Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে

পালি ভাষাত যুগুতোৱা ‘তিপিতকা’-ৰ এটি প্ৰতিলিপি দিয়াৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰীয়ে


 

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামান্য শ্ৰীমতী পেটোংটাৰ্ণ চিনাৱাট্ৰাক পালি ভাষাত তিপিতকাৰ এটি প্ৰতিলিপি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে আৰু যিটো ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে সেইটো ভাষাক এক সুন্দৰ ভাষা বুলি অভিহিত কৰে

এক্সৰ এটা পোষ্টত তেওঁ লিখিছে:

এয়া হৈছে অতিকে বিশেষ উপহাৰ!

পালি ভাষাত যুগুতোৱা তিপিতকাৰ এটা প্ৰতিলিপি মোক দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী পেটংটাৰ্ণ চিনাৱাট্ৰাৰ ওচৰত কৃতজ্ঞ। পালি সঁচাকৈয়ে এক সুন্দৰ ভাষা, এই ভাষাই ভগৱান বুদ্ধৰ শিক্ষাৰ সাৰতত্ব বহন কৰে। আপোনালোক সকলোৱে জানে, আমাৰ চৰকাৰে যোৱা বছৰ পালি ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল। সমগ্ৰ বিশ্বৰ লোকে এই সিদ্ধান্তক প্ৰশংসা কৰিছে আৰু ই গৱেষণাৰ লগতে এই ভাষা সন্দৰ্ভত কৰা অধ্যয়নক উৎসাহিত কৰিছে।

@ingshin”

 

*****

MJPS/SR/KB