Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পশ্চিমবংগৰ শান্তিনিকেতনত অৱস্থিত বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ


মঞ্চত বিৰাজমান বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা ডাঙৰীয়ানী, পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰীমান কেশৰী নাথ ত্ৰিপাঠী ডাঙৰীয়া, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা বেনাৰ্জী ডাঙৰীয়ানী,বিশ্বভাৰতীৰ অধ্যাপক সবুজ কোলী সেন ডাঙৰীয়া আৰু ৰামকৃষ্ণ মিছন বিবেকানন্দ প্ৰতিষ্ঠানৰ উপাচাৰ্য পূজ্য স্বামী আত্মপ্ৰিয়ানন্দ জী আৰু ইয়াত উপস্থিত বিশ্বভাৰতীৰ অধ্যাপকবৃন্দ আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল।

মই পোনতে বিশ্বভাৰতীৰ আচাৰ্য হিচাপে আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা কৰিছো। কিয়নো মই যেতিয়া ৰাস্তাৰে আহি আছিলো, কেইজনমান ল’ৰাছোৱালীয়ে মোক ইংগিতেৰে বুজাই আছিল যে তেঁওলোকে খাবলৈ পানীও পোৱা নাই। আপোনালোক সকলোৰে যি অসুবিধাই নহওক কিয় আচাৰ্যৰ হিচাপে সেয়া দূৰ কৰাৰ ক্ষেত্ৰত মোৰো দায়িত্ব আছে আৰু সেইকাৰণে মই সৰ্বপ্ৰথমে আপোনালোক সকলোৰে ওচৰত ক্ষমা ভিক্ষা কৰিছো।

প্ৰধানমন্ত্ৰী হোৱাৰ বাবে মই দেশৰ বহুকেইখন বিশ্ববিদ্যলয়ৰ সমাবৰ্তনত অংশ লোৱাৰ সুযোগ লাভ কৰিছো।সেইসমূহ বিশ্ববিদ্যলয়ত মই এজন অতিথি হিচাপে অংশগ্ৰহণ কৰিছো, কিন্তু ইয়াত মই কেৱল এজন অতিথিয়েই নহয়, বৰঞ্চ আচাৰ্য হিচাপে মই ইয়ালৈ আহিছো।ইয়াত মোৰ যি ভূমিকা, সেয়া এই মহান গণতন্ত্ৰৰ বাবে সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰী পদৰ বাবে সম্ভৱ হৈছে। অৱশ্যে এই গণতন্ত্ৰও নিজস্বভাৱে এগৰাকী আচাৰ্যই, যিয়ে আমাৰ দেশৰ কোটি কোটি লোকক সেৱাৰ দ্বাৰা অনুপ্ৰাণিত কৰি আহিছে।গণতান্ত্ৰিক মূল্যৰ আলোকত যি প্ৰতিপালিত হয় আৰু শিক্ষিত হয় তেঁও শ্ৰেষ্ঠ ভাৰত আৰু শ্ৰেষ্ঠ ভবিষ্যতৰ নিৰ্মাণ কৰাত সহায়ক হয়।

আমাৰ ইয়াত কোৱা হয় যে আচাৰ্যত বিদ্যবিহিতা সাধিষ্ঠতম প্ৰাপ্যুতি ইতি অৰ্থাৎ আচাৰ্যৰ ওচৰলৈ যোৱা, তেঁওৰ অবিহনে বিদ্যা, শ্ৰেষ্ঠতা আৰু সফলতা নাপাবা।এয়া মোৰ সৌভাগ্য যে গুৰুদেৱ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এই পৱিত্ৰ ভূমিত ইমান কেইগৰাকী আচাৰ্যৰ মাজত আজি মই কিছুসময় কটোৱাৰ সুযোগ পাইছো।

