযোগৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘বালি যাত্রা’ৰ দৰে প্রাচীন প্রথাই উভয় দেশৰ মাজত সাংস্কৃতিক আৰু বাণিজ্যিক যোগাযোগৰ বিষয়টোক তুলি ধৰে। দুয়োখন দেশৰ বিভিন্ন ক্ষেত্রত সাদৃশ্যৰ প্রসঙ্গও প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

শ্রী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ স্বভাৱজাত দিশটো উল্লেখ কৰে। ইয়াৰ ফলত বিদেশত বসবাস কৰি থকা ভাৰতীয়সকলে দেশৰ মুখ উজ্জ্বল কৰিছে বুলি তেওঁ মন্তব্য কৰে। ভাৰত-ইন্দোনেছিয়াৰ মাজত সম্পর্কৰ ইতিবাচক দিশৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই সম্পর্কক মজবুত কৰাৰ ক্ষেত্রত ইন্দোনেছিয়াত বসবাস কৰি থকা ভাৰতীয়সকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

প্রধানমন্ত্রীয়ে ভাৰতৰ বিকাশ যাত্রা আৰু বিভিন্ন ক্ষেত্রৰ সাফল্যৰ কথা উল্লেখ কৰে। ডিজিটেল প্রযুক্তি, অর্থ, স্বাস্থ্য, টেলিকম আৰু মহাকাশৰ দৰে নানা ক্ষেত্রত ভাৰত আগুৱাই গৈছে। বিশ্বৰ ৰাজনৈতিক আৰু অর্থনৈতিক চাহিদাৰ দিশটো বিবেচনা কৰি ভাৰতৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। আত্মনিৰ্ভৰ ভাৰতে বিশ্বৰ কল্যাণ নিশ্চিত কৰিব।

প্রধানমন্ত্রীয়ে অহা ৮-১০ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰত প্রবাসী ভাৰতীয় দিৱস সন্মিলনত যোগ দিবলৈ ইন্দোনেছিয়াত বসবাস কৰি থকা ভাৰতীয় আৰু ভাৰতৰ বন্ধুসকলক আমন্ত্রণ জনায়। ইয়াৰ উপৰিও এই অনুষ্ঠানৰ পাছত গুজৰাটত যি ঘুড়ি উৎসৱৰ আয়োজন কৰা হৈছে তালৈও তেওঁ সকলোকে অংশগ্রহণৰ বাবে আমন্ত্রণ জনায়।

**********

DS/AK