Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুনেৰ দেহুত জগদগুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ শৈল মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা

পুনেৰ দেহুত জগদগুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ শৈল মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পা


শ্ৰী বিথ্থলায় নমঃ

নমো সদগুৰু, তুকায়া জ্ঞানদীপা। নমো সদগুৰু, সচ্চিদানন্দ ৰূপা। নমো সদগুৰু, ভক্ত-কল্যাণ মূৰ্তি। নমো সদগুৰু, ভাস্কৰ পূৰ্ণ কীৰ্তি। মস্তক হে পায়াৱৰী। য়া বাৰকৰী সন্তাঞ্চা। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰজী, বিৰোধী দলৰ নেতা শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, প্ৰাক্তন মন্ত্ৰী শ্ৰী চন্দ্ৰকান্ত পাটিলজী, ৱাৰকাৰী সন্ত শ্ৰী মুৰলী বাবা কুৰেকাৰজী, জগতগুৰু শ্ৰীসন্ত তুকাৰাম মহাৰাজ সংস্থাৰ অধ্যক্ষ নীতিন মোৰেজী, আধ্যাত্মিক অঘাড়ী সভাপতি আচাৰ্য শ্ৰী তুষাৰ ভোচলে জী, আৰু উপস্থিত সাধুসকলৰ লগতে ভদ্ৰলোক আৰু মহিলাসকল।

ভগৱান বিথ্থাল আৰু সকলো ৱাৰকাৰী সাধুৰ শ্ৰীচৰণত মোৰ কোটি কোটি প্ৰণাম! আমাৰ শাস্ত্ৰত কোৱা হৈছে যে মানুহ জীৱনত আটাইতকৈ সৌভাগ্য হৈছে সাধুসকলৰ সৎসংগ লাভ কৰা। যদি সাধুসকলৰ সংগ লাভ কৰা হয়, তেন্তে ঈশ্বৰৰ অনুভূতি স্বতঃৰ্ফূতভাৱে পোৱা যায়। আজি মই দেহুৰ এই পবিত্ৰ তীৰ্থযাত্ৰালৈ অহাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু ময়ো ইয়ালৈ আহি একেই অনুভৱ কৰিছোঁ। দেহু সন্ত শিৰোমণি জগতগুৰু তুকাৰামজীৰ জন্মস্থলীৰ লগতে কৰ্মস্থলীও। ধন্য দেহুংগাঁও, পুণ্যভূমি থাভ। তেথে নান্দে দেৱ পাণ্ডুৰাং। ধন্য ক্ষেত্ৰবাসী লোক তে দৈবাচে। উচ্চাৰিতী বাচে নামঘোষ। দেহুত ভগৱান পাণ্ডুৰাঙৰ চিৰন্তন বাসস্থন আৰু ইয়াত থকা লোকসকল সাধুৰ প্ৰকাশ আৰু ভক্তিৰে পৰিপূৰ্ণ। এই ভাবনাৰে মই দেহুৰ সকলো নাগৰিক, মোৰ মাতৃ আৰু ভগ্নীসকলক সন্মানসহকাৰে অভিবাদন জনাইছোঁ। মাত্ৰ কেইমাহমান পূৰ্বে মই পালখি মাৰ্গত দুটা ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি লেন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। শ্ৰীসন্ত জ্ঞানেশ্বৰ মহাৰাজ পালখি মাৰ্গৰ নিৰ্মাণ পাঁচটা পৰ্যায়ত সম্পূৰ্ণ হ’ব আৰু সন্ত তুকাৰাম মহাৰাজ পালখি মাৰ্গৰ নিৰ্মাণ তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব। এই সকলো পৰ্যায়ত, ৩৫০ কিলোমিটাৰৰো অধিক ঘাইপথ নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ বাবে ১১ হাজাৰ কোটি টকাৰ অধিক ব্যয় কৰা হ’ব। এই প্ৰচেষ্টাবোৰে অঞ্চলটোৰ উন্নয়নো ত্বৰান্বিত কৰিব। আজি, সৌভাগ্যক্ৰমে, মই পবিত্ৰ শৈল মন্দিৰ উৎসৰ্গাৰ বাবে দেহুলৈ অহাৰ সৌভাগ্য লাভ কৰিছোঁ। সন্ত তুকাৰামজীয়ে নিজে যি শিলত ১৩ দিন ধৰি তপস্যা কৰিছিল, সেই শিল যি সন্ত তুকাৰামজীৰ বোধ আৰু বৈৰাগ্যৰ সাক্ষী হৈছে, মই বিশ্বাস কৰোঁ যে ই কেৱল শিল নহয়, ই ভক্তি আৰু জ্ঞানৰ আধাৰশিলাস্বৰূপ। দেহুৰ শৈল মন্দিৰ কেৱল ভক্তিশক্তিৰ কেন্দ্ৰই নহয়, ই ভাৰতৰ সাংস্কৃতিক ভৱিষ্যতকো প্ৰশস্ত কৰে। এই পবিত্ৰ স্থানৰ পুনৰ নিৰ্মাণৰ বাবে মই মন্দিৰৰ ন্যাস আৰু সকলো ভক্তক কৃতজ্ঞতা জ্ঞাপন কৰি আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ। জগতগুৰু সন্ত তুকাৰামজীৰ কাহিনী প্ৰচাৰ কৰাৰ বাবে ওচৰতে থকা সাদুম্বৰেৰ সন্তজী মহাৰাজ জগনাড়ে জীকো মই তেওঁলোককো প্ৰণাম জনাইছোঁ।