যিদৰে কোনো মন্দিৰ প্ৰাংগনত আপুনি মন্ত্ৰোচ্চাৰণৰ গুণগুণনি অনুভৱ হয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত প্ৰৱেশ কৰিয়েই অনুৰূপ এক অনুভৱ হৈছে মোৰ। এইমাত্ৰ মই যেতিয়া গাড়ীৰ পৰা নামি মঞ্চৰ দিশে আহি আছিলো, তেতিয়া প্ৰতিটো খোজতে মই ভাবি আছিলো এদিন এই ভূমিত, ইয়াৰ ধূলিকণাত গুৰুদেৱৰ ভৰিৰ খোজো পৰিছিল। ইয়াতেই কৰবাত বহি তেঁও কাগজত শব্দৰ মালা গাঁঠিছিল।কেতিয়াবা হয়তো কোনো এটি সুৰ, কোনো এটি গীতৰ কলি গুণগুনাইছিল। কোনোবা এদিন হয়তোবা মহাত্মা গান্ধীৰ সৈতে সুদীৰ্ঘ সময় ধৰি আলাপত মগন হৈছিল।কেতিয়াবা হয়তো কোনো ছাত্ৰক জীৱনৰ,ভাৰতৰ, ৰাষ্ট্ৰৰ স্বাভিমানৰ অৰ্থ বুজাই দিছিল।

বন্ধুসকল, আজি এই প্ৰাংগনত আমি পৰম্পৰা পালনৰ উদ্যেশ্যে উপস্থিত হৈছো।এই অমৰকুঞ্জ প্ৰায় এটা শতিকাজুৰি এনে বহু অনুষ্ঠানৰ সাক্ষী হৈ আহিছে।বিগত কিছুবছৰ ধৰি আপোনালোকে ইয়াত যি শিক্ষা লাভ কৰি আহিছে, তাৰ এটা পৰ্যায় আজি সম্পূৰ্ণ হৈছে। আপোনালোকৰ মাজৰ যিসকল শিক্ষাৰ্থীয়ে আজি ডিগ্ৰী লাভ কৰিছে তেঁওলোকক মই অন্তৰেৰে বহুত বহুত অভিনন্দন জনাইছোআগত ভৱিষ্যতৰ বাবে তেঁওলোকক অসীম শুভকামনাও যাঁচিলো।আপোনালোকৰ এই ডিগ্ৰী আপোনালোকৰ শৈক্ষিক যোগ্যতাৰ প্ৰমাণ।সেইকাৰণে এই ডিগ্ৰী অতি গুৰুত্বপূৰ্ণ। কিন্তু আপোনালোকে ইয়াত কেৱল এই ডিগ্ৰীটোৱেই যে লাভ কৰিলে তেনে নহয়।

আপোনালোকে ইয়াত যি শিক্ষা লাভ কৰিলে, যি পালে সেয়া অমূল্য।আপোনালোক এক সমৃদ্ধ পৰিয়ালৰ সন্তান। আপোনালোকৰ সম্পৰ্ক এনে এক গুৰু-শিষ্য পৰম্পৰাৰ সৈতে ঘটিছে, যি যিমানেই পৌৰাণিক সিমানেই আধুনিকো।

বৈদিক আৰু পৌৰাণিক কালত যি পৰম্পৰা আমাৰ ঋষি-মুনি সকলে প্ৰবৰ্তন কৰিছিল, সেই পৰম্পৰাক আমাৰ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে আগবঢ়াই লৈ গৈছে। আজি আপোনালোকক যি সপ্তপৰ্ণী তৰু দিয়া হৈছে, সেয়া কেৱল একোটা গছৰ পুলি মাত্ৰ নহয়বৰং এক মহান বাৰ্তা। প্ৰকৃতিয়ে কিদৰে আমাক এজন মানুহ হিচাপে,এখন ৰাষ্ট্ৰ হিচাপে উত্তম শিক্ষা দিব পাৰে এয়া তাৰেই এক পৰিচায়ক,তাৰেই এক দৃষ্টান্ত।এয়াই এই অতুলনীয় সংস্থাৰ আঁৰত থকা ভাৱনা, এয়াই গুৰুদেৱৰ চিন্তা, যিয়ে বিশ্বভাৰতীৰ আধাৰশিলা গঢ়িছে।

