Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাঞ্জিমৰ সৈতে ভাস্কোৰ সংযোগে জনসাধাৰণক সকাহ দিয়াৰ লগতে পৰ্যটন বৃদ্ধি কৰিব: প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় জলপথ-৬৮ নিৰ্মাণত আনন্দ প্ৰকাশ কৰে যাৰ ফলত গোৱাৰ পাঞ্জিমৰ পৰা ভাস্কোৰ মাজৰ দূৰত্ব ৯ কিলোমিটাৰ হ্ৰাস পাইছে আৰু এতিয়া এই যাত্ৰা মাত্ৰ ২০ মিনিটত সম্পূৰ্ণ কৰিব পাৰি। আগতে পাঞ্জিমৰ পৰা ভাস্কো দূৰত্ব প্ৰায় ৩২ কিলোমিটাৰ আছিল আৰু ভ্ৰমণৰ সময় আছিল প্ৰায় ৪৫ মিনিট।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ ৱাই নায়কৰ টুইট থ্ৰেডৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে গোৱাৰ পাঞ্জিমৰ পৰা ভাস্কোলৈ এই সংযোগে জনসাধাৰণক সকাহ দিয়াৰ লগতে পৰ্যটনৰ প্ৰসাৰ ঘটাব।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“পাঞ্জিম আৰু ভাস্কোৰ মাজত এই সংযোগে জনসাধাৰণক সকাহ দিয়াৰ লগতে পৰ্যটন বৃদ্ধি কৰিব। “

*****

DS/ST/MM