Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৫০লাখত উপনীত হোৱাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


পিএম স্বনিধি আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৫০লাখত উপনীত হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে পিএম স্বনিধিয়ে কেৱল পদপথৰ দোকানীসকলৰ জীৱন সহজ কৰি তোলাই নহয়, বৰঞ্চ তেওঁলোকক মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰাৰো সুযোগ প্ৰদান কৰিছে৷

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটা পোষ্ট টুইটাৰত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“এই বৃহৎ সাফল্যৰ বাবে বহুত বহুত অভিনন্দন জনাইছো৷ মই সন্তোষ প্ৰকাশ কৰিছো যে পিএম স্বনিধিয়ে কেৱল দেশজুৰি আমাৰ পদপথৰ দোকানীসকলৰ জীৱন সহজ কৰি তোলাই নহয়, বৰঞ্চ তেওঁলোকক মৰ্যাদাপূৰ্ণ জীৱন অতিবাহিত কৰাৰো সুযোগ প্ৰদান কৰিছে৷”

 

इस बड़ी उपलब्धि के लिए बहुत-बहुत बधाई! मुझे संतोष है कि #PMSVANidhi योजना से ना सिर्फ देशभर के हमारे रेहड़ी-पटरी वालों का जीवन आसान हुआ है, बल्कि उन्हें सम्मान के साथ जीने का अवसर भी मिला है। https://t.co/tpfKtJdujs

— Narendra Modi (@narendramodi) October 4, 2023

 

***

DS/TS/DB/BM