ভাই-ভনীসকল, যত্ৰ বিশ্বম ভৱেতেক নিৰম,অৰ্থাৎ সমগ্ৰ বিশ্বই এটা নীড়,এখন ঘৰ।এয়া বেদৰো শিক্ষা।যি বাণীক গুৰুদেৱে অতি মূল্যসহকাৰে বিশ্বভাৰতীৰ মূল বাক্য হিচাপে মানি লোৱা হৈছে। এই বেদ মন্ত্ৰত ভাৰতৰ সমৃদ্ধ পৰম্পৰাৰ সাৰ লুকাই আছে। গুৰুদেৱে বিচাৰিছিল এয়া এনে এক স্থানত পৰিণত হঁওক যাক সমগ্ৰ বিশ্বই আপোন গৃহ বুলি মানি লয়।নীড় আৰু ঘৰক য’ত একেই বুলি ধৰি লোৱা হয়। য’ত সমগ্ৰ বিশ্বকেই সমাহিত কৰাৰ চিন্তা জড়িত হৈ থাকে। এয়াই ভাৰতীয়ত্ব। এয়াই বসুধৈব কুটুম্বকমৰ মন্ত্ৰ।যি সহস্ৰ বৰ্ষ ধৰি ভাৰত ভূমিত গুঞ্জৰিত হৈ আহিছে আৰু এই মন্ত্ৰৰ বাবেই গুৰুদেৱে সমস্ত জীৱন সমৰ্পিত কৰিছিল।

বন্ধুসকল, বেদ, উপনিষদৰ ভাৱনা সহস্ৰ বছৰ পূৰ্বে যিমান সাৰ্থক আছিল, সিমানেই সাৰ্থক আছিল গুৰুদেৱে এশ বছৰ পূৰ্বে শান্তিনিকেতনত খোজ থোৱাৰ সময়তো। আজি একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ সৈতে সংগ্ৰাম কৰি অহা বিশ্বৰ বাবেও সেইসমূহ সমানেই প্ৰাসংগিক।আজি প্ৰতিখন ৰাষ্ট্ৰই যে সীমাৰ পৰিধিৰে আৱদ্ধ সেইকথা সঁচা। কিন্তু এই কথাও সঁচা যে ভূ-ভাগৰ মহান পৰম্পৰাক আজি বিশ্বই গোলকীকৰণৰ ৰূপত লাভ কৰিছে।আজি ইয়াত আমাৰ সতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাও উপস্থিত আছে।দুখন দেশৰ প্ৰধানমন্ত্ৰী একত্ৰে এখন বিশ্ববিদ্যালয়ৰ সমাবৰ্তনত উপস্থিত থকাৰ এনে সুযোগ কাচিৎহে পোৱা যায়।

ভাৰত আৰু বাংলাদেশ দুখন ৰাষ্ট্ৰ, কিন্তু আমাৰ কল্যাণ এখনে আনখনৰ সৈতে কৰা সমন্বয় ৰক্ষা আৰু সহযোগেৰে বান্ধ খাই আছে।সংস্কৃতিয়েই হঁওক বা জননীতি, আমি পৰস্পৰে পৰস্পৰৰ পৰা বহুত কিবাকিবি শিকিব পাৰিছো।ইয়াৰেই এক উদাহৰণ বাংলাদেশ ভৱন।যিটো আৰু কিছুসময় পিছতেই আমি দুয়োগৰাকীয়ে গৈ মুকলি কৰিম। এই ভৱনটোও গুৰুদেৱৰ ভৱিষ্যদৰ্শনৰেই প্ৰতিবিম্ব।

বন্ধুসকল, মই কেতিয়াবা কেতিয়াবা এই কথা ভাবি আচৰিত হঁও যে গুৰুদেৱৰ ব্যক্তিত্বই কেৱল নহয়, তেঁওৰ যাত্ৰাসমূহৰ বিস্তাৰো কিমান যে ব্যাপক আছিল।বিদেশ যাত্ৰাৰ সময়ত এনে বহু লোক মই লগ পাঁও যিসকলে মোক কয় যে ঠাকুৰে কিমান বছৰ পূৰ্বেই সেই দেশলৈ গৈছিল।সেই সমূহ দেশত আজিও বহুত সন্মান সহকাৰে গুৰুদেৱৰ স্মৰণ কৰা হয়।মানুহে ঠাকুৰৰ সৈতে নিজকে জড়িত কৰাৰ প্ৰয়াস কৰে।