 

বন্ধুসকল,

বৰ্তমান, দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে। পৃথিৱীৰ আটাইতকৈ প্ৰাচীনতম জীৱন্ত সভ্যতাবোৰৰ মাজৰ এটা হব পাৰি আমি গৌৰৱান্বিত। ইয়াৰ কৃতিত্ব ভাৰতৰ সাধু পৰম্পৰা, ভাৰতৰ ঋষিসকলৰ। ভাৰত চিৰন্তন, কিয়নো ভাৰত হৈছে সাধুসকলৰ দেশ। প্ৰতিটো যুগতে, আমাৰ দেশ আৰু সমাজক দিশনিৰ্দেশনা দিবলৈ কিছুমান মহান আত্মাৰ আবিৰ্ভাৱ হৈছে। আজি দেশে সন্ত কবিৰদাসৰ জন্ম জয়ন্তী উদযাপন কৰিছে। সন্ত জ্ঞানেশ্বৰ মহাৰাজ, সন্ত নিভ্ৰুতিনাথ মহাৰাজ, সন্ত সোপানদেৱ আৰু ভগ্নী আদি-শক্তি মুক্তাবাইৰ দৰে সাধুসকলৰ দেহাৱসানৰ এয়া ৭২৫ তম বছৰ। এনে মহান ব্যক্তিত্বই আমাক অনন্তকালৰ সুৰক্ষাৰ দ্বাৰা ভাৰতক আগুৱাই নিছিল। সন্ত তুকাৰামজীক সন্ত বহিনাবায়ে সাধুসকলৰ মন্দিৰৰ মণিকূট বুলি অভিহিত কৰিছে। তেওঁ নানা অসুবিধা আৰু কষ্টকৰ জীৱন যাপন কৰিছিল। তেওঁ দুৰ্ভিক্ষৰ দৰে পৰিস্থিতিৰ সন্মুখীন হৈছিল। পৃথিৱীত, তেওঁ ভোক আৰু অনাহাৰ ভোক দেখিছিল। দুখ আৰু বেদনাৰ এনে এক চক্ৰত, যেতিয়া মানুহে আশা এৰি দিয়ে, তেতিয়া সন্ত তুকাৰামজীয়ে কেৱল সমাজৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও আশাৰ কিৰণ হিচাপে ওলাই আহিছিল! তেওঁ তেওঁৰ পৰিয়ালৰ সম্পত্তি মানুহৰ সেৱাত উৎসৰ্গিত কৰিছিল। এই শিলটো তেওঁৰ সেই ত্যাগ আৰু বৈৰাগ্যৰ প্ৰমাণ।

 

