Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পাছলা কৃষ্ণ ভাৰতীৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে


 

মহাত্মা গান্ধীৰ আদৰ্শ সাৰোগত কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী নিষ্ঠাৱান গান্ধীবাদী পাছলা কৃষ্ণ ভাৰতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘এক্স’ত প্ৰেৰণ কৰা এক আন্তৰিক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“পাছলা কৃষ্ণ ভাৰতীজীৰ মৃত্যুত দুখ পাইছোঁ। তেওঁ গান্ধীবাদী মূল্যবোধৰ প্ৰতি সমৰ্পিত আছিল আৰু বাপুৰ আদৰ্শেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ আমাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত সক্ৰিয় হৈ থকা তেওঁৰ পিতৃ-মাতৃৰ উত্তৰাধিকাৰিত্বক আশ্চৰ্যজনকভাৱে আগবঢ়াই নিছিল। ভীমাৱৰমত অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত তেওঁক লগ পোৱাৰ কথা মোৰ মনত আছে। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi”

 

 

“పసల కృష్ణ భారతి గారి మరణం ఎంతో బాధించింది . గాంధీజీ ఆదర్శాలకు తన జీవితాన్ని అంకితం చేసిన ఆమె బాపూజీ విలువలతో దేశాభివృద్ధికి కృషి చేశారు . మన దేశ స్వాతంత్ర్య పోరాటంలో పాల్గొన్న తన తల్లితండ్రుల వారసత్వాన్ని ఆమె ఎంతో గొప్పగా కొనసాగించారు . భీమవరం లో జరిగిన కార్యక్రమంలో ఆమెను కలవడం నాకు గుర్తుంది .ఆమె కుటుంబానికీ , అభిమానులకూ నా సంతాపం . ఓం శాంతి : ప్రధాన మంత్రి @narendramodi”

 

 

***

MJPS/ST/KB