মই যদি আফগানিস্তানলৈ যাঁও তেনেহ’লে প্ৰতিজন আফগানিস্তানীয়ে কাবুলীৱালাৰ কাহিনীৰ কথা কৈয়েই থাকে।অতি গৰ্বেৰে তেঁওলোকে সেইকথা কয়।তিনিবছৰ পূৰ্বে মই তাজাকিস্তানলৈ যাঁওতে তাত মই গুৰুদেৱৰ এক মূৰ্ত্তি উন্মোচন কৰাৰ সুযোগ পাইছিলো।গুৰুদেৱৰ বাবে তাৰ মানুহৰ যি আদৰ-সন্মান, সেয়া মই কাহানিও পাহৰিব নোৱাৰিম।

পৃথিৱীৰ অনেক বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰনাথ ঠাকুৰ আজি এক অধ্যয়নৰ বিষয়।তেঁওৰ নামত আসন আছে।মই যদি কঁও যে গুৰুদেৱ পূৰ্বতেও বিশ্ব নাগৰিক আছিল আৰু আজিও, তেন্তে সেয়া ভুল কোৱা নহ’ব।আজি এই সুযোগতে গুজৰাটৰ সৈতে তেঁওৰ যি সম্পৰ্ক তাৰ বৰ্ণনা কৰাৰ লোভ মই সামৰিব পৰা নাই।গুৰুদৱৰ গুজৰাটৰ সৈতেও এক বিশেষ সম্পৰ্ক আছে।অসামৰিক সেৱাত যোগদান কৰা প্ৰথম ভাৰতীয় গুৰুদেৱৰ জ্যেষ্ঠ ভ্ৰাতৃ সত্যেন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়া দীৰ্ঘকাল ধৰি আহমদাবাদতো আছিল।সম্ভৱতঃ তেঁও সেই সময়ত আহমদাবাদৰ কাশীনগৰত আছিলতদুপৰি মই কৰবাত পঢ়িছিলো যে অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ পূৰ্বে সত্যেন্দ্ৰনাথ ডাঙৰীয়াই নিজৰ অনুজ ভাতৃক ছয় মাহ পৰ্যন্ত ইংৰাজী সাহিত্য অধ্যয়ন আহমদাবাদতেই কৰোৱাইছিল।গুৰুদেৱৰ বয়স তেতিয়া মাত্ৰ ১৭ বছৰ আছিল।আহমদাবাদত থকাৰ এই সময়ছোৱাতে গুৰুদেৱে তেঁওৰ জনপ্ৰিয় উপন্যাস খুদিতোপাশানৰ গুৰুত্বপূৰ্ণ কিছু অংশ আৰু কিছুসংখ্যক কবিতাও লিখিছিল।অৰ্থাৎ এটা দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে গুৰুদেৱে বিশ্ব প্ৰেক্ষাপটত উজলি উঠাৰ ক্ষেত্ৰত একো একোটা ক্ষুদ্ৰ ক্ষুদ্ৰ ভূমিকা ভাৰতৰ প্ৰতিটো কোণৰেই আছে, ইয়াৰ ভিতৰত গুজৰাটো আছে।

বন্ধুসকল, গুৰুদেৱে বিশ্বাস কৰিছিল যে প্ৰত্যেক ব্যক্তিৰ জন্ম কিবা নহয় কিবা লক্ষ্য প্ৰাপ্তিৰ কাৰণে হয়।প্ৰতিজন শিশুৱে যাতে নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেঁওলোকক যোগ্য কৰি তোলাৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বপূৰ্ণ অৱদান আছে।তেখেতে শিশুসকলৰ বাবে কেনেধৰণৰ শিক্ষা বিচাৰিছিল তাৰ এক আভাস তেঁওৰ কবিতা Power of Affection ত আমি অনুভৱ কৰিব পাৰো।তেঁও কৈছিল যে বিদ্যলয়ত প্ৰদান কৰা শিক্ষাই কেৱল শিক্ষা নহয়।শিক্ষা হ’ল ব্যক্তিৰ সকলো দিশৰ পৰা হোৱা সন্তুলিত বিকাশ, যাক সময় আৰু স্থানৰ পৰিসীমাৰে বান্ধি ৰাখিব নোৱাৰি।সেইকাৰণেই গুৰুদেৱে সদায়েই ভাৰতীয় ছাত্ৰসকলে বাহিৰত কৰি থকা যিকোনো কামৰ বিষয়ে নিজে ভালদৰে অবগত হৈ থকাটো বিচাৰিছিল।অইন দেশৰ লোকে কিদৰে থাকে,তেঁওলোকৰ সামাজিক মূল্যবোধ কেনে,তেঁওলোকৰ সাংস্কৃতিক উত্তৰাধিকাৰ কি সেই বিষয়ে জনাৰ ক্ষেত্ৰতো তেঁও সাদয়েই জোৰ দিছিল।কিন্তু ইয়াৰ লগতে তেঁও এই কথাও কৈছিল যে ভাৰতীয়ত্ব কেতিয়াও পাহৰি যাব নালাগে।

