Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাটনাৰ ৰাজহুৱা পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাত উদ্গনি


দুটা কৰিড’ৰযুক্ত পাটনা মেট্ৰ’ ৰে’ল প্ৰকল্পত কেবিনেটৰ অনুমোদন পাঁচ বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া ১৩,৩৬৫.৭৭ কোটি টকা ব্যয়সাপেক্ষ মেট্ৰ’ কৰিড’ৰৰ দৈৰ্ঘ্য(i ) দানাপুৰৰ পৰা মিঠাপুৰ (ii)পাটনা ৰে’ল ষ্টেচনৰ নতুন আইএছবিটি ২৬.৯৪ কিলোমিটাৰ আৰু পাটনা জংচনৰ পৰা নতুন আইএছবিটিলৈ ১৪.৪৫ কিলোমিটাৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত আনুমানিক ১৩,৩৬৫.৭৭ কোটি টকা ব্যয় সাপেক্ষ পাটনা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দুই কৰিড’ৰ ক্ৰমে (i) দানাপুৰৰ পৰা মিঠাপুৰ (ii)পাটনা ৰে’ল ষ্টেচনৰ নতুন আইএছবিটিৰ নিৰ্মাণত অনুমোদন জনাইছে৷

প্ৰকল্পৰ সবিশেষঃ

• এই প্ৰকল্প পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব৷

• দানাপুৰ কেণ্টনমেণ্টৰ পৰা মিঠাপুৰ কৰিড’ৰটো নগৰ হৈ ঘন বসতিপূৰ্ণ ৰাজা বজাৰ, সচিবালয়, উচ্চ ন্যায়ালয়, আইন বিশ্ববিদ্যালয় ৰে’ল ষ্টেচনক সংযোগ কৰিব৷

• পাটনা জংচনৰ পৰা আইএছবিটি কৰিড’ৰে গান্ধী ময়দান, পিএমচিএচ, পাটনা বিশ্ববিদ্যালয়, ৰাজেন্দ্ৰ নগৰ, মহাত্মা গান্ধী সেঁতু, টেন্সপ’ৰ্ট নগৰ আৰু আইএছবিটিক সংযোগ কৰিব৷

• এই মেট্ৰ’ই ৰাজহুৱা পৰিবহণৰ যাত্ৰী, ঔদ্যোগিক খণ্ডৰ কৰ্মী, পৰ্যটক আৰু ভ্ৰমণকাৰী লোকসকলক অনুকূল পৰিৱেশ তথা বহনযোগ্য সুবিধা প্ৰদান কৰিব৷

থোৰতে পাটনা মেট্ৰ’ প্ৰকল্প:

i. দানাপুৰৰ পৰা মিঠাপুৰ সংযোগী ১৬.৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ অধিকাংশ সুৰংগ পথ(১১.২০) তথা ১১টা ষ্টেচন(৩টা ওপৰত আৰু ৮টা ভূমিৰ তলত) আছে৷

ii. পাটনা ৰে’ল ষ্টেচনৰ নতুন আইএছবিটি সংযোগী ১৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অধিকাংশ ওপৰত (৯.৯ কিলোমিটাৰ) আৰু আংশিকভাৱে সুৰংগ পথ থকা লাইনত মুঠ ১২টা ষ্টেচন আছে৷

পাটনা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ জৰিয়তে পাটনাৰ অতি কমেও ২৬.২৩ লাখ লোক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে উপকৃত হ’ব৷

এই কৰিড’ৰ দুটা বিভিন্ন পৰিবহণ যেনে-বাছ, আইপিটি আৰু এনএমটিৰে সংযোগ কৰা হ’ব৷ এই প্ৰকল্পত ৰেণ্টেল আৰু বিজ্ঞাপনৰ জৰিয়তে ভাড়াবিহীন ৰাজহ আহৰণ কৰাৰ সমান্তৰালভাৱে ট্ৰেনজিত অৰিয়েণ্টেড ডেভেলপমেণ্ট আৰু টেন্সফাৰ অৱ ডেভেলপমেণ্ট ৰাইটৰ জৰিয়কে ভেল্যু কেপচাৰিং ফাইনেন্সিং(ভিচিএফ) সম্ভৱ কৰি তুলিব৷ ইয়াৰ জৰিয়তে আবাসিক এলেকাৰ লোকসকল বিশেষকভাৱে উপকৃত হ’ব৷

***

AKT/DB