বন্ধুসকল,

সন্ত তুকাৰামজীৰ দয়া, সহানুভূতি আৰু সেৱাৰ সেই অনুভূতি আজিও তেওঁৰ ‘অভংগ’ৰ ৰূপত আমাৰ মাজত আছে। এই ‘অভংগ’বোৰে আমাৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। যিটো দ্ৰৱীভূত নহয়, যিটো সময়ৰ সৈতে চিৰন্তন আৰু প্ৰাসংগিক হৈ থাকে, সেয়াই হৈছে ‘অভংগ’। আজিও, দেশে ইয়াৰ সাংস্কৃতিক মূল্যবোধৰ আধাৰত আগবাঢ়ি থকাৰ সময়ত, সন্ত তুকাৰামজীৰ ‘অভংগ’সকলে আমাক শক্তি প্ৰদান কৰিছে, আমাক পথ দেখুৱাইছে। সন্ত নামদেৱ, সন্ত একনাথ, সন্ত সাৱতা মহাৰাজ, সন্ত নৰহৰী মহাৰাজ, সন্ত সেনা মহাৰাজ, সন্ত গোৰোবা-কাকা, সন্ত চোখামেলা, তেওঁলোকৰ প্ৰাচীন ‘অভংগ’বোৰে আমাক এক নতুন অনুপ্ৰেৰণা প্ৰদান কৰে। মই আজি সন্ত চোখামেলা আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা ৰচিত সাৰ্থ অভংগগাথা মুকলি কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। এই সাৰ্থ অভংগাগাথাত, এই সাধুজনৰ পৰিয়ালৰ ৫০০তকৈও অধিক অভং ৰচনা সহজ ভাষাত অৰ্থৰ সৈতে বৰ্ণিত হৈছে।

 

ভাই-ভনীসকল,

সন্ত তুকাৰামজীয়ে কৈছিল, “উচ্চ নীচ কাহী নেনে ভগৱন্ত।” অৰ্থাৎ, সমাজত উচ্চ আৰু নীচৰ বৈষম্য, মানুহৰ মাজত ভেদাভেদ অনাটো এক ডাঙৰ পাপ। তেওঁৰ এই শিক্ষা ভগৱান ভক্তিৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সিমানেই গুৰুত্বপূৰ্ণ দেশপ্ৰেমৰ বাবে, সামাজিক ভক্তিৰ বাবে। এই বাৰ্তাৰে আমাৰ ৱাৰকাৰী ভাই-ভনীসকলে প্ৰতি বছৰে পান্ধৰপুৰলৈ যায়। সেয়েহে, আজি দেশখনে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ মন্ত্ৰ অনুসৰণ কৰি আছে। চৰকাৰৰ প্ৰতিটো আঁচনিৰ লাভালাভ, সকলোৱে কোনো বৈষম্য নোহোৱাকৈ লাভ কৰি আছে। ৱাৰকাৰী আন্দোলনৰ ভাৱনাক শক্তিশালী কৰি দেশখনে মহিলা সশক্তিকৰণৰ বাবেও নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। আমাৰ ভগ্নীসকলে পুৰুষৰ দৰে ইমান শক্তিৰে ৱাৰীত খোজ কাঢ়ি আছে, যি সুযোগৰ সমতাৰ এক প্ৰতীক হৈ ৰৈছে।

 

বন্ধুসকল,

সন্ত তুকাৰামজীয়ে কৈছিল, ‘जे का रंज़ले गांज़ले, त्यांसी म्हणे जो आपुले। तोचि साधू ओलखावा, देव तेथे-चि-जाणावा।’ অৰ্থাৎ সমাজৰ অন্তিম শাৰীত বহি থকা ব্যক্তিজনক গ্ৰহণ কৰা, তেওঁলোকৰ কল্যাণ কৰা, এয়া হৈছে সাধুসকলৰ লক্ষণ। এয়াই হৈছে অন্ত্যোদয়ৰ সংকল্প, যাক লৈ আজি দেশ আগবাঢ়িছে। দলিত, বঞ্চিত, পিছপৰা, জনজাতীয়, দৰিদ্ৰ, শ্ৰমিকসকলৰ কল্যাণ আজি দেশৰ প্ৰথম অগ্ৰাধিকাৰ।

 

ভাই-ভনীসকল,

সাধুসকল নিজৰ ভিতৰতে এক শক্তিৰ দৰে যি বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত সমাজক গতি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। আপোনাসৱে চাওক, আনকি ছত্ৰপতি শিৱাজী মহাৰাজৰ দৰে ৰাষ্ট্ৰনায়কৰ জীৱনতো তুকাৰামজীৰ দৰে সাধুসকলে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যেতিয়া বীৰ সাভাৰকাৰজীক স্বাধীনতা সংগ্ৰামত শাস্তি দিয়া হৈছিল, তেতিয়া কাৰাগাৰত তেওঁ চিপলিৰ দৰে হাতকেৰেয়াক ‘চিপলী’ৰ দৰে বজাই তুকাৰামজীৰ অভং গাইছিল। বিভিন্ন সময়, বিভিন্ন ব্যক্তিত্ব, কিন্তু সন্ত তুকাৰামজীৰ কণ্ঠস্বৰ আৰু শক্তি সকলোৰে বাবে সমানে অনুপ্ৰেৰণাদায়ক! এয়া হৈছে সাধুসকলৰ মহিমা যাৰ বাবে ইয়াক ‘নেতি-নেতি’ বুলি কোৱা হয়।