মই জানিব পাৰিছো যে এবাৰ আমেৰিকালৈ কৃষিৰ বিষয়ে অধ্যয়ন কৰিবলৈ যোৱা নিজৰ জোঁৱায়েকলৈ চিঠি লিখিও তেঁও এই কথা বিস্তাৰিতভাৱে বুজাইছিল।গুৰুদেৱে লগতে নিজৰ জোঁৱায়েকলৈ লিখিছিল যে তাত কেৱল কৃষিৰ বিষয়ে অধ্যয়ন কৰাটোৱে যথেষ্ট নহয়।বৰং স্থানীয় লোকৰ সৈতে মিলামিচা কৰাটোও তোমাৰ শিক্ষাৰ অংশ।তাৰপিছত তেঁও লিখিছিল যে তাৰ মানুহক জনাৰ পাছত তুমি নিজে ভাৰতীয় হোৱাৰ পৰিচয় হেৰুৱাবলৈ ধৰা যদি কোঠাৰ তলা মাৰি তাৰ ভিতৰতেই সোমাই থাকিবা।

ভাৰতীয় ৰাষ্ট্ৰীয় আন্দোলনত ঠাকুৰৰ এই শৈক্ষিক আৰু ভাৰতীয়ত্বত ওতঃপ্ৰোতঃ দৰ্শন এক পাথেয় স্বৰূপ হৈ পৰিছিল।তেঁওৰ জীৱন ৰাষ্ট্ৰীয় আৰু বিশ্বজনীন চিন্তাধাৰাৰ সামবেশ আছিল যি আমাৰ পুৰাতন পৰম্পৰাৰ অংশ।ইয়ালৈ আহি বিশ্বভাৰতীত শিক্ষাৰ অন্য এখন জগত সৃষ্টি কৰাৰ এয়াও এক কাৰণ।সৰলতা ইয়াৰ শিক্ষাৰ মূল সিদ্ধান্ত। শ্ৰেণীসমূহ আজিও গছৰ তলত মুকলি বতাহত অনুষ্ঠিত কৰা হয়।য’ত মানুহ আৰু প্ৰকৃতিৰ মাজত প্ৰত্যক্ষ আলাপ হয়।সংগীত, চিত্ৰকলা,নাট্য,অভিনয় প্ৰমুখ্যে মানৱ জীৱনৰ যিমান সৃষ্টিশীল দিশ আছে, সকলোৰে বিকাশ সাধন কৰা হয় প্ৰকৃতিৰ কোলাত বহি।

মই আনন্দিত যে যি সমূহ সপোনৰ সৈতে গুৰুদেৱে এই মহান প্ৰতিষ্ঠানৰ লক্ষ্য স্থিৰ কৰিছিল সেইসমূহ পূৰ্ণ কৰাৰ দিশত ই নিৰন্তৰ আগবাঢ়ি গৈ আছে। শিক্ষাক দক্ষতা বিকাশৰ সৈতে জড়িত কৰি তাৰ মাধ্যমত সাধাৰণ মানৱী জীৱনৰ স্তৰক উৰ্ধলৈ নিয়াৰ প্ৰয়াসত ব্ৰতী হৈ আছে।

মই জানিব পাৰিছো যে ইয়াৰ প্ৰায় ৫০ খন গাঁওত আপোনালোকে একেলগ হৈ, আপোনালোকে গাঁওবাসীৰ সৈতে মিলি বিকাশৰ লক্ষ্যৰে কাম কৰি আহিছে।আপোনালোকৰ এই প্ৰয়াসৰ কথা যেতিয়া মোক কোৱা হ’ল, তেতিয়া আপোনালোকৰ ওপৰত মোৰ আশা আৰু আকাংক্ষা আৰু অলপ বাঢ়ি গ’ল।আশা তেঁওলোকৰ প্ৰতিহে বাঢ়ে,যিসকলে কিবা এটা কৰে।আপোনালোকে কৰিছে সেয়ে মোৰ আপোনালোকৰ পৰা আকাংক্ষা আৰু অধিক বাঢ়ি গৈছে।

বন্ধুসকল, ২০২১ চনত এই মহান সংস্থাৰ শত বৰ্ষ পূৰ্ণ হ’ব। যি প্ৰয়াস আজি আপোনালোকে ৫০ খন গাঁৱত কৰি আছে সেই প্ৰয়াস আপোনালোকে আগন্তুক এশ বা দুশ গাঁৱলৈ লৈ যাব পাৰে।মোৰ আশা এই প্ৰয়াসক দেশৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে সংযুক্ত কৰক। যেনে, আপোনালোকে এই সংকল্প গ্ৰহণ কৰিব পাৰে যে ২০২১ চন পৰ্যন্ত অৰ্থাৎ এই সংস্থাৰ শতাব্দী পালন কৰালৈকে আমি এশ গাঁও বিকশিত কৰিম। এই গাঁওবোৰৰ প্ৰতি ঘৰতে বিজুলী সংযোগ হ’ব,ৰন্ধন গেছ সংযোগ হ’ব, শৌচালয় হ’ব,মাতৃ আৰু শিশুৰ টীকাকৰণ হ’ব, প্ৰতিটো পৰিয়ালৰে মানুহে ডিজিটেল লেনদেন কৰিবলৈ জনা হ’ব।তেঁওলোকে সমূহীয়া সেৱা কেন্দ্ৰলৈ গৈ গুৰুত্বপূৰ্ণ প্ৰপত্ৰ আদি অনলাইন পূৰণ কৰিবলৈকো জনা হ’ব।

আপোনালোকে এই কথা ভালদৰেই জানে যে উজ্জলা আঁচনিৰ জৰিয়তে দি থকা ৰন্ধন গেছৰ সংযোগ আৰু স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে নিৰ্মাণ কৰা শৌচালয়সমূহে মহিলাসকলৰ জীৱন সহজ কৰি তোলাৰ কাম কৰিছে।গাঁওসমূহত আপোনালোকৰ প্ৰয়াস শক্তিৰ উপাসক, এই ভূমিত নাৰী শক্তিক শক্তিশালী কৰাৰ কাম কৰিব আৰু ইয়াৰ বাহিৰে এই শতখন গাঁওক প্ৰকৃতিপ্ৰেমী,প্ৰকৃতি পূজন গাঁও হিচাপে কিদৰে গঢ়ি তোলা যায়, সেই প্ৰয়াসো কৰিব পাৰি।আপোনালোকে প্ৰকৃতি সংৰক্ষণৰ বাবে যিদৰে কাম কৰি আহিছে ঠিক তেনেদৰে এই গাঁওসমূহো আপোনালোকৰ অওভিযানৰ অংশ হৈ পৰিব।অথৱা এই এশখন গাঁৱে জল ভাণ্ডাৰৰ পৰ্যাপ্ত ব্যৱস্থা বিকশিত কৰি জল সংৰক্ষণ কিদৰে কৰিব পাৰি সেই লক্ষ্য লৈয়ো আগবাঢ়িব পাৰে।খৰি হিচাপে গছ ব্যৱহাৰ নকৰি বায়ু সংৰক্ষণ কৰাৰ কথাও ভাৱিব পাৰে।স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি, জৈৱিক খাদ্যৰ ব্যৱহাৰ কৰি ভূমি সংৰক্ষণ কৰাৰ কথাও চিন্তা কৰিব পাৰে।