 

বন্ধুসকল,

তুকাৰামজীৰ এই শৈল মন্দিৰত প্ৰণাম জনাই, আহাৰ মাহত পান্ধৰপুৰজীৰ যাত্ৰাও আৰম্ভ হ’ব। মহাৰাষ্ট্ৰৰ পান্ধৰপুৰ যাত্ৰা হওঁক, বা উৰিষ্যাৰ ভগৱান জগন্নাথৰ যাত্ৰাই হওঁক, নাইবা মথুৰাৰ ব্ৰজৰ পৰিক্ৰমাই হওঁক বা কাশীৰ পঞ্চকোশী পৰিক্ৰমাই হওঁক! চাৰধাম যাত্ৰাই হওঁক বা অমৰনাথজীৰ যাত্ৰাই হওঁক, এই যাত্ৰাবোৰ আমাৰ সামাজিক আৰু আধ্যাত্মিক গতিশীলতাৰ বাবে শক্তিৰ উৎসৰ দৰে। এই ভ্ৰমণসমূহৰ জৰিয়তে আমাৰ সাধুসকলে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আত্মাক জীয়াই ৰাখিছে। বৈচিত্ৰ্য সত্বেও,  হাজাৰ হাজাৰ বছৰ ধৰি ভাৰত এখন ৰাষ্ট্ৰ হিচাপে জাগ্ৰত হৈ আহিছে, কিয়নো এনেধৰণৰ যাত্ৰাই আমাৰ বৈচিত্ৰতাক সংযোগ কৰি আহিছে।

 

ভাই-ভনীসকল,

আমাৰ ৰাষ্ট্ৰীয় ঐক্য শক্তিশালী কৰাৰ বাবে, আমাৰ প্ৰাচীন পৰিচয় আৰু পৰম্পৰাক জীয়াই ৰখাটো আজি আমাৰ কৰ্তব্য। সেয়েহে, আজি যেতিয়া আধুনিক প্ৰযুক্তি আৰু আন্তঃগাঁথনি ভাৰতৰ উন্নয়নৰ সমাৰ্থক, আমি নিশ্চিত কৰিছোঁ যে উন্নয়ন আৰু ঐতিহ্য দুয়োটা একেলগে চলিব। আজি পান্ধৰপুৰ পাল্কি পথৰ আধুনিকীকৰণ কৰা হৈছে আৰু চাৰধাম যাত্ৰাৰ বাবে নতুন ঘাইপথো নিৰ্মাণ কৰা হৈছে। আজি অযোধ্যাত এক বিশাল ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, কাশী বিশ্বনাথ ধাম কমপ্লেক্সেও নতুন ৰূপ পাইছে, আৰু সোমনাথজীতো উন্নয়নৰ মহান কাম কৰা হৈছে। সমগ্ৰ দেশতে প্ৰসাদ আঁচনিৰ অধীনত তীৰ্থস্থান আৰু পৰ্যটনস্থলসমূহ বিকশিত কৰা হৈছে। ৰামায়ণত মহৰ্ষি বাল্মীকিয়ে উল্লেখ কৰা ভগৱান ৰামৰ সৈতে সম্পৰ্কিত স্থানবোৰো ৰামায়ণ চাৰ্কিট হিচাপে বিকশিত কৰা হৈছে। এই আঠ বছৰত বাবাচাহেব আম্বেদকাৰৰ পঞ্চ তীৰ্থসমূহো বিকশিত কৰা হৈছে। মহুত বাবাচাহেবৰ জন্মস্থানৰ বিকাশেই হওক, লণ্ডনত তেওঁ পঢ়া ঘৰটো স্মাৰকলৈ ৰূপান্তৰ কৰাই হওক, মুম্বাইৰ চৈত্য ভূমিৰ কামেই হওক, নাগপুৰত দীক্ষাভূমিৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিকাশেই হওক, দিল্লীৰ মহাপৰিনিৰ্বাণ স্থানত এটা স্মাৰক নিৰ্মাণেই হওক, এই পঞ্চতীৰ্থসমূহে নতুন প্ৰজন্মক বাবাহেবৰ স্মৃতিৰ সৈতে নিৰন্তৰ পৰিচয় কৰাই আহিছে।