ভাৰত চৰকাৰৰ গোবৰ ধন আঁচনিৰ পূৰ্ণ লাভ আদায়ৰ চেষ্টা কৰিব পাৰি।এনে আৰু বহুতো গুৰুত্ব্পূৰ্ণ কাম আছে যিবোৰৰ কৰ্ম তালিকা প্ৰস্তুত কৰি আপোনালোকে সেই কাম সমাধা কৰাৰ প্ৰয়াস কৰিব পাৰে।

বন্ধুসকল, আজি আমি বেলেগ বেলেগ বিষয়ত বেলেগ বেলেগ প্ৰত্যাহ্বানৰ মাজত জীয়াই আছো। স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়লৈকে অৰ্থাৎ ২০২২ চনৰ ভিতৰত এশ কোটি দেশবাসীয়ে নৱ ভাৰত গঢ়াৰ সংকল্প লৈছে। এই সংকল্প পূৰণত শিক্ষা আাৰু শিক্ষাৰ সৈতে সংযুক্ত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।এনে সংস্থাৰ পৰা ওলোৱা যুৱচামে দেশক নতুন শক্তি দিয়ে।এক নতুন দিশ দৰ্শন কৰোৱায়।আমাৰ বিশ্ববিদ্যালয়খন কেৱল শিক্ষাৰ সংস্থান নহয়।সামাজিক জীৱনৰো যাতে ই সক্ৰিয় অংশীদাৰ হয়,তাৰবাবে প্ৰয়াস নিৰন্তৰ অব্যাহত আছে।

চৰকাৰৰ দ্বাৰা চালিত উন্নত ভাৰতৰ অভিযানৰ বাবে বিশ্ববিদ্যালয়সমূহক গাঁওৰ বিকাশৰ সৈতে সংযুক্ত কৰা হৈছে।গুৰুদেৱৰ ভৱিষ্যদৰ্শনৰ লগে লগে নৱ ভাৰতৰ আৱশ্যকতা ওনুসৰি আমাৰ শিক্ষা ব্যৱস্থাক সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অহৰহ প্ৰচেষ্টাৰত।

এইবাৰ বাজেট Revitalising Infrastructure & System in Education ( RISE)নামৰ এখন নতুন আঁচনি আৰম্ভ কৰাৰ ঘোষণা কৰা হৈছে।ইয়াৰ জৰিয়তে আগন্তুক চাৰি বছৰত দেশৰ শিক্ষা ব্যৱস্থা শুধৰাবলৈ এক লাখ কোটি টকা ব্যয় কৰা হ’ব। Global Initiative of Academic Network বা GIAN আৰম্ভ কৰা হৈছে।ইয়াৰ মাধ্যমত ভাৰতীয় সংস্থাসমূহে শিক্ষাদানৰ বাবে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষকসকলক আমন্ত্ৰিত কৰা হৈছে।

শৈক্ষিক সংস্থাসমূহে যাতে পৰ্যাপ্ত সুবিধা লাভ কৰে তাৰ বাবে এহেজাৰ কোটি টকা বিনিয়োগৰ লগতে Higher Education Financiing Agency আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰমুখ্য শৈক্ষিক সংস্থাসমূহত High Quality Infrastructure ৰ বাবে বিনিয়োগ কৰাৰ ক্ষেত্ৰত সহায় লাভ কৰিব পৰা হ’ব।কম বয়সতে উদ্ভাৱনৰ মনোভাৱ গঢ়ি তোলাৰ বাবে এই পৰ্যন্ত এই দিশত সমগ্ৰ দেশৰ ২৪০০ বিদ্যালয়ক বাছনি কৰা হৈছে।এই বিদ্যালয়সমূহত Atal Tinkering Lab ৰ মাধ্যমেৰে আমি ষষ্ঠৰ পৰা দ্বাদশ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ওপৰত জোৰ দিছো।এই পৰীক্ষাগাৰ সমূহত ছাত্ৰ-ছাত্ৰীসকলক আধুনিক কৌশলৰ সৈতে পৰিচিত কৰোৱা হয়।

বন্ধুসকল, আপোনালোকৰ এই প্ৰতিষ্ঠান শিক্ষাৰ জৰিয়তে উদ্ভাৱনৰ জীৱন্ত প্ৰমাণ।বিশ্বভাৰতীৰ ১১০০ ৰো অধিক শিক্ষাৰ্থীয়ে উদ্ভাৱনক আগবঢ়াই নিবলৈ আৰম্ভ কৰা আঁচনিৰ অধিক লাভ আদায় কৰিব।আপোনালোক সকলোৱে ইয়াৰ পৰা অধ্যয়ন কৰি ওলাই যাব।গুৰুদেৱৰ আশীৰ্বাদত আপোনালোকে এক ভৱিষ্যদৰ্শন লাভ কৰিছে।আপোনালোকে নিজৰ লগত বিশ্বভাৰতীৰ পৰিচয় লৈ যাব। ইয়াৰ গৌৰৱক আৰু অধিক উচ্চত সংস্থাপিত কৰিবলৈ আপোনালোকে যেন নিৰন্তৰ প্ৰয়াস কৰে,মোৰ সেয়ে কামনা।কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰই ইজৰ উদ্ভাৱনৰ জৰিয়তে, নিজৰ কামৰ জৰিয়তে ৫০০ বা হেজাৰ লোকৰ জীৱন পৰিবৰ্তনৰ পথত আগুৱাই নিয়াৰ দৰে বাতৰি যেতিয়া সংবাদ মাধ্যমত পৰিবেশিত হয়, তেতিয়া মানুহে সেই প্ৰতিষ্ঠানটোকো সেৱা জনায়।

গুৰুদৱে কোৱা সেই কথাষাৰ—“যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো ৰে”—যদি আপোনাৰ আহ্বান শুনিও কোনেও আগবাঢ়ি নাহে, তেন্তে নিজৰ লক্ষ্যৰ দিশত অকলেই গৈ থাকা—এই কথাষাৰ আপোনালোকে সদায়েই মনত ৰাখিব।কিন্তু মই আজি ইয়ালৈ আপোনালোকক ক’বলৈ আহিছো যে আপুনি যদি এখোজ আগবঢ়ায় , তেন্তে আপোনাৰ সৈতে চাৰি খোজ আগবাঢ়ি যাবলৈ চৰকাৰ প্ৰস্তুত আছে।

জনগণৰ সৈতে অংশীদাৰ হৈ আগবাঢ়ি যোৱা খোজেহে আমাৰ দেশক ২১ শতিকাৰ লক্ষ্যলৈ লৈ যাব পাৰিব।যি লক্ষ্যৰ অধিকাৰী এই দেশ। গুৰুদেৱেও এই সপোন দেখিছিল।

বন্ধুসকল, গুৰুদেৱে মৃত্যুৰ কিছুদিন পূৰ্বে গান্ধীজীক কৈছিল যে বিশ্বভাৰতী এনে এখন জাহাজ য’ত তেঁওৰ জীৱনৰ বহুমূল্যবান সম্পত্তি ৰাখি থোৱা হৈছে।তেঁও আশা প্ৰকাশ কৰিছিল যে ভাৰতৰ মানুহে এই বহুমূলীয়া সম্পত্তিক সুন্দৰভাৱে সংৰক্ষিত কৰি ৰাখিব।গতিকে এই সম্পত্তি কেৱল সজাই পৰাই, সংৰক্ষণ কৰি ৰখাটোৱে কেৱল নহয়, বৰং সমৃদ্ধ কৰাৰ দায়িত্বও আমাৰ ওপৰত ন্যস্ত হৈ আছে।বিশ্বাভাৰতী বিশ্ববিদ্যালয়ে নৱ ভাৰতৰ লগে লগে বিশ্বকো নতুন মাৰ্গ দেখুৱাব।এই কামনাৰে মই মোৰ বক্তব্য সামৰিছো।

আপুনি নিজে আৰু আপোনাৰ পিতৃ-মাতৃয়েও এই প্ৰতিষ্ঠান আৰু এই দেশৰ সপোনসমূহ সাকাৰ কৰক, তাৰ বাবে আপোনালোকক আকৌ এবাৰ বহুত বহুত শুভকামনা,বহুত বহুত ধন্যবাদ।

 

 

*****

AKT/ S H/BM/M