 

বন্ধুসকল,

সন্ত তুকাৰামজীয়ে কৈছিল, “ असाध्य ते साध्य करीता सायास। कारण अभ्यास, तुका म्हणे।” অৰ্থাৎ, যদিহে সকলোৱে সঠিক দিশত চেষ্টা কৰে তেতিয়াহলে অসম্ভৱো সম্ভৱ হৈ পৰে। আজি স্বাধীনতাৰ ৭৫ তম বৰ্ষত দেশে ১০০ শতাংশ লক্ষ্য পূৰণ কৰাৰ সংকল্প লৈছে। দেশখনে দৰিদ্ৰ লোকসকলৰ বাবে যি আঁচনি চলাই আছে, তেওঁলোকক জীৱনধাৰণৰ মৌলিক প্ৰয়োজনীয়তা, যেনে বিদ্যুৎ, পানী, বাসস্থান আৰু চিকিৎসাৰ সৈতে সংযোগ কৰি আছে, আমি সেইবোৰ ১০০ শতাংশ লোকৰ ওচৰলৈ যাব লাগিব। একেদৰে, দেশখনে পৰিৱেশ, পানী সংৰক্ষণ আৰু নদী ৰক্ষাৰ দৰে অভিযান আৰম্ভ কৰিছে। আমি এক স্বাস্থ্যৱান ভাৰতৰ সংকল্প লৈছো। আমি এই সংকল্পবোৰো ১০০ শতাংশ পূৰণ কৰিব লাগিব। ইয়াৰ বাবে সকলোৰে প্ৰচেষ্টা, সকলোৰে অংশগ্ৰহণৰ প্ৰয়োজন। যদি আমি সকলোৱে দেশৰ সেৱাৰ এই দায়বদ্ধতাক আমাৰ আধ্যাত্মিক সংকল্পৰ অংশ কৰি লওঁ, তেন্তে দেশখনে ইয়াৰ পৰা লাভান্বিত হ’ব। আমি দেশক প্লাষ্টিক মুক্ত কৰাৰ সংকল্প লম, আমাৰ চাৰিওফালে থকা হ্ৰদ, পুখুৰীবোৰ পৰিষ্কাৰ কৰি ৰখাৰ সংকল্প ললে পৰিৱেশ সুৰক্ষিত কৰা হ’ব। অমৃত মহোৎসৱত, দেশে প্ৰতিখন জিলাত ৭৫ টা অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ সংকল্প লৈছে। যদিহে এই অমৃত সৰোবৰসমূহে আপোনালোক সকলো সাধুৰ আশীৰ্বাদ লাভ কৰে, যদি আপোনাসৱে ইয়াৰ নিৰ্মাণত সহযোগিতা আগবঢ়ায়, তেন্তে এই কামৰ গতি আৰু বৃদ্ধি পাব। দেশখনে এই সময়ত প্ৰাকৃতিক কৃষিক এক অভিযান হিচাপে আগুৱাই নিছে। এই প্ৰচেষ্টা ৱাৰকাৰী সাধুসকলৰ আদৰ্শৰ সৈতে সম্পৰ্কিত। আমি প্ৰাকৃতিক কৃষিক প্ৰতিখন খেতিপথাৰলৈ নিবলা হলে আমি একেলগে কাম কৰিব লাগিব। কেইদিনমানৰ পিছত আন্তৰ্জাতিক যোগ দিৱসো আহি আছে। আজি বিশ্বত যোগভ্যাসৰ যি বিকাশ হৈছে সেয়াও আমাৰ সাধুসকলৰ উপহাৰ। মই নিশ্চিত যে আপোনালোক সকলোৱে সম্পূৰ্ণ উৎসাহেৰে যোগ দিৱস উদযাপন কৰিব আৰু দেশৰ প্ৰতি এই কৰ্তব্য পালন কৰি নতুন ভাৰতৰ সপোন পূৰণ কৰিব। এই ভাবনাৰ সৈতে, মই বক্তৃতাৰ সামৰণি মাৰিছোঁ। আৰু মোক আপোনাসৱে যি সুযোগ দিলে, যি সন্মান দিলে তাৰ বাবে আপোনালোক সকলোকে মূৰ দোৱাই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ।

 

জয়-জয় ৰামকৃষ্ণ হৰি। জয়-জয় ৰামকৃষ্ণ হৰি। হৰ হৰ মহাদেৱ।

 

 ***

DS/TS/DK/AK/KG